গুৱাহাটী, ১৩ জুলাই : অপৰিবৰ্তিত হৈ আছে অসমৰ বান পৰিস্থিতি । উজনিত যদি চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা অহা পানী তেন্তে নামনি অসমৰ কেইবাখনো জিলাত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা ধলে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি। উজনি-নামনি সমগ্ৰ অসমত বছৰৰ দ্বিতীয়টো বানত আক্ৰান্ত হৈছে বিশাল অঞ্চল ৷ বিশেষকৈ নামনি অঞ্চলৰ বিশাল অঞ্চলত সৃষ্টি হৈছে প্ৰলয় ৷ চিৰাং, নলবাৰী, বঙাইগাঁও জিলাৰ এক বিশাল অঞ্চল পুনৰ বানৰ কৱলত পৰিছে ।
চিৰাঙৰ কেইবাখনো নৈৰ বাঢ়নি পানীত বুৰ গৈ আছে শতাধিক গাঁও । দুদিন ধৰি ভূটানৰ পৰা বৈ অহা পানীৰে উফন্দি উঠিছে চিৰাং জিলাৰ ভূটান সীমান্তৰ পৰা বৈ অহা আই ,মাক্ৰা নৈ,নাঙলভাঙা নৈ, লালাই , টাক্লাই , নিজলা নৈকে আদি কৰি কেবাটাও নৈ উপ-নৈ। নাঙলভাঙা অঞ্চলৰ ২৬ খন গাঁও নদী দ্বীপৰ দৰে আৱদ্ধ হৈ পৰিছে । এফালে আই নৈ, আনফালে নাঙলভাঙা নৈ । সমগ্ৰ অঞ্চলটোত নাও চলাচল বন্ধ হোৱাত আন অঞ্চলেৰে যাতায়াত কষ্টকৰ হৈ পৰিছে ।
একেদৰে ভূটানৰ পৰা নামি অহা লালাই নৈৰ বাঢ়নি পানীয়ে বান্ধ উটুৱাই নিয়াৰ ফলত চিৰাঙৰ মালিভিটাৰ কেইবাখনো গাঁও অদ্যপি প্লাৱিত । একেদৰে ভূটান সীমান্তৰ কংক্ৰাঝোৰাকে আদি কৰি বহু কেইখন গাঁৱত ভূটানৰ পৰা নামি অহা পানী সোমোৱাৰ ফলত প্লাৱিত হৈছে গাঁওসমূহ । ইফালে, বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ ২০ খনৰো অধিক গাঁও আই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৷
লখিমপুৰ জিলাৰ ৩৬ খন গাঁও বানৰ কৱলত পৰিছে । জিলাখনৰ বিহপুৰীয়া ৰাজহ চক্ৰত ১১খন, নাওবৈচাত ৬ খন,সোৱণশিৰি ৰাজহ চক্ৰত ১৯ খন গাঁও বানৰ কৱলত পৰিছে । এই বানপ্ৰৱণ অঞ্চলত ২৫,৭৫২ জন লোক ক্ষতিগ্ৰস্ত হৈছে । প্ৰায় ২৯৫.৫০ হেক্টৰ শস্য়ক্ষেত্ৰ বিনষ্ট হৈছে । জিলাখনৰ নাওবৈচাত ১৫ নং ৰাষ্ট্ৰীয়পথৰ পৰা নামনিৰ দিশে ওভতনি সোঁত সৃষ্টি কৰি ২৫খন মান গাঁৱৰ বিস্তৰ ক্ষতিসাধন কৰিছে ।
ভূটানৰ পানীয়ে কিয় ত্ৰাসৰ সৃষ্টি কৰিছে নামনি অসমত ?
মাজে মাজে ভূটানৰ কুৰিশ্ব’ জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়া বাবে সমগ্ৰ নামনি অসমত পানী হোৱা বুলি অভিযোগ উঠি আহিছে ৷ কিন্তু বিশেষজ্ঞ সকলৰ মতে, এই বান্ধৰ পৰা পানী এৰিলে বেকী নদীৰে বানপানী আহি বৰপেটা জিলাত প্ৰত্যক্ষ প্ৰভাৱ পেলায় । বাকী অসমৰ ভুটানৰ পাদদেশত থকা প্ৰায়বোৰ নদী বৰ্হি হিমালয়ৰ পৰা নিৰ্গত ৷ ক’তো নদী বান্ধ নাই । আই নদীখন মানাহ, বেকীৰ উপনৈ ৷ ভূটানৰ ব্লেক মাউন্টেইন পাহাৰৰ পৰাই আহিছে বেকী নৈ ৷ ভাৰত-ভূটান সীমান্তৰ ভূটানৰ সৰহভাগ দাঁতি কাষৰীয়া অঞ্চলত বনভূমি অত্যধিকভাৱে ধ্বংস হোৱাৰ বাবে অলপ বেছি মাত্ৰাত বৰষুণ হ’লেই নদীবোৰেদি এতিয়া ঢল নামি আহে ।
লগতে পঢ়ক:Flood in Lakhimpur: অপৰিৱৰ্তিত লখিমপুৰৰ বান পৰিস্থিতি; মূষলধাৰ বৰষুণে জটিল কৰি তুলিছে পৰিস্থিতি