ETV Bharat / state

আনলক 3.0ঃ সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা আৰম্ভ অসমত - স্বাস্থ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সোমবাৰৰ পৰা অসমত পুনৰ আৰম্ভ হৈছে আনলক 3.0 ৷ আনলক 3.0 অনুসৰি অসমত সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা চলিব ৷ প্ৰতি সোমবাৰ আৰু মঙলবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত প্ৰায় 40 খন বাছ অসমৰ বিভিন্ন জিলালৈ চলিব ৷ যাৰবাবে যাত্ৰী সকলে অনলাইন টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

UNLOCK 3.0, INTER DISTRICT BUS SERVICE OPEN IN ASSAM
আনলক 3.0, সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা আৰম্ভ অসমত
author img

By

Published : Aug 3, 2020, 4:51 PM IST

গুৱাহাটী, 3 আগষ্ট : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰশাসন তথা স্বাস্থ্য বিভাগ সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই সংক্ৰমণ ৷ গুৱাহাটী মহানগৰীতো কৰ'ণা ভাইৰাছ এক প্ৰকাৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ মহানগৰীত নিতৌ বৃদ্ধি পোৱা আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ লক ডাউন ঘোষণা কৰিছিল প্ৰশাসনে ৷

সোমবাৰৰ পৰা অসমত পুনৰ আৰম্ভ হৈছে আনলক 3.0 ৷ আনলক 3.0 অনুসৰি, অসমত সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা চলিব ৷ প্ৰতি সোমবাৰ আৰু মঙলবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত প্ৰায় 40 খন বাছ অসমৰ বিভিন্ন জিলালৈ চলিব ৷ যাৰবাবে যাত্ৰী সকলে অনলাইন টিকট বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

আনলক 3.0, সপ্তাহত দুদিনকৈ আন্তঃজিলা বাছ সেৱা আৰম্ভ অসমত

আনহাতে, প্ৰতিগৰাকী যাত্ৰীয়ে চৰকাৰী সকলো নীতি-নিয়মৰ লগতে স্বাস্থ্য বিধি মানি যাত্ৰা কৰিব লাগিব বুলি জনালে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে ৷

উল্লেখ্য যে, 2 আগষ্টত স্বাস্থ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 42904 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 32384 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 10412 গৰাকী আৰু মৃত্য়ু হোৱা ৰোগীৰ সংখ্য়া 105 গৰাকী ৷

লগতে পঢ়ক : কণী উৎপাদনেৰেও হ'ব পাৰে স্বাৱলম্বী: শিল্পী মানস ৰবীন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.