ETV Bharat / state

মন্থৰ গতিত টীকাকৰণৰ চৰকাৰী বিশাল কাৰ্যসূচী

দৈনিক ৩ লাখ লোকৰ বিপৰীতে বিগত ২৪ ঘণ্টাত ৪৫,১৯৭ গৰাকী লোকে লাভ কৰিছে ক'ভিড-১৯ প্ৰতিষেধক(VACCINE)। আঠ দিনত চৰকাৰী লক্ষ্যৰ ২৪ লাখৰ বিপৰীতে প্ৰতিষেধক লাভ কৰিছে ১৩,১৮,১৮৭ গৰাকী লোকে ।

Vaccination drive slow down in Assam
মন্থৰ গতিত চলিছে টীকাকৰণ অভিযান
author img

By

Published : Jun 30, 2021, 7:41 PM IST

গুৱাহাটী, ৩০ জুন : দৈনিক তিনি লাখ লোকক ক'ভিড প্ৰতিষেধক(VACCINE) প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰি বিশাল অভিযান আৰম্ভ কৰা ৰাজ্য চৰকাৰে বিগত ২৪ ঘণ্টাত ৪৫,১৯৭ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হৈছে । যোৱা ২২ জুনৰ পৰা আৰম্ভ হোৱা বিশাল টীকাকৰণ অভিযানৰ প্ৰথম দিনা ৰাজ্যখনৰ ৩,৫৪,৬১০ গৰাকী লোকক টীকাকৰণ কৰি চৰকাৰখনে 'বাহ বাহ' লৈছিল । ইয়াৰ পিছত তিনি দিনত ৯ লাখৰো অধিক লোকক টীকাকৰণ কৰি অভিলেখ গঢ়িছিল ৰাজ্য চৰকাৰে । কিন্তু ইয়াৰ পিছত লাহে লাহে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া অতি মন্থৰ হৈ পৰে ।

Vaccination drive slow down in Assam
মন্থৰ গতিত চলিছে টীকাকৰণ অভিযান

২৪ জুনত ১,৫৫,১১৩ গৰাকী, ২৫ জুনত ১,৫৮,২১৪ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হয় । ২৭ জুনত সেই সংখ্যা ১০,১৭৮ লৈ হ্ৰাস পায় । অৰ্থাৎ প্ৰতিষেধক প্ৰদানৰ চৰকাৰী লক্ষ্য ক'ৰবাতে থাকিল । দৈনিক তিনি লাখ লোকক প্ৰতিষেধক প্ৰদানৰ বাবে অভিযান আৰম্ভ কৰা দিনাৰ পৰা অৰ্থাৎ ২২ জুনৰ পৰা ২৯ জুনলৈ বিগত আঠ দিনত ১৩,১৮,১৮৭ গৰাকী লোকে প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে ।

Vaccination drive slow down in Assam
মন্থৰ গতিত চলিছে টীকাকৰণ অভিযান

চৰকাৰী লক্ষ্য মতে, ২৪ লাখ লোকে প্ৰতিষেধক লাভ কৰিব লাগিছিল । প্ৰতিষেধক প্ৰদানৰ বাস্তৱ ছবিখনে চৰকাৰৰ প্ৰকৃত স্বৰূপটো উদঙাই দিছে । লক্ষণীয় বিষয় যে, চৰকাৰে প্ৰতিষেধক পৰ্যাপ্ত থকাৰ কথা উল্লেখ কৰি আহিছে যদিও বাস্তৱত প্ৰতিষেধকৰ নাটনি হৈছে ।

Vaccination drive slow down in Assam
মন্থৰ গতিত চলিছে টীকাকৰণ অভিযান

যাৰ বাবে বিভিন্ন টীকাকৰণ কেন্দ্ৰত ৰাইজে প্ৰতিষেধকৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে । ঠায়ে ঠায়ে প্ৰতিষেধক নাপাই ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হৈছে । এতিয়ালৈকে ৭০ লাখ লোকৰ টীকাকৰণ কৰা হৈছে । চৰকাৰী তথ্য মতে, ১৮ বছৰৰ উৰ্দ্ধৰ ৰাজ্যখনৰ জনসংখ্যা হৈছে ২.২৫ কোটি ।

তেনেস্থলত প্ৰতিষেধক পাবলৈ এতিয়াও বাকী আছে ডেৰ কোটিৰো অধিক লোক । ইফালে, বিগত ২৪ ঘণ্টাত পুনৰ কিছু পৰিমাণে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ হাৰ । বিগত কেইদিন মান আক্ৰান্তৰ হাৰ ২ শতাংশৰ তললৈ নামি গৈছিল যদিও বৰ্তমান আক্ৰান্তৰ হাৰ ২.৬৪ শতাংশলৈ বৃদ্ধি পাইছে । বিগত ২৪ ঘণ্টাত ৰাজ্যত ১,০১,২২২ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ২,৬৭২ গৰাকী লোকৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে ।

Vaccination drive slow down in Assam
মন্থৰ গতিত চলিছে টীকাকৰণ অভিযান

আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৩৩২ গৰাকী গোলাঘাট জিলাৰ । তদুপৰি নগাঁৱৰ ১৯৯ গৰাকী, শোণিতপুৰৰ ১৭৫ গৰাকী, বিশ্বনাথৰ ১৭২ গৰাকী আৰু কামৰূপ মহানগৰ জিলাৰ ১৪৯ গৰাকী লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে । ইপিনে, বিগত ২৪ ঘণ্টাত ক’ভিডত মৃত্যু হৈছে ২৭ গৰাকী লোকৰ । মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক লোকৰ মৃত্যু হৈছে তিনিচুকীয়াত ।

জিলাখনত চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে । বিগত ২৪ ঘণ্টাত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ১,৯৯৬ গৰাকী লোকে । বৰ্তমান ৰাজ্যত সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ২৫,৬৯২ গৰাকী ।

লগতে পঢ়ক: কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.