ETV Bharat / state

ডঃ শৰ্মাৰ সুৰ তৰুণ গগৈৰ সুৰৰ সৈতে মিলে : উপমন্যু হাজৰিকা - জনসংখ্যা বিস্ফোৰণ

জনসংখ্যা বিস্ফোৰণক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ।

ডঃ শৰ্মাৰ সুৰ তৰুণ গগৈৰ সুৰৰ সৈতে মিলে কিয় ? উপমন্যুৰ প্ৰশ্ন

author img

By

Published : Jun 12, 2021, 11:07 PM IST

গুৱাহাটী, 12 জুন : " মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য দিছে যে প্ৰব্ৰজনকাৰী মুছলমান সকলে অনিয়ন্ত্ৰিতভাৱে সন্তান জন্ম দিয়াই হৈছে জনসংখ্যা বিস্ফোৰণ মূল কাৰণ, যাৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ চৰকাৰী ভূমি, দেৱালয়, মন্দিৰ, সত্ৰ ইত্যাদিৰ ভূমি বেদখল কৰে । সেয়েহে উচ্ছেদৰ উপৰিও সম্পূৰ্ণ সমাধান হৈছে প্ৰব্ৰজনকাৰী মুছলমানৰ পৰিয়াল পৰিকল্পনা ।’’ এই মন্তব্য উপমন্যু হাজৰিকাৰ ৷

ডঃ শৰ্মাৰ সুৰ তৰুণ গগৈৰ সুৰৰ সৈতে মিলে কিয় ? উপমন্যুৰ প্ৰশ্ন

তেওঁ আৰু কয় যে, মুখ্যমন্ত্ৰীৰ এই মন্তব্য সম্পূৰ্ণ তথ্যৰ বিৰুদ্ধে । ইয়াৰ কেইবাটাও কাৰণ আছে আৰু এয়াই যদি সত্য হয় তেন্তে অসম আন্দোলন, NRC কৰাৰ কোনো প্ৰয়োজন নাছিল, কেৱল জন্ম নিয়ন্ত্ৰণ কৰিয়েই বিদেশী সমস্যাৰ সমাধান কৰিব পাৰিলেহেতেন । প্ৰথমতে, অসমত থকা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তথ্য, কংগ্ৰেছ আৰু বিজেপি দুয়োখন চৰকাৰে যোৱা ৩০ বছৰে দি আহিছে । ১৯৯২ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া ৩২ লাখ অনুপ্ৰৱেশকাৰীৰ অনুমান দিছিল । ২০০৪ চনত কংগ্ৰেছৰ গৃহৰাজ্য মন্ত্ৰী শ্ৰী প্ৰকাশ জয়ছোৱালে ৫০ লাখ অনুপ্ৰৱেশকাৰী আৰু ২০১৬ চনত বিজেপিৰ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে ৮০ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী অসমত আছে বুলি সংসদত তথ্য দাঙি ধৰিছিল, যিটো অসমৰ মুঠ জনসংখ্যাৰ ২৫% । যদি উপৰোক্ত তথ্যখিনি ভুলেই আছিল, তেন্তে সকলো সময়তে শাসকীয় দলত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ইয়াৰ প্ৰত্যুত্তৰ কিয় নিদিলে ? ডিচেম্বৰ,২০১৪ চনত অসম সন্মিলিত মহাসংঘই দিয়া আবেদনত, উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানত স্পষ্টভাবে উল্লেখ কৰা হৈছে যে ২০০৪ চনত অসমত ৫০ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছিল ।

উল্লেখযোগ্য যে ২০১২ চনৰ ১০ ছেপ্টেম্বৰত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সেই একে মন্তব্য দাঙি ধৰিছিল যে অসমত জনসংখ্যা বিস্ফোৰণ অনিয়ন্ত্ৰিতভাৱে প্ৰব্ৰজনকাৰী মুছলমানে সন্তান জন্ম দিয়াৰ কাৰণে হৈছে । দ্বিতীয়তে, অসমলৈ যে বাংলাদেশৰ পৰা প্ৰব্ৰজন হোৱা নাই সেইটো প্ৰমাণ কৰাৰ প্ৰচেষ্টাতে প্ৰব্ৰজনকাৰী সকলৰ প্ৰতিনিধি সকলেও মাজে মাজে মুখ্যমন্ত্ৰীয়ে দিয়া ধৰণৰ একেই মন্তব্য দিয়ে । এইক্ষেত্ৰত দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যপিকা নন্দিতা শইকীয়াই চৰজমিন তদন্ত কৰি প্ৰমাণ কৰিলে যে কেৱল অনিয়ন্ত্ৰিত ভাবে সন্তান জন্ম দিয়াটোয়েই জনসংখ্যা বিস্ফোৰণৰ ভিত্তি নহয়, প্ৰব্ৰজনৰ বাবেহে অসমত জনসংখ্যা বিস্ফোৰণ হৈছে ।
লগতে এখন ৰাষ্ট্ৰীয় কাকতত আজি প্ৰকাশিত তথ্য অনুসৰি অসমৰ মুছলমানৰ Net Fertility Rate ( প্ৰজনন হাৰ) ২০০৪ চনত ৩.৬ ৰ পৰা ২০২০ ত ২.৪ লৈ নামিছে । যোৱা সপ্তাহত মুখ্যমন্ত্ৰীয়ে মন্তব্য দিলে যে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে অসম চুক্তি ৬ নং দফা সমিতিৰ প্ৰতিবেদন গ্ৰহণযোগ্য নহয় ।
তাৰ পিছত তেওঁ ঢোল-দগৰ বজাই উচ্ছেদ অভিযানৰ ঘোষণা কৰিলে আকৌ একসপ্তাহৰ ভিতৰতে নিজৰ স্থিতি সলনি কৰি মন্তব্য দিয়ে যে উচ্ছেদ অভিযান লাভ নহ’ব, পৰিয়াল পৰিকল্পনা হে মূল বিষয় । তেওঁ প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ চৰকাৰেই হওক বা বিজেপি চৰকাৰেই হওক, চৰকাৰী তথ্য কিয় ইমান পলম কৈ মানিব খোজা নাই ? তেওঁৰ মন্তব্য বিলাক স্বৰ্গীয় তৰুণ গগৈৰ মন্তব্যৰ দৰেই কিয় একে হ'ব ধৰিছে ? তেওঁ এতিয়া বিজেপিতো কংগ্ৰেছী দৰ্শন প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি ? "

লগতে পঢ়ক:ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্যত সহযোগ লাগিব মণিপুৰ-নগালেণ্ডৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.