ETV Bharat / state

Missing youth rescued: মহানগৰীত উদ্ধাৰ উত্তৰ প্ৰদেশৰ যুৱকক; লগত ওলাল সোণৰ গহনা-পাতি

মহানগৰীত উদ্ধাৰ উত্তৰ প্ৰদেশৰ যুৱক । সাতগাঁওস্থিত প্রগতি নগৰৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় নিজৰ ঘৰৰ পৰা সোণৰ আ-অলংকাৰ লৈ পলায়ন কৰা যুৱকজনক । উত্তৰ প্ৰদেশ আৰক্ষীৰ উপস্থিতিত মহানগৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে মহচিন আলম নামৰ যুৱকজনক ।

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:16 AM IST

Uttar Pradesh youth rescued in Guwahati
মহানগৰীত উদ্ধাৰ উত্তৰ প্ৰদেশৰ যুৱকক

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ: অৱশেষত উদ্ধাৰ হ'ল উত্তৰ প্ৰদেশৰ নিৰুদ্দিষ্ট যুৱক । মহাানগৰীৰ সাতগাঁওস্থিত প্রগতি নগৰৰ সাত নং উপ-পথৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় যুৱকজনক । উত্তৰ প্ৰদেশ আৰক্ষীৰ উপস্থিতিত মহানগৰ আৰক্ষীয়ে অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা যুৱকজন মহচিন আলম বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে । সূত্ৰটোৱে জনোৱা মতে যুৱকজনে যোৱা ১৫ ছেপ্টেম্বৰত নিজৰ ঘৰৰ পৰা প্ৰায় ২০ লাখ টকাৰ সোণৰ আ-অলংকাৰ চুৰি কৰি ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছিল ।

ইয়াৰ পিচতে যুৱকজনে গুৱাহাটীলৈ আহি প্ৰথমে ১ লাখ ১০ হাজাৰ টকাৰ এখন ৰয়েল এনফিল্ড মটৰ চাইকেল ক্রয় কৰাৰ লগতে সাতগাঁৱৰ প্ৰগতি নগৰত থাকিবলৈ লয় । ইফালে ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে দিয়া এজাহাৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ম'বাইল লোকেচনৰ সহায়ত গুৱাহাটীত যুৱকজনৰ উপস্থিতি নিশ্চিত কৰে । ইয়াৰ পিচতে মহানগৰ আৰক্ষীৰ সহযোগত অভিযান চলাই নিখোঁজ হৈ থকা যুৱকজনক শনিবাৰে উদ্ধাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে । যুৱকজনৰ পৰা আৰক্ষীয়ে সোণৰ আ-অলংকাৰসহ AS-01DK-3491 নম্বৰৰ ৰয়েল এনফিল্ডখন জব্দ কৰে ।

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অহা যুৱকে বিভিন্ন সময়ত অসমৰ চুকে কোণে সংঘটিত কৰি আহিছে ভিন্ন অপৰাধজনিত ঘটনা । কেতিয়াবা যদি ATM ৰ পৰা ধন হৰলুকি, আন কেতিয়াবা আকৌ লিপ্ত হৈছে চুৰি কাৰ্যত । এনে অপৰাধ সংঘটিত কৰি আৰক্ষীৰ জালতো পৰিছে বহিঃৰাজ্যৰ বহু যুৱক । পুনৰ উত্তৰ প্ৰদেশৰ এই যুৱকজনক উদ্ধাৰ কৰাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ।

লগতে পঢ়ক: Tense Situation in Bisawanath: সভাৰ মাজতে দবৰা দবৰি; সমবায় সমিতিৰ সভাপতিক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.