ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলৰ বিৰুদ্ধে জাপি দিছে ভুৱা গোচৰ - চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলক জাপি দিছে ভূৱা গোচৰ

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা অভিযোগ উত্থাপন কৰিছে যে, বৰ্তমান চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে মাত মতাসকলক ভুৱা অভিযোগেৰে অপৰাধী গোচৰ দি কাৰাগাৰত বন্দী কৰিছে বা গোপনভাৱে আটক কৰিছে ।

upamanyu hazarika's reaction against g
upamanyu hazarika's reaction against g
author img

By

Published : Apr 30, 2020, 7:09 PM IST

গুৱাহাটী, ৩০ এপ্ৰিলঃ লক্ ডাউনৰ মাজত যদিও জনসাধাৰণে নাটনি আৰু অসুবিধাৰ মাজেৰে পাৰ কৰিছে কিন্তু তেনে অৱস্থাতো বৰ্তমান চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে মাত মতাসকলক ভুৱা অভিযোগেৰে অপৰাধী গোচৰ দি কাৰাগাৰত বন্দী কৰিছে বা গোপনভাৱে আটক কৰিছে । এই অভিযোগ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ।

আজি এক ভিডিঅ' বাৰ্তাত এই অভিযোগ দাঙি ধৰি তেওঁ কয় যে, ডিব্ৰুগড়ৰ পংকজ শইকীয়া আৰু হাৰাংগাজাওসন্তোষ হোজায়ে ফেছবুকত খিলঞ্জীয়াৰ হকে আৰু চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিক লৈ উদাত্ত কণ্ঠৰে মাত মাতি আহিছে । যোৱা ২২ মাৰ্চ নিশা ১০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা কৰ্কট ৰোগত আক্ৰান্ত পিতৃলৈ দৰৱ আনিব যাওঁতে পংকজ শইকীয়াক ভাৰতীয় সৈন্য বাহিনীয়ে আটক কৰে । ২৩ মাৰ্চত তেওঁক খোৱাং আৰক্ষী থানালৈ প্ৰেৰণ কৰে আৰু ২৪ মাৰ্চত ন্যায়িক আদালতত হাজিৰ কৰে । দুদিন দুৰাতি তেওঁৰ পৰিয়ালক কোনো খবৰ দিয়া নহ'ল । যিটো সংবিধানৰ মূল অধিকাৰ উলংঘন । তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ । তাতে লক্ ডাউনৰ বাবে জামিন আবেদন খনৰ শুনানিও পলমকৈ হয় । ২২ এপ্ৰিলত ডিব্ৰুগড় জিলা সত্র ন্যায়াধীশ আদালতে জামিনৰ নিৰ্দেশ দি মন্তব্য দিয়ে যে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ বা তথ্য চৰকাৰী পক্ষই দিব নোৱাৰিলে । কেৱল ৩৬ টা ফেছবুক পোষ্ট প্ৰতিলিপি হিচাপে দিছে যিটো কোনো ধৰণৰ ৰাষ্ট্ৰ দ্ৰোহৰ প্ৰমাণ নহয় ।

চৰকাৰৰ বিৰুদ্ধে মাত মতাসকলক জাপি দিছে ভূৱা গোচৰঃ উপমন্যু হাজৰিকা
আনহাতে সন্তোষ হোজাই ডিমা হাছাওৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী । ২৪ এপ্ৰিলৰ গধুলি ৫ জন লোকে এখন বগা বলেৰ' গাড়ীত আহি তেওঁক অপহৰণ কৰে । তেওঁৰ পত্নীৰ মতে সেয়া আৰক্ষীৰ লোক (পোছাক পিন্ধা নাছিল) । তেওঁ এতিয়ালৈকে সন্ধানহীন আৰু ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু আৰক্ষী দায়বদ্ধতা আয়োগত আবেদন কৰা হৈছে । এনে বহু উদাহৰণ আছে যে, যিসকলে CAA আন্দোলনত সক্রিয় ভূমিকা লৈছিল তেওঁলোকলৈ আৰক্ষী থানাৰ পৰা এতিয়াও জাননী আহিয়েই আছে । য'ত নেকি সকলোৱে ইতিমধ্যে লকডাউনৰ সমস্যাত ভুগি আছে । এতিয়া সোণোৱাল চৰকাৰে এক বছৰতকৈ কম কাৰ্যকাল বাকী থাকোতে তেওঁলোকৰ বিৰুদ্ধে থিয় দিয়া সকলোকে ভুৱা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ দি কাৰাগাৰত বন্দী কৰিছে । সন্তোষ হোজাইৰ অপহৰণে এইটো ইংগিত দিয়ে যে অসম পুনৰ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনৰ গুপ্তহত্যালৈ উভতি গৈছে । সোনোৱাল আৰু মহন্তই এক সপ্তাহ আগতে লগ ধৰি এইয়াই আলোচনা কৰিলে নেকি ? প্ৰশ্ন উপমন্যু হাজৰিকাৰ । গুপ্তহত্যাৰ নায়ক জি পি সিঙক সেইকাৰণে অনা হৈছে নেকি বুলিও তেওঁ প্ৰশ্ন তোলে ।লগতে পঢ়কঃ দুখীয়াৰ ভোকৰ ভাতত কাৰ শেন চকু !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.