ETV Bharat / state

ULFA I killed yet another cader : আলফা(স্বা)ৰ শিবিৰত পুনৰ আন দুজন কেডাৰক মৃত্যুদণ্ড ! - সংগঠনটোৰ শিবিৰৰ পৰা পলায়ন কৰাৰ চেষ্টা

আলফা(স্বা)ৰ শিবিৰত পুনৰ আন দুজনকৈ কেডাৰক মৃত্যুদণ্ড দিয়াৰ ঘটনা পোহৰলৈ আহিছে ৷ সংগঠনটোৰ শিবিৰৰ পৰা পলায়ন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগতেই মৃত্যুদণ্ড দিয়া হৈছে দুই কেডাৰক ৷

ULFA I killed yet another cader
আলফা(স্বা)ৰ শিবিৰত মৃত্যুৰ কিৰিলি
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 12:27 PM IST

Updated : Oct 29, 2023, 1:05 PM IST

নিউজ ডেস্ক, ২৯ অক্টোবৰ : সৌ সিদিনা অটব্য অৰণ্যত থকা আলফা(স্বা)ৰ শিবিৰত দুগৰাকী নেতাক মৃত্যুদণ্ড দিয়া ঘটনাৰ ৰহস্য মাৰ নৌযাওঁতেই পুনৰ পোহৰলৈ আহিছে আলফা(স্বা)ৰ শিবিৰত আন দুজনকৈ কেডাৰক মৃত্যুদণ্ড দিয়াৰ ঘটনা ৷ অৱশ্যে এই ঘটনা ২০২২ চনৰ ছেপ্তেম্বৰ মাহতে সংঘটিত হৈছিল যদিও সমগ্ৰ ঘটনাক্ৰম কালি অৰ্থাৎ শনিবাৰেহে পোহৰলৈ আহে ৷

তথ্য অনুসৰি, সংগঠনটোৰ শিবিৰৰ পৰা পলায়ন কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি এই দুজন আলফা কেডাৰক হত্যা কৰা হয় ৷ এ জেদ শিৰোনাম অসমে এই দুজন কেডাৰক গুলীয়াই হত্যা কৰাৰ কথা নিশ্চিত হৈছে ৷ প্ৰকৃততে বৃহস্পতিবাৰে আলফা(স্বা)ৰ ফালৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা হৈছিল এটা ভিডিঅ' বাৰ্তা ৷

উক্ত ভিডিঅ' বাৰ্তাটোতেই কিছুদিন পূৰ্বে এ জেদ শিৰোনাম অসম আৰু বৰ্ণালী অসমক কি অপৰাধত হত্যা কৰা হৈছিল সেই বিষয়ে আলফা(স্বা)ৰ ফালৰ পৰা স্পষ্টীকৰণ দাঙি ধৰা হৈছিল ৷ উক্ত স্পষ্টীকৰণটোত স্পষ্টকৈ কোৱা হৈছিল যে সদ্যমৃত এ জেদ শিৰোনাম অসমে ২০২২ৰ ছেপ্তেম্বৰ মাহত অটব্য অৰণ্যত থকা সংগঠনৰ শিবিৰত নৱাগত দুজন কেডাৰক গুলীয়াই মৃত্যুদণ্ড দিছিল ৷

ULFA I killed yet another cader
আলফা(স্বা)ৰ শিবিৰত মৃত্যুৰ কিৰিলি

সেই সময়ত চাৰিগৰাকী কেডাৰে শিবিৰ এৰি পলায়ন কৰাৰ চেষ্টা কৰিছিল আৰু তেনে সময়তে শিৰোনাম অসমে ইয়াৰে দুজনক মইমতালিৰে গুলীয়াই হত্যা কৰিছিল ৷ এই চৰম সিদ্ধান্ত লোৱাৰ পূৰ্বে এ জেদ শিৰোনাম অসমে শীৰ্ষ নেতৃত্বৰ পৰা কোনো অনুমতিও লোৱা নাছিল ৷ মৃত্যুদণ্ডৰ এই সিদ্ধান্ত আছিল তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত ৷ এনেবিলাক অভিযোগৰ বাবেই অৱশেষত এ জেদ শিৰোনাম অসমকো পৰৱৰ্তী সময়ত আলফা(স্বা)এ মৃত্যুদণ্ড বিহিছিল ৷

বৃহস্পতিবাৰে দুজনকৈ যুৱকক হত্যা কৰা খবৰ ৰাজহুৱা হোৱাৰ লগেলগে স্বাভাৱিকতে এক উৎকণ্ঠাৰ সৃষ্টি হয় যে শিৰোনাম অসমে হত্যা কৰা কেডাৰদুজন কোন আছিল ? পৰৱৰ্তী সময়ত মৃত এইদুজন কেডাৰৰ এজনৰ পৰিচয় পোহৰলৈ আহে ৷ তেওঁৰ নাম আছিল বিভাকৰ কলিতা ওৰফে প্ৰণৱ অসম ৷

২০২২ চনতে আলফা(স্বা)লৈ যোৱা বিভাকৰৰ ঘৰ আছিল পাঠশালাত ৷ আনহাতে, মৃত দ্বিতীয়জন কেডাৰৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই ৷ দ্বিতীয়জন কেডাৰৰ ঘৰ নগাঁৱত বুলি জানিব পৰা গৈছে ৷ এক অসমৰ্থিত সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷

ইপিনে বিভাকৰৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে তেওঁৰ পাঠশালাৰ ঘৰখনত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিভাকৰৰ আত্মীয়ই প্ৰকাশ কৰা অনুসৰি আলফা(স্বা)ৰ ম্যানমাৰৰ শিবিৰত চৰম খাদ্য সংকটে দেখা দিয়াৰ বাবে বিভাকৰ আৰু কেইগৰাকীমান কেডাৰে শিবিৰৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছিল ৷

অৱশ্যে স্বাভাৱিকভাৱেই এই মৃত্যুদণ্ডৰ ঘটনাৰ সন্দৰ্ভত এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আলফা(স্বা)ৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই ৷

লগতে পঢ়ক : Capital punishment to top ULFA leader: ম্যানমাৰৰ আলফা শিবিৰত শীৰ্ষ আলফা নেতা লাচিতসহ দুজনক মৃত্যুদণ্ডৰ শাস্তি

Last Updated : Oct 29, 2023, 1:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.