ETV Bharat / state

পাণবজাৰ থানাত জেৰা, সাংবাদিকক চিঞৰি কি ক'লে ভিক্টৰ দাসে ? - Victor das reaction before journalist

৭ দিনৰ আৰক্ষীৰ জিম্মাত থকা ভিক্টৰ দাসক পাণবজাৰ থানাত জেৰা চলাই থকা হৈছে (Victor Das interrogated at Panbazar police station)। এই জেৰাৰ মাজতে সাংবাদিকক চিঞৰি কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'লে ভিক্টৰে । পুত্ৰৰ ন্যায়ৰ অপেক্ষা ভিক্টৰৰ মাতৃৰ ।

Victor
পাণবজাৰ থানাত জেৰা
author img

By

Published : Sep 14, 2022, 7:02 PM IST

Updated : Sep 14, 2022, 8:47 PM IST

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : ৰাজ্যত এতিয়া নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ (Assam recruitment scam)। নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় কেইবাটাও ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে । এফালে যদি চাকৰিৰ দালালক গ্ৰেপ্তাৰ কৰিছে (Job broker arrested) আনফালে আকৌ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে উঠিছে চাকৰিৰ নামত ধন বিচৰাৰ অভিযোগ । আনহাতে শেহতীয়াকৈ হৈ যোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ নিযুক্তিত ধনৰ লেনদেনক লৈ অভিযোগ কৰি গ্ৰেপ্তাৰ হৈছে ভিক্টৰ দাস ।

পাণবজাৰ থানাত ভিক্টৰ দাসক জেৰা চলাই থকা হৈছে (Victor Das arrested)। জেৰাৰ মাজতে বুধবাৰে ভিক্টৰে সাংবাদিকক চিঞৰি ক'লে,"সত্যৰ সদায় জয় । আমি কৰিবই লাগিব । চব কৈ আছোঁ ।" এই মন্তব্যৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে নিজৰ স্থিতিত এতিয়াও অটল ভিক্টৰ দাস । স্বাস্থ্য পৰীক্ষাৰ বাবে পাণবজাৰ থানাৰ পৰা ধীৰেনপাৰা এফ আৰু ইউ লৈ যোৱাৰ সময়তে সাংবাদিকক চিঞৰি এই মন্তব্য কৰে ভিক্টৰ দাসে (Victor das reaction before journalist)।

পাণবজাৰ থানাত জেৰা, সাংবাদিকক চিঞৰি কি ক'লে ভিক্টৰ দাসে ?

আনহাতে ন্যায়ৰ অপেক্ষাত আছে ভিক্টৰ দাসৰ মাতৃ । সাংবাদিকৰ আগত তেওঁ কয় যে ভিক্টৰৰ বিৰুদ্ধে লগোৱা ধাৰা প্ৰযোজ্য নহয় । তেওঁৰ মতে চৰকাৰে অনুস্থিত কৰা পৰীক্ষাত কোনো সন্দেহ নাই কিন্তু ভিক্টৰে মিছা কোৱা নাই ।

ভিক্টৰৰ মাতৃৰ মতে তেওঁৰ পুত্ৰৰ ন্যায়ৰ বাবে ওলাই আহিব নালাগে ছাত্ৰ-ছাত্ৰী, ঘৰৰ পৰাই আশীৰ্বাদ কৰিবলৈ তেওঁ আহ্বান জনায় (Victor das mother reaction)। ইফালে ২০২১ চনৰ পৰা টেট শিক্ষক হিচাপে কৰ্মৰত হৈ আছে ভিক্টৰ দাস । মাতৃয়ে উল্লেখ কৰা মতে ভিক্টৰ কোচিং ইনষ্টিটিউটৰ মালিক নহয়, শিক্ষক হিচাপে হে কৰ্মৰত । ভিক্টৰৰ পিতৃও দুৰ্নীতিৰ বিৰোধিতা কৰি হত্যাকাণ্ডৰ বলি হৈছিল ।

ভিক্টৰৰ মাতৃয়ে উল্লেখ কৰা মতে ৮ জনীয়া এটা দলে ৰে'ল বিভাগৰ প্ৰশ্নকাকত কেলেংকাৰীত জড়িত আছিল । সেই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল ভিক্টৰৰ পিতৃয়ে । যাৰ বাবে ঘৰৰ পৰা মাতি নি ভিক্টৰৰ পিতৃক হত্যা কৰিছিল বুলিও মাতৃয়ে উল্লেখ কৰে ।

উল্লেখ্য যে ভিক্টৰ দাসে তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰিছিল । তেওঁ অভিযোগ কৰা মতে প্ৰতিটো পদৰ বাবে ৩ লাখ টকাৰ পৰা ৮ লাখ টকালৈ ধনৰ লেনদেন চলিছে । চাকৰি কিনা বেচা প্ৰক্ৰিয়াৰ আঁৰত প্ৰাক্তন বিধায়ক থকা বুলিও তেওঁ অভিযোগ কৰে । ইয়াৰ পাছতে উচিত প্ৰমাণ দিব নোৱাৰাৰ বাবে আৰক্ষীয়ে শুকুৰবাৰে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :লাহে লাহে উন্মোচন হৈছে জলসম্পদ বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তথ্য

Last Updated : Sep 14, 2022, 8:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.