নিউজ ডেস্ক , 30 জুন : অসমৰ শিশুসকলক নিউম'নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে বুধবাৰৰ পৰা 'নিউম'ক্কাল কনজুগেট ভেকচিন' (পিচিভি) নামৰ এবিধ নতুন প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে । স্বাস্থ্য বিভাগৰ নিয়মীয়া অভিযান 'সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচী'ত এই নিউম'নিয়া প্ৰতিৰোধী প্ৰতিষেধক বিধ প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত কৰা হৈছে । ৰাজ্যত বুধবাৰৰে পৰা আৰম্ভ হোৱা এই পিচিভি টীকাকৰণ অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । গুৱাহাটীৰ খানাপাৰা ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী মহন্তই এটি ডেৰমহীয়া শিশুক কোলাত তুলি লৈ প্ৰথম পালি নিউম'ক্কাল কনজুগেট ভেকচিন প্ৰদানেৰে ৰাজ্যজোৰা এই অভিযান শুভাৰম্ভ কৰে ।
![vaccination-program-of-pneumococcal-conjugate-vaccine-starts-across-the-state-from-wednesday-onwards](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-health-minister-launching-new-vaccine-7209925_30062021195418_3006f_1625063058_201.jpg)
শোণিতপুৰ জিলাত পিচিভি টীকাকৰণৰ কাৰ্যসূচী ৰূপায়ন :
সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে শোণিতপুৰ জিলাতো সাৰ্বজনীন টীকাকৰণ অভিযানৰ অধীনত নিমককেল কনজুগেট টীকাকৰণ কাৰ্যসূচী পালন কৰা হয় ৷ বুধবাৰে পুৱা ১১ বজাত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পি পি চেণ্টাৰত ক’ভিডৰ স্বাস্থ্যবিধি অনুসৰি অনুষ্ঠিত অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই শোণিতপুৰ জিলাৰ নিমককেল কনজুগেট টীকাকৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত শোণিতপুৰ জিলা স্বাস্থ্যসেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জে আহমেদ , জিলা ৰোগ প্ৰতিৰোধ বিষয়া ডাঃ বিমান শৰ্মা আৰু শোণিতপুৰ জিলাৰ অতিৰিক্তি উপায়ুক্ত (স্বাস্থ্য) বন্তি তালুকদাৰ প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে ।
![vaccination-program-of-pneumococcal-conjugate-vaccine-starts-across-the-state-from-wednesday-onwards](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-30june-02-pix-childvaccine-pranabkumardas-7203907_30062021142412_3006f_1625043252_341.jpg)
নগাঁও জিলাত শিশু সকলৰ বাবে পিচিভি টীকাকৰণৰ কাৰ্যসূচী :
একেদৰে নগাঁও জিলাতো বুধবাৰে সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীৰ অধীনত শিশু সকলৰ পিচিভি(PCV) ভেকচিন প্ৰদান কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । নগাঁৱৰ সদৰত অৱস্থিত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত বুধবাৰে জিলা উপায়ুক্ত কবিতা পদ্মনাভনে পিচিভি(PCV) ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । বন্তি প্ৰজ্বলনেৰে জিলা উপায়ুক্তই এই কাৰ্যসূচীৰ আৰম্ভ কৰাৰ পাছতেই শিশুসকলক ভেকচিন প্ৰদান কৰা হয় । বুধবাৰে, প্ৰথম গোটটোত ৫ জন শিশুক এই ভেকচিন প্ৰদান কৰা হয় ৷
ডিব্ৰুগড়ত ক'ভিড প্ৰতিৰোধৰ চেষ্টাৰ মাজতেই নিউমোনিয়াৰ টীকাকৰণৰ কাৰ্যসূচী :
বুধবাৰে ডিব্ৰুগড়তো শুভাৰম্ভ কৰা হ’ল নিমককেল কনজুগেট টীকাকৰন(Pneumococcal conjugate vaccination)ৰ কাৰ্যসূচীৰ ৷ এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ নিৰ্মালি গাঁও স্বাস্থ্য কেন্দ্ৰতো এই প্ৰতিষেধক অভিযানৰ জিলা ভিত্তিক শুভাৰম্ভণি কৰা হয় । ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) শান্তনা বৰা , ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ড৹ কৃষ্ণা কেম্প্ৰাই, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ড৹ কল্পনা ডেকা, জিলা টীকাকৰণ বিষয়া ড৹ বিশ্বজিৎ বৰুৱা আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত ডিব্ৰুগড় জিলাত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।
![vaccination-program-of-pneumococcal-conjugate-vaccine-starts-across-the-state-from-wednesday-onwards](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-04-30jun-pcv-vaccine-for-child-image-7203829_30062021153835_3006f_1625047715_63.jpg)
ডিমা হাছাও জিলাতো শিশুক নিমককেল কনজুগেট প্ৰতিষেধক প্ৰদান :
সমগ্ৰ ৰাজ্যৰ লগতে হাফলং টাউনত এই প্ৰতিষেধক কাৰ্যসূচীৰ উদ্বোধন কৰে হাফলং সমষ্টিৰ বিধায়ক নন্দিতা গাৰ্লোছা আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ অধীনত থকা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কাৰ্যনিৰ্বাহক সদস্য চেময়েল চাংছনে । ডিমা হাছাও জিলাত স্বাস্থ্য বিভাগে 3,951 গৰাকী শিশু আৰু 4,546 গৰাকী গৰ্ভৱতী মহিলাক Penumococcal প্ৰতিষেধক প্ৰদান কৰাৰ বাবে লক্ষ্য মাত্ৰ স্থিৰ কৰিছে ।
ধেমাজিতো আৰম্ভ হ’ল নিউমোনিয়াৰ টীকাকৰণ :
শিশুসকলক ভয়ংকৰ নিউমুনিয়া বেমাৰৰ পৰা ৰক্ষা কৰা উদ্দেশ্য বুধবাৰে ধেমাজি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত নগৰ স্বাস্থ্য কেন্দ্ৰত মুকলি কৰে pneumococcal conjugate vaccine ৷ সেই উদ্দেশ্য আয়োজিত এখন সভাত এটি শিশুক এই প্ৰতিষেধক প্ৰদানৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয়ন কুমাৰ বৰুৱা ৷
![vaccination-program-of-pneumococcal-conjugate-vaccine-starts-across-the-state-from-wednesday-onwards](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-04-30jun-pcv-vaccine-for-child-image-7203829_30062021153835_3006f_1625047715_311.jpg)
যোৰহাটতো নিমককেল কনজুগেট প্ৰতিষেধক প্ৰদান :
শিশুসকলক নিউম'নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে বুধবাৰৰ পৰা আৰম্ভ কৰিছে "নিউম'ক'ক্কেল কনজুগেট ভেক্সিন"( পি চি ভি) নামৰ এবিধ নতুন প্ৰতিষেধক প্ৰদানৰ অভিযান ৷ যোৰহাটতো নকছাৰী স্বাস্থ্য খণ্ডৰ অধীনৰ "ডনিকনা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ"ত পি চি ভিৰ শুভাৰম্ভ কৰা হয় ৷ এই প্ৰতিষেধকে শিশুক নিউম'নিয়া, উশাহ-নিশাহ লোৱাত অসুবিধা আদি বিভিন্ন সমস্যাৰ পৰা ৰক্ষা কৰিব ৷ যোৰহাটত পি চি ভি টীকাকৰণ অভিযানৰ শুভাৰম্ভণী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা উপস্থিত থাকে ৷ লগতে ভেকচিনেচনৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতী কোঁৱৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিষয়া, জিলা টীকাকৰণ বিষয়া আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।
![vaccination-program-of-pneumococcal-conjugate-vaccine-starts-across-the-state-from-wednesday-onwards](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-30jun-national-pcv-vaction-started-image-as10039_30062021215519_3006f_1625070319_78.jpg)
উল্লখ্য যে, মুঠ তিনিটা পালিৰ এই পিচিভি প্ৰতিষেধকবিধৰ প্ৰথম পালি শিশুক জন্মৰ পৰা ছয় সপ্তাহত, দ্বিতীয় পালি চৈধ্য সপ্তাহত আৰু অন্তিম পালি ৯ মাহ বয়সত দিব লাগে । এই নিউম'নিয়া প্ৰতিৰোধী প্ৰতিষেধক বিধ সম্পূৰ্ণ বিনামূলীয়া আৰু অতি সুৰক্ষিত প্ৰতিষেধক । ভাৰতত ২০১৭ চনত পৰীক্ষামূলক ভাৱে প্ৰথম পৰ্যায়ত মাথো পাঁচখন ৰাজ্যতহে এই পিচিভি প্ৰতিষেধক বিধ সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ২০২১ চনত অসমকে ধৰি সকলো ৰাজ্যতে ইয়াক নিয়মীয়া চৰকাৰী টীকাকৰণ কাৰ্যসূচীত সামৰি ল'বলৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায় । এতিয়ালৈকে বিশ্বৰ ১৪৬খন দেশত এই প্ৰতিষেধক বিধ ৰাষ্ট্ৰীয় টীকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে ।
লগতে পঢ়ক : ১ জুলাইত Digital India ৰ হিতাধিকাৰীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ