ETV Bharat / state

Opposition Unity Meeting : আসন ভাগ-বাটোৱাৰাক লৈ আজি বিয়লি বিৰোধী ঐক্য মঞ্চৰ বৈঠক - বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে

বৃহস্পতিবাৰ বিয়লি ভাগত বৈঠকত মিলিত হ’ব বিৰোধী ঐক্য মঞ্চ । আসনৰ ভাগ-বাটোৱাৰাক লৈ ১২ টাকৈ বিৰোধী ঐক্য মঞ্চই আয়োজন কৰিছে এই বৈঠক ৷

United Opposition Forum meeting to be held in Guwahati
বৈঠকত মিলিত হ’ব বিৰোধী ঐক্য মঞ্চ
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 1:14 PM IST

গুৱাহাটী, ২৬ অক্টোবৰ : আগন্তুক লোকসভা নিৰ্বাচনত আসন বুজাবুজি কৰাৰ বাবে আজি (বৃহস্পতিবাৰ) বিয়লি বৈঠকত মিলিত হ’ব বিৰোধী ঐক্য মঞ্চ । বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১২ টাকৈ বিৰোধী ৰাজনৈতিক দল । গঠন কৰা হৈছে বিৰোধী ঐক্য মঞ্চ ।

ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ কেইবালানি আলোচনা অনুষ্ঠিত হৈছে যদিও আসন ভাগ-বাটোৱাৰাক লৈ হোৱা নাই কোনো ধৰণৰ আলোচনা । যাৰ পৰিপ্ৰেক্ষিতত বিৰোধী ঐক্য মঞ্চৰ মাজত অবিশ্বাস-অনিশ্চয়তাই গা কৰি উঠিছে । বিশেষকৈ কংগ্ৰেছৰ ১৪ টা সমষ্টিৰ বাবে ৮৪ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাচতেই বিৰোধী ঐক্যত সন্দেহৰ বাতাবৰণ গঢ় লৈ উঠিছিল ।

ইফালে প্ৰতিটো দলেই নিজাববীয়াকৈ নিৰ্বাচনী ৰণৰ বাবে প্ৰস্তুতি চলাই আহিছে । লগতে বিৰোধী ঐক্যৰ কেইবাটাও দলে নিজাকৈ প্ৰাৰ্থী তালিকাও প্ৰস্তুত কৰিছে । কংগ্ৰেছৰ নেতৃত্বত ১২ টাকৈ বিৰোধী দল ঐক্যবদ্ধ হৈছে যদিও আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তেওঁলোকে কোনো ধৰণৰ উমৈহতীয়া কাৰ্যসূচী এতিয়ালৈকে গ্ৰহণ কৰা নাই । তেনে পৰিপ্ৰেক্ষিতত বিৰোধী ঐক্য মঞ্চৰ আজিৰ বৈঠকখন বিশেষ তাৎপৰ্যপূৰ্ণ হ'ব বুলি বিবেচনা কৰা হৈছে ।

আজি বিয়লি ২ বজাত গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হ'বলগীয়া বৈঠকত বিৰোধী ১২ টা ৰাজনৈতিক দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰিব । উল্লেখ্য যে, কংগ্ৰেছৰ উদ্যোগত ঐক্যবদ্ধ হোৱা ১২ টা বিৰোধী দলত আছে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, জাতীয় দল-অসম, তৃণমূল কংগ্ৰেছ, চি পি আই, চি পি আই এম, আঞ্চলিক গণ মৰ্চা, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পার্টী, আম আদমি পার্টী, চি পি আই (এম এল), ৰাষ্ট্ৰীয় জনতা দল আৰু জনতা দল (ইউ) ।

আজিৰ বৈঠকত আগন্তুক লোকসভাৰ আসন ভাগ-বটোৱাৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ’ব বুলি জানিব পৰা গৈছে । কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰক প্ৰতিহত কৰাৰ বাবে সকলো বিৰোধী একত্ৰিত হৈ ‘ইণ্ডিয়া’ গঠনৰ পাচতে অসমতো ১২ টা বিৰোধী দলে গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ ৷

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সভাপতি আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা বিৰোধী ঐক্য মঞ্চৰ সমন্বয়ৰক্ষী কমিটীত ইণ্ডিয়া গোটত অন্তৰ্ভুক্ত হোৱা চি পি আই, চি পি আই (এম), চি পি আই (এম এল), তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টী, এন চি পি, আৰ জে দিৰ লগতে ৰাইজৰ দল, আঞ্চলিক গণমৰ্চাও অন্তর্ভুক্ত হৈ আছে ।

উল্লেখ্য যে, আজিৰ বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিৰোধী ঐক্য মঞ্চই ৰূপৰেখা প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে । আসন বুজাবুজিত বিষয়টো এটা বৈঠকতে থিৰাং কৰাটো বিগ ব্ৰাদাৰ কংগ্ৰেছৰ বাবে সম্ভৱ নহ’ব । এই বিষয়ত আলোচনা দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Elephants Appointed at KNP : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নতুন কৰ্মচাৰী ধনমালা, সোণমলা আৰু কাঞ্চন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.