ETV Bharat / state

NH projects for Assam: ২৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 5:18 PM IST

গুৱাহাটীত ২৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী । ১৭,৫০০ কোটিতকৈও অধিক বিনিয়োগেৰে ২৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৷

NH projects for Assam
Nitin Gadkari in Guwahati
গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

গুৱাহাটী, ৩১ অক্টোবৰ: দুদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ সূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে ১৭,৫০০ কোটিতকৈও অধিক বিনিয়োগেৰে ২৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰমুখ্যে বিজেপিৰ বহু মন্ত্ৰী, সাংসদ, বিধায়ক ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে অসমে ইমান ভাল দিন কেতিয়াও দেখা নাছিল । সমূহ অসমবাসীৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী শৰ্মাৰ । লগতে উক্ত অনুষ্ঠানতে ঘোষণা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘২০২৪ ৰ জুনৰ ভিতৰত যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ চাৰিলেনযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ হ'ব । ২০২৪ ৰ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব নগাঁও-গহপুৰ সংযোগী চাৰিলেনযুক্ত ঘাইপথ ।’’

লগতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক গুৱাহাটীৰ ৰিং ৰোড নিৰ্মাণ, কাজিৰঙাত জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এটা এলিভেটেড ক'ৰিডৰ নিৰ্মাণৰ অনুৰোধ জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে নুমলীগড়ৰ পৰা গহপুৰলৈকে ব্ৰহ্মপুত্ৰৰ মাজেৰে সুৰংগ নিৰ্মাণ আৰু বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাবে অনুৰোধ জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক । কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা জংচনলৈ ROPE WAY নিৰ্মাণৰ বাবেও আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে মুখ্যমন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰি কামাখ্যাৰ ৰ'পৱে নিৰ্মাণৰ বাবে অনুমোদন গাডকাৰীৰ । লগতে উক্ত অনুষ্ঠানৰ পৰাই কাজিৰঙাত ৮ হাজাৰ কোটি টকা ব্যয়েৰে এলিভেটেড ক'ৰিডৰ নিৰ্মাণৰো ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ । ৰাজ্যৰ পথ নিৰ্মাণৰ বাবে ৬০০ কোটি টকা অনুমোদনৰ ঘোষণা কৰাৰ লগতে সেতুবন্ধন যোজনাৰ যোগেদি দলং, উৰণ সেতু নিৰ্মাণৰ বাবে ২০০ কোটি টকা অনুমোদন গাডকাৰীৰ ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘যোগীঘোপাৰ মাল্টিমডেল পাৰ্কে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়াব । অসমত প্ৰদূষণ হ্ৰাস কৰাৰ বাবে ডিজেলত মিথানল প্ৰয়োগ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । অসমৰ পথ উন্নত মানৰ হ'লে অসমত বাণিজ্যক বিকাশ আগবাঢ়িব । ‘‘এতিয়ালৈকে ৭ বাৰ ডি. লিট ডিগ্ৰী লাভ কৰাৰ পিচতো ডক্টৰেট ডিগ্ৰী মই ব্যৱহাৰ নকৰো । এইখন দেশত পইচাৰ অভাৱ নাই,কাম কৰা মানুহৰহে অভাৱ’’ বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Nitin Gadkari in Guwahati: ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ কাষেৰে ৰিং ৰোড; কাজিৰঙাত এলিভেটেড ৰোড সকলো হ’ব; গাডকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.