গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী : যুদ্ধবিধ্বস্ত ইউক্ৰেইনত অধ্যয়নৰত অসমৰ দুগৰাকী ছাত্ৰীক দেওবাৰে সুকলমে চৰকাৰে উদ্ধাৰ কৰি আনে । দুয়োগৰাকী ছাত্ৰীয়েই ইতিমধ্যে আহি গুৱাহাটীত অৱতৰণ কৰিছে । তন্ময়ী পৰাশৰ আৰু ছিয়া দাস নামৰ ছাত্ৰী দুগৰাকীক শনিবাৰেই ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰি অনা হয় । যোৱা নিশা মুম্বাই বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত চৰকাৰে দুয়োকে নিশাটো মুম্বাইতে ৰখাৰ ব্যৱস্থা কৰে আৰু দেওবাৰে পুৱা আহি দুয়ো গুৱাহাটীত উপস্থিত হয় ।
আনহাতে, ইউক্ৰেইনত অধ্যয়নৰত অসমৰ সকলো শিক্ষাৰ্থীকে উদ্ধাৰ কৰি অনাৰ বাবে চৰকাৰে অহৰ্নিশে চেষ্টা চলাইছে আৰু সুকলমে সকলোকে উদ্ধাৰ কৰি অনা হ’ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
যোৱা নিশা ছাত্ৰী দুগৰাকী মুম্বাইত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- "ইউক্ৰেইনত অধ্যয়ন কৰি থকা আমাৰ অসমৰ শিক্ষাৰ্থী তন্ময়ী আৰু ছিয়াক আমি স্বাগতম জনাইছো । তেওঁলোকক সফলতাৰে ইউক্ৰেইনৰ পৰা লৈ অনা হৈছে আৰু এতিয়া সুৰক্ষিতভাৱে মুম্বাইত উপস্থিত হৈছে । আমি অসম ভৱনৰ বিষয়াৰ দ্বাৰা মুম্বাইত তেওঁলোকৰ থকাৰ ব্যৱস্থাৰ লগতে বিনামূলীয়া ভ্ৰমণেৰে গুৱাহাটীলৈ অহাৰ বাবে সকলো ব্যৱস্থা কৰি আছো । এনে স্পৰ্শকাতৰ সময়ত এনেধৰণৰ শিক্ষাৰ্থীসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আমি বদ্ধপৰিকৰ ।
উল্লেখযোগ্য যে, যুদ্ধভূমিত আৱদ্ধ হৈ পৰা অসমৰ শিক্ষাৰ্থীসকলক সুকলমে উদ্ধাৰ কৰি অনাৰ ক্ষেত্ৰত অসম চৰকাৰে এক হেল্পলাইন ডেস্ক মুকলি কৰাৰ লগতে এটা টোল ফ্ৰী নম্বৰ আৰু এটা হোৱাটচ এপ নম্বৰো শনিবাৰে নিশা মুকলি কৰি দিছে । হেল্পলাইন ডেস্কৰ লিংকটো হ'ল https://tinyurl.com/ypwrwrm3 । টোল ফ্ৰী নম্বৰটো হ'ল ১০৭৭ আৰু হোৱাটচ এপ নম্বৰটো হ'ল ৯৩৬৫৪-২৯৩১৪ ।
লগতে পঢ়ক : অগপক ভোট নিদিবলৈ আহ্বান বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ