ETV Bharat / state

সদৌ অসম উকীল সন্থাক 10 কোটি টকাৰ আৰ্থিক সহায় আগবঢ়াব চৰকাৰে: মুখ্যমন্ত্ৰী - সদৌ অসম উকীল সন্থা

ৰাজ্যৰ নিম্ন আদালতসমূহত খালী হৈ আছে 300 টা পদ (Vacancy in lower court Assam) ৷ ইয়াৰে 100 টা পদ শীঘ্ৰে পূৰণ কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে অসম চৰকাৰে সদৌ অসম উকীল সন্থাক 10 কোটি টকাৰ আৰ্থিক সহায়ো আগবঢ়াব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

300 post vacant in lower court
অসম চৰকাৰে সদৌ অসম উকীল সন্থাক 10 কোটি টকাৰ আৰ্থিক সহায় আগবঢ়াব : মুখ্যমন্ত্ৰী
author img

By

Published : Sep 10, 2022, 8:57 PM IST

Updated : Sep 10, 2022, 9:23 PM IST

গুৱাহাটী, 10 ছেপ্টেম্বৰ: অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু চিকিম বাৰ কাউন্সিলৰ হীৰক জয়ন্তী উপলক্ষে শনিবাৰে মাছখোৱা ITA প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ (National level seminar held at IIT Machkhowa) ৷ এই আলোচনা চক্ৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

অনুষ্ঠানত অংশ লৈ ৰাজ্যৰ নিম্ন আদালতসমূহত খালী হৈ থকা ন্যায়াধীশৰ লগতে বিভিন্ন কৰ্মচাৰীৰ পদ পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, ৰাজ্যৰ নিম্ন আদালতসমূহত 300 টা ন্যায়াধীশৰ লগতে বিভিন্ন কৰ্মচাৰীৰ পদ খালী হৈ আছে (Vacancy in lower court Assam)। ৰাজ্য চৰকাৰে ইয়াৰে 100 পদ পূৰণৰ ব্যৱস্থা কৰিব ৷

লগতে অসম চৰকাৰে শীঘ্ৰে অসমৰ অধিবক্তাসকলৰ বাবে পেন্সন আঁচনি আৰম্ভ কৰিব বুলিও উল্লেখ কৰে(Pension for advocates) ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, সদৌ অসম উকীল সন্থাক(All Assam lawyers association) অসম চৰকাৰে কৰপাছ আঁচনিৰ 10 কোটি টকা আৰ্থিক সহায় আগবঢ়াব । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰই আইনী ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব । তেওঁ কয় যে, ন্যায়াপালিকাই দেশৰ সংবিধানৰ ৰক্ষকৰ ভূমিকা গ্ৰহণ কৰি আহিছে । ন্যায়াপালিকাই দেশৰ গণতন্ত্ৰৰ দিশ নিৰ্দেশনা দি আহিছে ।

অসম চৰকাৰে সদৌ অসম উকীল সন্থাক 10 কোটি টকাৰ আৰ্থিক সহায় আগবঢ়াব : মুখ্যমন্ত্ৰী

অনুষ্ঠান মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি দেশৰ আইনমন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, দেশৰ আদালতসমূহত বহুত গোচৰ নিষ্পত্তি নোহোৱাকৈ থকাটো এটা ডাঙৰ সমস্যা । বৰ্তমানো দেশৰ আদালতসমূহত 5 কোটিৰো অধিক গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে ।

লগতে পঢ়ক : ভিক্টৰ দাসৰ সন্দৰ্ভত মহানগৰীৰ আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ সংবাদমেল

লগতে তেওঁ কয় যে, যোৱা বছৰ উচ্চতম ন্যায়ালয়ক ধৰি সকলো আদালতত বহুত সংখ্যক ন্যায়াধীশক নিযুক্তি দিয়া হৈছে । সম্ভৱত স্বাধীনতাৰ পাছত এনেদৰে এটা বছৰত ব্যাপকভাৱে আদালতত বহুত সংখ্যক ন্যায়াধীশ নিযুক্তি দিয়া হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰ অভাৱ দূৰ কৰা হৈছে ।

তেওঁ কয় যে, দেশৰ 80,700 আদালতত কম্পিউটাৰৰ ব্যৱস্থা কৰা হৈছে । 2500 টা আদালতত ভিডিঅ’ কনফাৰণ্সেৰ ব্যৱস্থা কৰা হৈছে । আইন মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আইন আৰু ন্যায় মন্ত্ৰালয়ক সম্পূৰ্ণ আপডেট কৰি ডিজিটেলাইজ কৰা হৈছে । অনুষ্ঠানত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূর্যকান্ত, ন্যায়াধীশ হৃষিকেশ ৰয়, ন্যায়াধীশ সুধাংশু ধুলিয়া, তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উজ্জ্বল ভূঞা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম চ্ছায়াইও ভাষণ প্ৰদান কৰে ।

বাৰ কাউন্সিলৰ(Bar Council of India) অধ্যক্ষ গজানন্দ চাহেৱালাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত পাঁচোখন ৰাজ্যৰ বাৰ কাউঞ্চিলৰ অধিবক্তাসকল, ৰাজ্যিক তথা আৰক্ষী বিভাগৰ বিষয়াবৰ্গ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ উপাচার্যসকল বিভিন্ন আইন মহাবিদ্যালয়ৰ শিক্ষক-ছাত্ৰসকলৰ লগতে বহু বিশিষ্ট অধিবক্তা আৰু অতিথিয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : অনলাইন গেমিংত এপৰ প্ৰবঞ্চনা: ইডিৰ অভিযানত উদ্ধাৰ ৮ কোটি টকা

বিয়লি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূর্যকান্তৰ সঞ্চালনাত অনুষ্ঠিত হ’বলগীয়া বিষয়- ‘‘ন্যায়িক খণ্ড আৰু দ্ৰুত আইনী সেৱাত প্ৰযুক্তিৰ ভূমিকা’’ শীৰ্ষক প্ৰথমখন আলোচনাচক্ৰ অনুষ্ঠিত হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যাম, দিল্লীস্থিত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য ড৹ ৰণবীৰ সিং আৰু ৰায়পুৰস্থিত হিদায়েতুল্লা আইন প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড৹ ভি চি বিবেকানন্দনে এই আলোচনাত বক্তৃতা প্ৰদান কৰে ।

দেওবাৰে দিনৰ 10:30 বজাত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন আলোচনা চক্ৰৰ বিষয়- ‘‘ভাৰতবৰ্ষত আইন শাসন আৰু গণতন্ত্ৰৰ প্ৰত্যাহ্বানসমূহ’’ । বক্তৃতা প্ৰদান কৰিব ভাৰতৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, অ’ পি জিন্দাল গ্ল’বেল আইন বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচার্য তথা জিন্দাল গ্ল’বেল আইন বিদ্যালয়ৰ ডীন অধ্যাপক চি ৰাজকুমাৰ, উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা চুপ্ৰিম ক’ৰ্ট বাৰ এছছিয়েচনৰ সভাপতি বিকাশ সিং আৰু সৰ্বভাৰতীয় বাৰ কাউঞ্চিলৰ মহাৰাষ্ট্ৰৰ সদস্য জয়ভাৱে জয়ন্ত দত্তাত্ৰেয়ই ।

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী । সন্মানীয় অতিথি হিচাবে অংশগ্ৰহণ কৰিব অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোটিশ্বৰ সিং আৰু জ্যেষ্ঠ অধিবক্তা তথা সৰ্বভাৰতীয় বাৰ কাউঞ্চিলৰ উপাধ্যক্ষ এছ প্ৰভাকৰণে ।

11 ছেপ্টেম্বৰৰ দিনৰ 1:30 বজাত এক বিশেষ অনুষ্ঠানত ওকালতিৰ 50 বছৰ সম্পূৰ্ণ কৰা জ্যেষ্ঠ অধিবক্তাসকলক সম্বর্ধনা জনোৱা হ’ব । হীৰক জয়ন্তী উদযাপন উপলক্ষে অনুষ্ঠানত এক স্মৰণিকাও উন্মোচন কৰা হয় ।

লগতে পঢ়ক : আঠখেলীয়া নামঘৰৰ বিৰ্তকক লৈ কৰ্ণধাৰ সমিতিৰ প্ৰতিক্ৰিয়া

Last Updated : Sep 10, 2022, 9:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.