গুৱাহাটী, ২৫ মাৰ্চ : নিবনুৱাক সংস্থাপন দিয়াৰ অন্যতম এটা প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কিন্তু এইক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই (Unemployment problem in Assam)। আনকি এবছৰত এক লাখ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিও বৰ্তমানে সম্পূৰ্ণ হোৱা নাই । ইফালে নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত নিবনুৱাৰ সংখ্যা ২২ লাখৰ পৰা ১২ লাখলৈ হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বিধানসভাৰ অধিৱেশনত সদৰী কৰিছিল ।
কিন্তু মুখ্যমন্ত্ৰীৰ এই দাবীৰ বিপৰীতে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনে আন এক তথ্য দাঙি ধৰিছে । অর্থনৈতিক জৰীপৰ প্ৰতিবেদন মতে ২০২১ চনত ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২২ লাখ ১২৫ গৰাকী । উক্ত বৰ্ষত প্ৰকাশ পোৱা ২৯৪ টা পদৰ বিপৰীতে মাত্ৰ ১১১গৰাকী নিবনুৱাইহে কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিল । গতিকে বাকী ২২ লাখ ১৪ গৰাকী নিবনুৱাৰ কিমানক ৰাজ্য চৰকাৰে সংস্থাপন দিবলৈ সক্ষম হ’ল তাৰ তথ্য কিন্তু এতিয়াও পোহৰলৈ অহা নাই ।
উল্লেখ্য যে, ২০১৪, ২০১৫, ২০১৬, ২০১৭, ২০১৮, ২০১৯ আৰু ২০২০ বৰ্ষত নিয়োগ বিনিময় কেন্দ্ৰসমূহত পঞ্জীভূক্ত নিবনুৱাৰ সংখ্যা আছিল ক্ৰমে ১৭,৪৬,৫২০; ১৯,১৫,৮৮৬; ২০,১০,৬০৩; ১৯,৬৩,৩৭৬; ২০,২৪,৪৪৬; ২০,৪৭,১৯৫ আৰু ২০,৮০,৭৬৭ জন । ইয়াৰ বিপৰীতে এই বছৰসমূহত নিযুক্তি লাভ কৰা নিবনুৱাৰ সংখ্যা আছিল ক্ৰমে ১০৯৯; ১০২৮; ৫৮২; ১০২৩; ৯৮৫; ৯৭ আৰু ৮৪ গৰাকী ।
অর্থনৈতিক জৰীপৰ এই তথ্যৰ পৰা স্পষ্টভাৱে দেখা গৈছে যে ৰাজ্যত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা দিনক দিনে ভয়াৱহ ৰূপত বৃদ্ধি পাই আহিছে । কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ২২ লাখ নিবনুৱাৰ সংখ্যা ১২ লাখলৈ হ্ৰাস পোৱা বুলি কি যুক্তিৰ আধাৰত ক’লে সেয়া ৰহস্যৰ আৱৰ্তত ।
আন এক লক্ষণীয় বিষয় যে নিয়োগ বিনিময় কেন্দ্ৰৰ যোগেদি নিযুক্তিৰ সংখ্যাও উদ্বেগজনকভাৱে হ্ৰাস পাই আহিবলৈ ধৰিছে । অর্থনৈতিক জৰীপৰ প্ৰতিবেদন মতে ২০১৪ চনত ২৮২৯ টা খালী পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল । তাৰ পাচৰে পৰাই খালী পদ কমি আহিবলৈ ধৰে আৰু ২০১৫ চনত ২৬৭২ টা, ২০১৬ চনত ২১৪৭ টা, ২০১৭ চনত ২৩৯৫ টা, ২০১৮ চনত ৮৩৩ টা, ২০১৯ চনত ৫৫৭ টা, ২০২০ চনত ২৩১ টা আৰু ২০২২ চনত মাত্ৰ ২৯৪ টা খালী পদৰ বাবেহে বিজ্ঞাপন প্ৰকাশ পায় ।
এই খালী পদসমূহৰ বিপৰীতে ২০১৪, ২০১৫, ২০১৬, ২০১৭, ২০১৮, ২০১৯ আৰু ২০২০ বৰ্ষত নিযুক্তি পোৱা নিবনুৱাৰ সংখ্যা আছিল ক্ৰমে ১০৯৯, ১০২৮, ৫৮২, ১০২৩, ৯৮৫, ৯৭ আৰু ৯৪ গৰাকী । ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ক্ৰমান্বয়ে ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহক কেৱল নিবনুৱাৰ সংখ্যা গণনা কৰা বিভাগলৈহে পৰিণত কৰা হৈছে (Unemployment problem increase in Assam) ।
ৰাজ্য চৰকাৰে স্ব-নিয়োজনৰ কথা সততে কৈ আহে যদিও বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰিব নোৱাৰৰ ফলতে ৰাজ্যখনত সম্প্ৰতি নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱাই সংস্থাপন বিচাৰি বহিৰাজ্যলৈ যাবলগীয়া হৈছে ।
লগতে পঢ়ক : Assam’s interest burden increase : ঋণৰ সমান্তৰালকৈ ৰাজ্যৰ বৃদ্ধি পাইছে সুদৰ বোজা