গুৱাহাটী, ৪ অক্টোবৰ: দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ অহা দেশৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শনিবাৰে অসমত উপস্থিত হৈ সন্মুখীন হ'ল এক বিশেষ অভিজ্ঞতাৰ । সমগ্ৰ ভাৰতবৰ্ষই তেওঁক জানে এম ভেংকেয়া নাইডু(M. Venkaiah Naidu) বুলি । কিন্তু শনিবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হৈ তেওঁ পথৰ কাষত চৰকাৰী বিভাগে লগোৱা পোষ্টাৰ আৰু হৰ্ডিংবোৰত নিজৰ নামটোত "ড০" লিখা থকা দেখিবলৈ পায় । এই কাৰ্য দেখি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আচৰিতো হয় আৰু কিছু আমোদো লাভ কৰে ।
![Vice president name issue](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13252981_894_13252981_1633321051290.png)
উল্লেখ্য যে, বিমানবন্দৰৰ পৰা খানাপাৰৰ চৰকাৰী অতিথিশালা পোৱালৈ গুৱাহাটী-শ্বিলং পথৰ ডিভাইডাৰ আৰু আন স্থানত লগোৱা অসংখ্য পোষ্টাৰত নিজৰ নাম ভুলকৈ লিখা দেখা পোৱাৰ সমান্তৰালকৈ গুৱাহাটী মেডিকেল কলেজৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তো ঘোষকে ড০ এম ভেংকায়া নাইডু বুলি সম্বোধন কৰাত তেওঁ অস্বস্তিবোধ কৰে। অনুষ্ঠানত ভাষণ দিবলৈ আহি তেওঁ স্বভাৱ সিদ্ধ কঠনভংগীৰে কয়- "মই ডক্টৰো নহয় এক্টৰো নহয়" ।
মন কৰিবলগীয়া যে, উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই বিষয়টো ৰাজহুৱাকৈ দাঙি ধৰাৰ পিছতহে দিছপুৰৰ আমোলা বিষয়াৰ গাত তৎ আহে । লগে লগে ইটোৱে সিটোলৈ দোষ ঠেলা আৰম্ভ হয় ।
![Vice president name issue](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13252981_783_13252981_1633321080338.png)
জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অনুমতি সাপেক্ষেহে এই পোষ্টাৰ আৰু হৰ্ডিংবোৰ লগোৱা হৈছিল । আনহাতে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ো এই কথাত জড়িত আছিল । দিছপুৰৰ এক শীৰ্ষ সূত্ৰৰ মতে, এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ ৰাজ্যপালগৰাকীয়ে বিষয়টোত হস্তক্ষেপ কৰে আৰু এই ভুল কিয় হ'ল তাক লৈ এক প্ৰতিবেদন দিবলৈ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকক নিৰ্দেশ দিছে ।
লগতে পঢ়ক:২৪ ঘণ্টাৰ ভিতৰত জামিন পালে ৰুক্মিনী গাঁও কাণ্ডৰ অভিযুক্ত ৰাজকন্যাই