গুৱাহাটী, 28 জুলাই : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ক্ৰমাৎ বৃদ্ধি পাইছে শিশু চুৰিৰ ঘটনা । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত শেহতীয়াকৈ এটি শিশুৰ বিক্ৰীৰ ঘটনা পোহৰলৈ আহিছে । অভিযোগ মতে, ৫ হাজাৰ টকাত চলিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত শিশু বিক্ৰীৰ প্ৰক্ৰিয়া । বুধবাৰে সংঘটিত হয় এই ঘটনা ৷
ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত কৰ্তৃপক্ষৰ তৎপৰতাত এই ঘটনাৰ সৈতে জড়িত দুইগৰাকী মহিলা কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধৃত মহিলা দুগৰাকী প্ৰমিলা ডেকা আৰু বিজিতা দাস বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই সদৰী কৰে(Two women arrested from GMCH for child lifting) ৷
তেওঁ জনায় যে, ৰোগীৰ ৰখীয়া হিচাপে আহিছিল ধৃত মহিলা দুগৰাকী । ইয়াৰ পিছতে বিগত মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ প্ৰসূতি বিভাগত তেওঁলোকৰ কিছু কাৰ্যকলাপত হাস্পতালৰ নিৰাপত্তাৰক্ষীৰ সন্দেহ ওপজে ৷
ইয়াৰ পিছত সাধাৰণ পোছাকত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰসূতি বিভাগত নিৰাপত্তাৰক্ষীয়ে অনুসন্ধান চলাই মহিলা দুগৰাকীয়ে শিশু বিক্ৰীৰ পৰিকল্পনা কৰি থকাৰ খবৰ লাভ কৰি ভঙাগড় আৰক্ষীক খবৰ দিয়ে ।
এই খবৰৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ৫ হাজাৰ টকাত শিশু বিক্ৰীৰ চেষ্টা চলোৱাৰ অভিযোগত প্ৰমিলা ডেকা আৰু বিজিতা দাস গ্ৰেপ্তাৰ কৰে । ইফালে, এই ঘটনাৰ সৈতে আন কেইবাগৰাকীও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে আৰক্ষীয়ে ৷ ইফালে, ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে GMCH কৰ্তৃপক্ষই ।
লগতে পঢ়ক : Price hike in Milk: পহিলা আগষ্টৰ বৃদ্ধি পাব গাখীৰৰ দাম