ETV Bharat / state

Union Minister Nitin Gadkari : উত্তৰ-পূৰ্বাঞ্চলৰ ঘাইপথ উন্নয়ৰ বাবে 1 লাখ 37 হাজাৰ কোটি: নীতিন গাডকাৰী - উত্তৰ পূৰ্বাঞ্চলৰ পথ উন্নিতকৰণক

উত্তৰ-পূৰ্বাঞ্চলৰ ঘাইপথ উন্নিতকৰণক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ ৷

Minister Nitin Gadkari
উত্তৰ পূৰ্বাঞ্চলৰ ঘাইপথ উন্নয়ৰ বাবে 1 লাখ 37 হাজাৰ কোটি ধাৰ্য
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:09 PM IST

গুৱাহাটী, 31 অক্টোবৰ : উত্তৰ-পূৰ্বাঞ্চলৰ ঘাইপথ উন্নিতকৰণক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ ৷ এক সংবাদমেলত অংশগ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ পথ উন্নয়নৰ বাবে গ্ৰহণ কৰা কেইবাটাও প্ৰকল্পৰ কথা উল্লেখ কৰে মন্ত্ৰী গাডকাৰীয়ে ৷

তেওঁ কয়, ‘‘বিজেপিৰ শাসন কালত উত্তৰ-পূৰ্বাঞ্চলত বৰ্তমানলৈকে মুঠ 3 লাখ কোটি ব্যয়েৰে 798 টা পথৰ 17,470 কিলোমিটাৰ দৈৰ্ঘ্য পথৰ আন্তঃগাঁথনিৰ উন্নয়ন বাবে প্ৰকল্প হাতত লোৱা হৈছে ৷ এই‌ প্ৰকল্পসমূহৰ ভিতৰত 367 টা প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে ।‌ 275 টা‌ প্ৰকল্পৰ কাম‌ বৰ্তমানেও চলি‌ আছে । আনহাতে ইয়াৰে 152 টা নতুন প্ৰকল্প । এই নতুন প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে 1,37,877 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে ।’’

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমত সৰ্বাধিক প্ৰকল্প ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী গাডকাৰীয়ে কয় যে, আকৌ নতুন 48 টা প্ৰকল্প অসমৰ বাবে নিৰ্ধাৰণ কৰা হৈছে । আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ড আৰু মেঘালয়ত পথ নিৰ্মাণৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাৰ সন্দৰ্ভত মন্ত্ৰী গাডকাৰীয়ে কয়, ‘‘ উত্তৰ-পূৰ্বাঞ্চলৰ দুই ৰাজ্য মেঘালয় আৰু নাগালেণ্ডত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণত যথেষ্ট অসুবিধা সন্মুখীন হৈছো ।‌ যাৰ বাবে ইয়াত পথ নিৰ্মাণত পলম হয় ।’’

এইক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু জনসাধাৰণৰ সহযোগিতা বিচাৰি তেওঁ কয়, অসম চৰকাৰে ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত ভাল কাম কৰি আছে । কিন্তু আমি উত্তৰ-পূবৰ আন ৰাজ্যত ভূমি অধিগ্ৰহণৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছো বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

দুদিনীয়া উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ সূচীৰে সোমবাৰে গুৱাহাটীত উপস্থিত হোৱা মন্ত্ৰী গাডকাৰীয়ে মঙলবাৰে 17,500 কোটিতকৈও অধিক বিনিয়োগেৰে 26 টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ।

লগতে পঢ়ক:NH projects for Assam: ২৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.