ETV Bharat / state

জলমগ্ন মহানগৰীত জলবন্দী মহানাগৰিক

author img

By

Published : Jun 14, 2022, 1:58 PM IST

সোমবাৰে নিশাৰে পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত জলমগ্ন হ'ল মহানগৰীৰ গৰিষ্ঠ সংখ্যক অঞ্চল (Guwahati under Artificial flood) । ব্যাহত হৈ পৰিছে যাতায়ত ৷ লগতে মহানগৰীৰ কেইবা ঠাইতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা(Landslide in Guwahati) ৷

various-places-of-guwahati-under-artificial-flood
Flood in Guwahati : পুনৰ কৃত্ৰিম বানত বুৰিল স্মাৰ্ট মহানগৰী

গুৱাহাটী, ১৪ জুন: পুনৰ কৃত্ৰিম বানত বুৰিল গুৱাহাটী মহানগৰী । স্মাৰ্ট গুৱাহাটীত কৃত্ৰিম বানপানী এতিয়া যেন তেনেই স্বাভাৱিক(Flood in Guwahati) । এজাক বৰষুণ আহিলেই মহানগৰীৰ অধিকাংশ পথ ডুব যায় কৃত্ৰিম বানপানীত(Artificial flood in Guwahati) । সোমবাৰে নিশাৰে পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত জলমগ্ন হ'ল মহানগৰীৰ গৰিষ্ঠ সংখ্যক অঞ্চল ।

ইয়াৰ সমান্তৰালভাৱে মহানগৰীৰ কেইবা ঠাইতো ভূমিস্খলনৰ ঘটনা সংঘটিত হয়(Landslide in Guwahati) । বৰষুণৰ ফলত প্ৰথমে মহানগৰীৰ কেইবাটাও অঞ্চলৰ ৰাজপথ পানীত বুৰ যোৱাৰ পিচতে আৱাসিক এলেকাবোৰো বানে একপ্ৰকাৰে বুৰাই পেলাইছে । ৰাজপথ জলগ্ন হোৱাৰ ফলত বহু লোক নিশাৰে পৰা ঠায়ে ঠায়ে আৱদ্ধ হৈ পৰে । ইফালে, যাতায়ৰ ক্ষেত্ৰতো যথেষ্ঠ অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ নাগৰিক । বৰষুণৰ প্ৰকোপ নকমাত জলমগ্ন মহানগৰীৰ ভিন্ন অঞ্চলত জলপৃষ্ঠ বৃদ্ধি পায় আৰু নতুন নতুন এলেকা বৰষুণৰ পানীত বুৰ যায় । এক প্ৰকাৰে জলবন্ধী হৈ পৰিছে মহানগৰবাসী ।

জলমগ্ন মহানগৰীত জলবন্দী মহানাগৰিক

বৰষুণৰ ফলত মহানগৰীৰ ৰাজগড়, ভঙাগড়, চানমাৰি, জু-ৰোড, ৰুক্মিণী গাঁও, বি বৰুৱা ৰোড, হাতীগাঁও, বেলতলা গুৱাহাটী ৰে'লৱে ষ্টেচন, অনিল নগৰ, নবীন নগৰ আদি জলমগ্ন হৈ পৰে । গুৱাহাটী কমাৰ্চ কলেজ চৌহদ জলমগ্ন হোৱাৰ উপৰিও উলুবাৰী হাইস্কুলৰ চৌহদো জলমগ্ন হৈ পৰে যাৰ ফলত শিক্ষানুষ্ঠান দুখনৰ পাঠদান বাতিল কৰিবলগীয়া হয় ।

বহু আৱাসী এলেকাত বাসগৃহৰ ভিতৰতো পানীয়ে প্ৰৱেশ কৰে যাৰ ফলত অনিল নগৰত বাস কৰা একাংশ লোকে পদপথত আশ্ৰয় ল'বলগীয়া হোৱাত এক প্ৰকাৰে যন্ত্ৰণা ভুগিছে মহানগবাসীয়ে ৷ তদুপৰি মহানগৰীৰ ৰাজপথত দুচকীয়া, চাৰিচকীয়া বাহনসমূহ পানীত আৱদ্ধ হোৱাৰ লগতে বাহনসমূহ বিকল হৈ পৰিছে ।

মহানগৰবাসীয়ে এই দুৰ্ভোগ ভুগি থকাৰ পিচতো চৰকাৰে সঠিক বিজ্ঞানসন্মতভাৱে মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নে নাই তাকে লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে ৷ কিয়নো আৰু দুবছৰলৈকে মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিব নোৱাৰিব বুলি উল্লেখ কৰিছে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে ।

লগতে পঢ়ক : গুৱাহাটী মহানগৰীত ভূমিস্খলনত চাৰিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.