ETV Bharat / state

লাভলীনা বৰগোঁহাইক অভিনন্দন আলফা স্বাধীনৰ

লাভলীনা বৰগোহাঁইক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে "সংযুক্ত মুক্তি বাহিনী অসমে(স্বাধীন)" ৷ এক প্ৰেছ বিবৃতি যোগে আলফাই(স্বাধীন) ক'লে, A Bold attempt is half success ৷

author img

By

Published : Aug 5, 2021, 6:48 PM IST

ulfa(i) congratulate lovlina borgohain
লাভলীনাক অভিনন্দন জনাই কি ক'লে আলফা(স্বাধীন)য়ে ?

নিউজ ডেস্ক, 5 আগষ্ট : "A Bold attempt is half success ৷ বক্সিঙৰ দৰে অতি সংশয়পূৰ্ণ ক্ৰীড়াত অংশগ্ৰহণ কৰি লাভলীনাই আগতেই নিজৰ সাহস আৰু দৃঢ়তাৰ প্ৰমাণ দি থৈছে ৷ এই দৃঢ়তা আৰু সাধনাৰ ফল আজি লাভ কৰি অলিম্পিকৰ বুৰঞ্জীত অসমৰ নাম খোদিত কৰিলে লাভলীনাই ৷ তেখেতৰ এই সফলতাৰ যাত্ৰা অব্যাহত থকাটো আমি কামনা কৰোঁ ৷" এই মন্তব্যৰে লাভলীনা বৰগোহাঁইক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে সংযুক্ত মুক্তি বাহিনী অসমে (স্বাধীন) ৷

এই উদ্দেশ্যেৰে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে আলফাই (স্বাধীন) ৷ কেৱল লাভলীনাই নহয় লাভলীনাৰ সফলতাৰ আঁৰত থকা পিতৃ-মাতৃৰ লগতে লাভলীনাৰ অলিম্পিক যাত্ৰাৰ আঁৰত থকা সকলোকে অভিনন্দন জ্ঞাপন কৰে সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন) চমুকৈ আলফাই (স্বাধীন) ৷

লগতে পঢ়ক : ৯ আগষ্টত গুৱাহাটীত ৰঙা দলিচাত ভৰি দিব লাভলীনা বৰগোঁহায়ে

ইয়াৰ লগতে আলফাই (স্বাধীন) প্ৰেছ বিবৃতিটোত উল্লেখ কৰে যে, লাভলিনাৰ এই সফলতাৰ আঁৰত পিতৃ-মাতৃৰ অপৰিসীম সাহস, ত্যাগ আৰু অনুপ্ৰেৰণা অসমৰ অভিভাৱক সকলৰ বাবে আদৰ্শ হোৱা উচিত ৷ অভিভাৱক সকলে নিজৰ সন্তানক কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰ বা প্ৰশাসনিক বিষয়া হোৱা অথবা সহজে ধন ঘটাৰ শলিয়া দৌৰত আৱদ্ধ নাৰাখি ক্ৰীড়া ক্ষেত্ৰতো মনোনিবেশ কৰাবলৈ আহ্বান জনাই আলফা স্বাধীনে ৷

ইফালে, অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰয়োজনীয় আন্তঃগাঁঠনিৰ অভাৱৰ কথাও উল্লেখ কৰে অলফা স্বাধীনে ৷ আন্তঃগাঁঠনিৰ অভাৱৰ বাবেই অসমৰ বহু প্ৰতিভা আশা কৰা মতে বিকাশ হোৱা নাই ৷ ক্ৰীড়া আন্তঃগাঁঠনিৰ ক্ষেত্ৰত উত্তৰ-পূৱৰ মণিপুৰ আৰু মিজোৰাম অসমতকৈ বহু আগবাঢ়ি আছে ৷ গতিকে ক্ৰীড়া সংগঠক তথা সংশ্লিষ্ট লোক সকলক ক্ৰীড়া আন্তঃগাঁঠনি উন্নত কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে আলফাই(স্বাধীন) ৷

লগতে পঢ়ক : Tokyo Olympics: মল্লযুঁজত ৰূপৰ পদক লাভ ৰবি কুমাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.