গুৱাহাটী, 27 জানুৱাৰী: অসম বিধানসভাত বিধায়ক দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হৈ থাকিব পাৰিব নে নোৱাৰে তাকে লৈ চলি থকা ন্যায়িক যুঁজখনে বুধবাৰে আকৌ এক নতুন গতি লোৱা পৰিলক্ষিত হয় ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে আজি এই প্ৰসংগত বিধানসভা সচিবালয়ে জনোৱা আৰ্জি নাকচ কৰি একপ্ৰকাৰ বিমুখ কৰে বিধানসভা সচিবালয়ক ৷
উল্লেখ্য যে সম্প্ৰতি বিধানসভাত কংগ্ৰেছ দলৰ পৰ্যাপ্ত বিধায়ক নথকাৰ বাবে বিধানসভা সচিবালয়ে ইতিমধ্যে এক অধিসূচনা জাৰি কৰি দেৱব্ৰত শইকীয়াৰ বিৰোধী দলপতিৰ পদ কৰ্তন কৰিছিল । কিন্তু বিধানসভা সচিবালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তাৎক্ষনিকভাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিধায়ক শইকীয়া ৷

সেই অনুসৰি বিগত 12 জানুৱাৰীত উচ্চ ন্যায়ালয়ে অসম বিধানসভা সচিবালয়ে জাৰি কৰা উক্ত অধিসূচনাৰ স্থগিতাদেশৰ নিৰ্দেশ দিছিল । ফলত বিৰোধী দলপতিৰ পদত বাহাল আছিল দেৱব্ৰত শইকীয়া । ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উচ্চ ন্যায়ালয়ৰ সেই স্থগিতাদেশৰ প্ৰত্যাহ্বান জনাই বিধানসভা সচিবালয়ে খণ্ড বিচাৰপীঠত আবেদন জনাইছিল ।

উক্ত আবেদনৰ পাছতে বুধবাৰে খণ্ড বিচাৰপীঠে এই সন্দৰ্ভত কেনো নিৰ্দেশ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে আৰু পূৰ্বৰ এজনীয়া বিচাৰপীঠতে আবেদন জনাবলৈ বিধানসভা সচিবালয়ক নিৰ্দেশ দিয়ে । সেইমৰ্মে 29 জানুৱাৰীত পুনৰ এজনীয়া বিচাৰপীঠে বিষয়টোৰ শুনানী গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক:সমাগত নিৰ্বাচনত ইউপিপিএল-বিজেপিয়ে যৌথভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব: মন্ত্ৰী হিমন্ত