ETV Bharat / state

একেই ফৰ্মূলা প্ৰয়োগ : বিহাৰত ওৱেছি ; অসমত ৭০ আসনত উলেমা কাউঞ্চিল

author img

By

Published : Jan 23, 2021, 1:19 PM IST

বিহাৰ নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰ জুৰি চৰ্চা চলিছিল বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুঁজ দিয়া "মহাজোঁট বন্ধন"ৰ বিষয়ে । কিন্তু মূৰকত দেখা গ’ল "মহাজোঁট বন্ধন" ব্যৰ্থ হ'ল । এই ব্যৰ্থতাৰ অন্যতম এটা কাৰণ আছিল সংখ্যালঘু ভোট বিভাজন ।

একেই ফৰ্মূলা প্ৰয়োগ বিহাৰত ওৱেইছি , অসমত ৭০ আসনত উলেমা কাউঞ্চিল

গুৱাহাটী, ২৩ জানুৱাৰী : শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনত কোনেও পূৰ্বতে ভাবিব নোৱৰা ঘটনা এটা ঘটিছিল । যিটো ঘটনাই বিহাৰৰ নিৰ্বাচনী ফলাফলেই সলনি কৰি দিবলৈ সক্ষম হৈছিল । বিহাৰ নিৰ্বাচনৰ পূৰ্বে ৰাষ্ট্ৰজুৰি চৰ্চা চলিছিল বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুঁজ দিয়া "মহাজোঁটবন্ধন"ৰ বিষয়ে । কিন্তু মূৰকত দেখা গ’ল "মহাজোঁটবন্ধন" ব্যৰ্থ হ'ল । এই ব্যৰ্থতাৰ অন্যতম এটা কাৰণ আছিল সংখ্যালঘু ভোট বিভাজন ।

এই সংখ্যালঘু ভোটৰ বিভাজন ঘটাবলৈ বিহাৰৰ নিৰ্বাচনত জঁপিয়াই পৰিছিল হায়দৰাবাদৰ সাংসদ আছাদউদ্দিন ওৱেছি নেতৃত্বাধীন এআইএমআইএমৰ দল । বিহাৰৰ সংখ্যালঘু অধ্যুষিত বহুকেইটা সমষ্টিত ওৱেছিৰ দলে প্ৰতিদ্বন্দিতা কৰাৰ ফলত সাংঘাতিক ধৰণে সংখ্যালঘু ভোট বিভাজিত হৈছিল আৰু তাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল "মহাজোঁটবন্ধন" আৰু উপকৃত হৈছিল বিজেপি । ৰাজনৈতিক মহলত তাৰ পিছতেই চৰ্চা চলিছিল অসমৰ নিৰ্বাচনতো একেই ঘটনাৰ পুনৰাবৃত্তি হ’ব নেকি ? কিন্তু ওৱেছিয়ে স্পষ্ট কৰি দিছিল যে বদৰুদ্দিন আজমল তেওঁৰ ঘনিষ্ঠ বন্ধু । গতিকে তেওঁৰ বা তেওঁৰ দলৰ ক্ষতি হ’ব পৰা কোনো কাম এআইএমআই এমে নকৰে । অৰ্থাৎ সংখ্যালঘু ভোট বিভাজন ঘটাই অসমত বিজেপিক উপকৃত কৰিবলৈ ওৱেছি নাহে ।

কিন্তু ওৱেছি নাহিলেও অসমত এইবাৰ সংখ্যালঘু ভোট বিভাজন ঘটাবলৈ আহি আছে উত্তৰ প্ৰদেশৰ আমিৰ ৰাছাদী মাদানী নেতৃত্বাধীন ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল । সাধাৰণতে বিজেপিৰ প্ৰতি নৰমভাৱ দেখুৱাই অহা ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল কিন্তু কংগ্ৰেছ- এআইইউডিএফৰ মহাজোঁটবন্ধনৰ দুৰ্ঘোৰ বিৰোধী । ফেব্ৰুৱাৰীত কাউঞ্চিলৰ ৰাষ্ট্ৰীয় সভাপতি মাদানী অসমলৈ আহিব । ইতিমধ্যে দলটোৰ ৰাজ্যিক নেতৃত্বই এই কথা প্ৰকাশ কৰি এই বুলিও ঘোষণা কৰিছে যে, অসমৰ ৭০টা সমষ্টিত কাউঞ্চিলে প্ৰতিদ্বন্দিতা কৰিব, যি কেইটা সমষ্টিৰ বেছিভাগেই সমখ্যালঘু অধ্যুষিত । যেনে নাওবৈচা, ভৱানীপুৰ, হাইলাকান্দি, সৰুক্ষেত্ৰী, পূৱ বিলাসীপাৰা, দক্ষিণ শালমাৰা, গোলকগঞ্জ পশ্চিম বিলাসীপাৰা, সৰভোগ আদি । বিহাৰৰ ক্ষেত্ৰত যিদৰে ওৱেছিৰ পিছত বিজেপি থকা বুলি দেশৰ ৰাজনৈতিক মহলত চৰ্চা চলিছিল একেদৰে এতিয়া অনুৰূপ চৰ্চা চলিছে উলেমা কাউঞ্চিলৰ ক্ষেত্ৰতো । কিয়নো বিজেপিয়ে যিমানেই নকওক কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই বিজেপিক ক্ষতি নকৰে বুলি কিন্তু এই মিত্ৰতাক লৈ ভিতৰি ভিতৰি বিজেপিও বহু পৰিমাণে চিন্তিত, উদ্বিগ্ন ।

লগতে পঢ়কঃ গহপুৰৰ বালিজানত পথ দুৰ্ঘটনাত নিহত দুগৰাকী বেংক কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.