ETV Bharat / state

গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ প্ৰতিবাদ - প্ৰতিবাদ

চৰকাৰৰ শ্ৰমিকবিৰোধী নীতিৰ বিৰোধিতাৰে গুৱাহাটী শোধনাগাৰৰ মুখ্য দ্বাৰত বিক্ষোভ কাৰ্যসূচী ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ । কামৰ সময়সীমা বৃদ্ধি, ন্যাৰ্য প্ৰাপ্যৰ দাবী আৰু শ্ৰমিক ছাটাইৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

United Workmen Union protest at Guwahati Refinery
গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ প্ৰতিবাদ
author img

By

Published : Sep 8, 2021, 10:18 PM IST

গুৱাহাটী, ৮ ছেপ্টেম্বৰ : বিজেপি নেতৃত্বধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিক লৈ ক্ষুব্ধ হৈ পৰিছে ইউনাইটেড ৱৰ্কমেন ইউনিয়ন । চৰকাৰৰ এনে নীতিৰ বিৰোধিতা কৰি, শ্ৰমিকৰ প্ৰাপ্য অধিকাৰৰ দাবী তুলি বুধবাৰে নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰৰ মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নে ।

বিশেষকৈ কেন্দ্ৰীয় শ্ৰম আয়ুক্তই দিয়া নিৰ্দেশ অনুসৰি প্ৰাপ্য মজুৰি নিদিয়া, বহিঃৰাজ্যৰ কোম্পানী সমূহে শ্ৰমিক সকলৰ ৮ ঘণ্টা কামৰ বিপৰীতে ১২ ঘণ্টালৈ বৃদ্ধি কৰা আৰু বিগত ২০/২৫ বছৰ ধৰি কাম কৰি থকাৰ পিছতো তেনে শ্ৰমিকক ছাটাই কৰা, থলুৱা শ্ৰমিকক চাটাই কৰি বহিঃৰাজ্যৰ শ্ৰমিকক নিয়োগ কৰা আদিকে ধৰি শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে শোধনাগাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰায় এঘণ্টা সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিক সংগঠনটোৰ প্ৰায় দুই শতাধিক শ্ৰমিকে ।

প্ৰতিবাদকাৰী সকলে "কেন্দ্ৰীয় শ্ৰম আয়ুক্তৰ নিৰ্দেশ পালন কৰক ", " শ্ৰমিকক চাটাই কৰা বন্ধ কৰক ", " শ্ৰমিকক প্ৰাপ্য অধিকাৰ প্ৰদান কৰক " শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰা বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্ল'গানৰে পৰিবেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ ইউনিয়নৰ সভাপতি তথা এ আই চি চি টি ইউ ৰ ৰাজ্যিক সভাপতি বীৰেন কলিতাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক আৰু ৰাজহুৱা খণ্ড বিৰোধী পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে ।

লগতে চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে থিয় হৈ আন্দোলন গঢ়ি তুলিবলৈ শ্ৰমিক সকলক আহ্বান জনায় । ইফালে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ ইউনিয়নৰ কাৰ্যকৰী সভাপতি দেৱজিৎ ভাগৱতী আৰু সম্পাদক গিৰিশ কলিতাই ২০/২৫ বছৰ ধৰি শোধনাগাৰত অস্থায়ী শ্ৰমিক হিচাপে কাম কৰি থকাৰ পিছতো তেনে থলুৱা শ্ৰমিকক চাটাই কৰি দিল্লী, পাঞ্জাৱ, হাৰিয়ানা, মুম্বাই আদিৰ পৰা শ্ৰমিক আমদানি কৰাৰ বহিঃৰাজ্যৰ কোম্পানী সমূহৰ এনে শ্ৰমিক বিৰোধী নীতিক ধিক্কাৰ দিয়ে ৷

লগতে পঢ়ক: নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত নিহত 1; সন্ধানহীন অৰ্ধশতাধিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.