ETV Bharat / state

কাৰাগাৰৰ ৩৮.৫৪ শতাংশ কয়দীৰ টীকাকৰণ - ক’ভিড 19 বাতৰি

ৰাজ্যৰ ৩১ খন কাৰাগাৰত বিগত প্ৰ‍ায় এসপ্তাহ ধৰি ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে । ৰাজ্যৰ কাৰাগাৰসমূহত থকা মুঠ ৯,৫৫৮ জন কয়দীৰ ভিতৰত বৰ্তমানলৈ ৩,৬৮৪ জনক ক'ভিড ভেকচিনৰ (Covid vaccine) প্ৰথম পালি প্ৰদান কৰা হৈছে । বৰ্তমান কাৰাগাৰসমূহত মুঠ ৩২৯ জন ক'ভিড (Covid) ৰোগী আছে।

vaccination
কাৰাগাৰৰ ৩৮.৫৪ শতাংশ কয়দীৰ টীকাকৰণ
author img

By

Published : Jun 2, 2021, 7:40 PM IST

গুৱাহাটী, ২ জুন : ক'ভিড (Covid) পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি অব্যাহত থকা টীকাকৰণ প্ৰক্ৰিয়াই ৰাজ্যৰ কাৰাগাৰসমূহকো সামৰি লৈছে । কাৰাগাৰত থকা কয়দীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড ভেকচিন (Covid vaccine) প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । ৰাজ্যৰ কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মাই জনোৱা মতে ৰাজ্যৰ ৩১ খন কাৰাগাৰত বিগত প্ৰ‍ায় এসপ্তাহ ধৰি ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে ।

ৰাজ্যৰ কাৰাগাৰসমূহত থকা মুঠ ৯,৫৫৮ গৰাকী কয়দীৰ ভিতৰত বৰ্তমানলৈ ৩,৬৮৪ গৰাকীক ক'ভিড ভেকচিন (Covid vaccine)ৰ প্ৰথম পালি প্ৰদান কৰা হৈছে । সেই হিচাপত কাৰাগাৰৰ ৩৮.৫৪ শতাংশ কয়দীয়ে প্ৰথম পালি ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে ।

vaccination
কাৰাগাৰৰ ৩৮.৫৪ শতাংশ কয়দীৰ টীকাকৰণ

উল্লেখ যে, ২০ মে'ৰ পৰা প্ৰথম গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ভেকচিন প্ৰদান প্ৰক্ৰিয়াৰ আৰম্ভণি কৰা হৈছিল । মহাপৰিদৰ্শকগৰাকীয়ে জনোৱা মতে বৰ্তমান কাৰাগাৰসমূহত মুঠ ৩২৯ গৰাকী ক'ভিড (Covid) ৰোগী আছে । ইতিমধ্যে ৭৭ গৰাকীকৈ ক'ভিড (Covid) ৰোগী ধৰা পৰা কৰিমগঞ্জ জিলা কাৰাগাৰত বৰ্তমান এগৰাকীও ক'ভিড ৰোগী নাই ।

vaccination
কাৰাগাৰৰ ৩৮.৫৪ শতাংশ কয়দীৰ টীকাকৰণ

সেইদৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰকে ধৰি ৰাজ্যৰ বহু কাৰাগাৰত ক'ভিড শূণ্য হৈছে । মহাপৰিদৰ্শকগৰাকীয়ে জনোৱা মতে প্ৰথম পালি ভেকচিন লাভ কৰা কয়দীসকলক চাৰ্টিফিকেট দিয়া হৈছে । যাতে মুক্তি পাই ওলাই গ'লে সহজতে দ্বিতীয় পালি ভেকচিন ল'ব পাৰে ।

vaccination
কাৰাগাৰৰ ৩৮.৫৪ শতাংশ কয়দীৰ টীকাকৰণ

উল্লেখ্য যে ক'ভিডৰ প্ৰথম ঢৌ (Covid first wave)ত ৰাজ্যৰ কাৰাগাৰসমূহত ব্যাপক সংক্ৰমণ হৈছিল আৰু তিনি হাজাৰৰো অধিক কয়দী ক'ভিডত (Covid) আক্ৰান্ত হৈছিল । অৱশ্যে ক'ভিডৰ দ্বিতীয় ঢৌ (Covid second wave)ত প্ৰথমবাৰৰ তুলনাত কাৰাগাৰসমূহত সংক্ৰমণৰ হাৰ যথেষ্ট কম ।

এইবাৰ আৰম্ভণিৰ পৰাই কাৰাগাৰসমূহত ক'ভিড (Covid) ৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । নতুনকৈ অহা কয়দীক পৃথক ৱাৰ্ডত চৈধ্য দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি ক'ভিড ৰোগীৰ বাবেও পৃথক ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে, বিগত বৰ্ষৰ ১৯ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ ১৮ এপ্ৰিললৈ ৰাজ্যৰ কাৰাগাৰসমূহত এজনো কয়দী ক'ভিডত আক্ৰান্ত হোৱা নাছিল ।

লগতে পঢ়ক:কেতিয়া সম্পূৰ্ণ হৈ উঠিব টীয়কৰ ফ’ৰলেনযু্ক্ত পথ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.