ETV Bharat / state

সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিলো, আমি নোৱাৰিলো, হাৰিলো: শশধৰ চৌধুৰী - সশস্ত্ৰ সংগ্ৰাম

যিসকলে পৰেশ বৰুৱা কিয় নাহিল বুলি প্ৰশ্ন কৰিছে তেওঁলোকে পৰেশ বৰুৱাক লৈ আনক । কিয় প্ৰশ্ন কৰাসকলে সেইটো কৰিব নোৱাৰে ? প্ৰশ্ন শশধৰ চৌধুৰীৰ ৷

ulfa leaders press meet
সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিলো, আমি নোৱাৰিলো, হাৰিলো- শশধৰ চৌধুৰী
author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 6:56 PM IST

সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিলো, আমি নোৱাৰিলো, হাৰিলো- শশধৰ চৌধুৰী

গুৱাহাটী,৩১ ডিচেম্বৰ: "সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিলো । আমি নোৱাৰিলো হাৰিলো । গণতান্ত্ৰিক সংগ্ৰাম নহ’ব । ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি যাম ৷" সংযুক্ত মুক্তি বাহিনী অসমৰ বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে দেওবাৰে আদৰণি অনুষ্ঠানত এই মন্তব্য প্ৰকাশ কৰে ৷

চুক্তি স্বাক্ষৰৰ পিচতে দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংযুক্ত মুক্তি বাহিনী‌ অসমৰ 18 জনীয়া দলটোৱে সংবাদমেল আয়োজন কৰে । উল্লেখ্য যে, 29 ডিচেম্বৰত নতুন দিল্লীৰ নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত আলফা-ভাৰত চৰকাৰ-অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হয় ত্ৰিপাক্ষিক শান্তি চুক্তি । চৰকাৰীভাৱে আলফা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত এই চুক্তিক ত্ৰিপাক্ষিক মীমাংসা চুক্তি হিচাপে আখ্যা দিয়া হৈছে ৷

সংবাদমেলত বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে কয়, "জনগণৰ লগত আমি ৰাজনীতি কৰিবলৈ নাই । মই গণতান্ত্ৰিক আন্দোলনক বিশ্বাস নকৰোঁ ৷ 25 বছৰ ধৰি মই পৰেশ বৰুৱাৰ লগত আছো ৷ একেলগে খাইছো, এখন বিছনাতেই শুইছো, এখন থালতে খাইছো । তেওঁ কি কৰিব লাগে নালাগে মই সেইটো ক’ব নালাগে । যিসকলে পৰেশ বৰুৱা কিয় নাহিল বুলি প্ৰশ্ন কৰিছে তেওঁলোকে পৰেশ বৰুৱাক লৈ আনক । কিয় প্ৰশ্ন কৰাসকলে সেইটো কৰিব নোৱাৰে ?"

তাৰ পিচতে এই আলোচনাৰ বাবে পৰেশ বৰুৱাই মুখ্যমন্ত্ৰীৰ লগত হোৱা যোগাযোগত ইতিবাচক ইংগিত দিয়া বুলি জনাইছে বুলি মন্তব্য কৰে শশধৰ চৌধুৰীয়ে ।

ইফালে শেহতীয়াকৈ আলফাক লৈ যি প্ৰচাৰ পত্ৰ ওলাইছিল সেয়া আমি গুৰুত্ব দিয়া নাই । সেয়া ভুৱা প্ৰচাৰ পত্ৰ বুলি সংবাদমেলত মন্তব্য কৰে সাধাৰণ সম্পাদক অনুপ চেতিয়াই। তেওঁ কয়, "চুক্তিৰ পিচত বহু সমালোচনা হৈছে। কিন্তু জাতিৰ বাবে জাতিৰ হৈ আমি দৃঢ় প্ৰতিজ্ঞাবদ্ধ । 1992 চনত আলোচনা হৈছিল তেতিয়াও কেন্দ্ৰই আমাক আমাৰ দাবীবোৰ মানি লোৱা নাছিলো সেয়েহে আলোচনা গতি স্তব্ধ হৈছিল । ড৹ হীৰেণ গোহাঁই ছাৰক ধন্যবাদ জনাইছো । তেওঁৰ বাবেই আমাৰ কেন্দ্ৰৰ সৈতে পুনৰ আলোচনা আৰম্ভ হৈছিল ৷ দাবী চনদ আমাৰ নেতৃত্বই যুগুত কৰি দিছিল । কিন্তু একাংশই সেই দাবী চনদ আমি নাই দিয়া বুলি এটা অভিযোগ তুলিছে ৷ আলোচনাৰ বাবে আজিলৈ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীক আলফাৰ সদস্যই তৈলমৰ্দন কৰিবলৈ যোৱা নাই। এই চুক্তি অনুসৰি শ্বহীদ পৰিয়ালৰ পৰা ভূটানত শ্বহীদ হোৱা 31 টা পৰিয়ালে সহায় পাব।
যি সকলৰ মাটি নাই তেওঁলোকল 1 কথা 1 লেচাকৈ মাটি দিব। অসমৰ অখণ্ডতা অটুট থকাৰ লগতে সমষ্টি পুণৰ নিৰ্ধাৰণৰ জৰিয়তে সাংবিধানিক ৰক্ষাকৱচ সুনিশ্চিত হৈছে। খিলঞ্জীয়াৰ হাতত ৰাজনৈতিক অধিকাৰ থাকিব বুলি মন্তব্য কৰে ।"

লগতে এই সংবাদমেলত সভাপতি অৰবিন্দ ৰাজখোৱাই ধেমাজি ঘটনাৰ বাবে পুনৰ ক্ষমা বিচাৰে ।

উল্লেখ্য যে, অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ, সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে সুনিশ্চিত কৰাৰ দিহা প্ৰদান কৰা হৈছে বুলি দাবী কৰিছে আলফা নেতৃত্বই । যি প্ৰক্ৰিয়াৰে 126 খন আসন বিশিষ্ট অসম বিধানসভাত অলিখিতভাৱে থলুৱা জাতি জনগোষ্ঠীৰ বাবে 94 খন আসন সংৰক্ষিত কৰা হৈছে ভবিষ্যতেও সেইদৰে থলগিৰি জাতি-জনগোষ্ঠীৰ অধিকাৰ সুনিশ্চিত হৈ থাকিব । চুক্তি অনুসৰি জনসংখ্যাৰ ঘনত্ব, ভৌগোলিক অৱস্থান আদি যিবোৰ পদ্ধতি তথা প্ৰণালী অনুসৰণ কৰি চলিত বছৰৰ সমষ্টি পুনৰ নির্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে । পুনৰ নির্ধাৰণ প্ৰক্ৰিয়াও উক্ত প্ৰণালী অনুসৰণ কৰি সম্পন্ন কৰা হ'ব । আলফা জন্মৰ 44 বছৰ পিচত পৰেশ বৰুৱা অবিহনে স্বাক্ষৰিত হয় এই ত্ৰিপাক্ষিক চুক্তিখন ।

লগতে পঢ়ক: ত্ৰিপাক্ষিক চুক্তিৰ পাচত ৰাজ্যবাসীৰ আগত প্ৰথমটো প্ৰতিক্ৰিয়া আলফা নেতৃত্বৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.