ETV Bharat / state

পুনৰ তিনি মাহলৈ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি আলফাৰ

author img

By

Published : Aug 14, 2021, 5:00 PM IST

জন্মলগ্নৰে পৰা এইবাৰ পোন প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্ধ ঘোষণা কৰা নাই আলফা (স্বা)ই ৷ ইয়াৰ সমান্তৰালকৈ সংগঠনটোৱে যুদ্ধবিৰতিৰ ম্যাদ পুনৰ তিনি মাহৰ বাবে বৃদ্ধি কৰিছে ৷

as_ghy_03_ulfa_cease_fire_7206058
পুনৰ তিনি মাহলৈ যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি আলফাৰ

গুৱাহাটী, 14 আগষ্ট : দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস ৷ এইবেলি স্বাধীনতা দিৱসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে পোন প্ৰথমবাৰৰ বাবে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বা) ই (ULFA) স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পৰা বিৰত আছে । ইয়াৰ বিপৰীতে আলফাই (ULFA) বৰ্তমানে অব্যাহত থকা যুদ্ধবিৰতিৰ ম্যাদ পুনৰ তিনি মাহৰ বাবে বৃদ্ধি কৰিছে ।

শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিতযোগে এই কথা ঘোষণা কৰিছে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাই (Paresh Baruah) ৷ বিবৃতিখনত বৰুৱাই কয়, বিগত ১৫ মে'ত ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলফা (স্বা) ই যুদ্ধবিৰতি ঘোষণা কৰিছিল । সেই যুদ্ধবিৰতিৰ ম্যাদ শনিবাৰে উকলিব ৷ কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আলফা (স্বা) ই পুনৰ তিনি মাহলৈ সকলো সামৰিক অভিযান বন্ধ ৰাখি যুদ্ধবিৰতি বাহাল ৰাখিবলৈ সিদ্ধান্ত লৈছে ।

আনহাতে, যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধিৰ বাবে পৰেশ বৰুৱাই লোৱা সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে শনিবাৰে কয় যে, এই যুদ্ধবিৰতি স্থায়ী হওক আৰু পৰেশ বৰুৱা সসন্মানে মূলসুঁতিলৈ ঘূৰি আহক ।

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্ধ ঘোষণা নকৰে আলফা(স্বা)ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.