ETV Bharat / state

জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ শেষ নিশ্বাস

জীৱন নাট সামৰিলে জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণে (ULFA Leader Jibon Moran passes away) ৷ চিকিৎসাধীন অৱস্থাতে শনিবাৰে 67 বছৰ বয়সত শেষ নিস্বাস ত্যাগ কৰে পৰেশ বৰুৱাৰ একালৰ অতিকে বিস্বস্ত আৰু ঘনিষ্ঠ সহযোগী ৰূপে পৰিচিত জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াই ৷

author img

By

Published : Aug 27, 2022, 10:46 PM IST

Updated : Aug 27, 2022, 10:55 PM IST

ULFA Leader Jibon Moran passes away
জ্যেষ্ঠ আলফা নেতা জীৱন মৰাণৰ শেষ নিশ্বাস

নিউজ ডেস্ক, 27 আগষ্ট : অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে আলফাৰ অন্যতম জ্যেষ্ঠ নেতা জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াই ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত শনিবাৰো নিশা গুৱাহাটী মহানগৰীৰ এপ’ল হাস্পতালত মৃত্যুক আকোঁৱালি ল’লে জ্যেষ্ঠ আলফা নেতাগৰাকীয়ে (ULFA Leader Jibon Moran passes away) ৷

আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ বুলি পৰিচিত আছিল মেজৰ জেনেৰেল জীৱন মৰাণ ৷ সুদীৰ্ঘ সময় ধৰি পৰেশ বৰুৱাৰ সৈতে ছাঁৰ দৰে লাগি থকা জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াই 2021 চনত স্বাস্থ্যজনিত কাৰণত আলফা স্বাধীন ত্যাগ কৰি প্ৰায় আঢ়ৈ দশক পূৰ্বে এৰি থৈ যোৱা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ নিজৰ ঘৰখনলৈ ওভতি আহিছিল ৷

আলফাৰ পৰা অব্যাহতি লৈ মূলসুঁতিলৈ ঘূৰি অহাৰ পিছতেই ধন দাবীৰ এটা গোচৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল এইজন আলফা নেতা ৷ সেই গোচৰত অভিযুক্ত জীৱন মৰাণ দীৰ্ঘ সময় ধৰি কাৰাৰুদ্ধও হৈ থাকিবলগীয়া হৈছিল ৷ তেতিয়াৰে পৰাই বৃক্কজনিত ৰোগত গুৰুতৰভাৱে আক্ৰান্ত হৈ আছিল জীৱন মৰাণ ৷

শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে জীৱন মৰাণক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ এপ’ল হাস্পতালত ৷ চিকিৎসাধীন অৱস্থাতে জ্যেষ্ঠ আলফা নেতাগৰাকী ক’ভিডতো আক্ৰান্ত হৈ পৰে আৰু আজি নিশা 67 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে পৰেশ বৰুৱাৰ একালৰ অতিকে বিস্বস্ত আৰু ঘনিষ্ঠ সহযোগী ৰূপে পৰিচিত জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়াই ৷

লগতে পঢ়ক : তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Last Updated : Aug 27, 2022, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.