ETV Bharat / state

মহানগৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ দুগৰাকী ছাত্ৰী

আত্মগোপন নে অপহৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত । নিৰুদিষ্ট এগৰাকী ছাত্ৰীৰ ম'বাইল উদ্ধাৰ হৈছে বান্ধৱীৰ ঘৰত ।

author img

By

Published : Mar 21, 2019, 7:00 AM IST

মহানগৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ দুগৰাকী ছাত্ৰী

মহানগৰীৰ জালুকবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কিশোৰী নিৰুদ্দেশৰ ঘটনা। স্কুললৈ গৈ উভতি নাহিল অষ্টম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী। বলভদ্ৰ বিদ্যালয়ৰ মামনি খাতুন আৰু আদৰ্শ বিদ্যালয়ৰ কাজল ৰায় নামৰ ছাত্ৰী দুগৰাকী যোৱা শণিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। বহু বিচাৰ খোছাৰ কৰিও বৰ্তমানলৈ কোনো শুংসূত্ৰ পোৱা নাই নিৰুদ্দিষ্ট ছাত্ৰী দুগৰাকীৰ। যাৰ বাবে শোকত ভাগি পৰিছে ছাত্ৰী দুগৰাকীৰ পৰিয়াল ।

ছাত্ৰী দুগৰাকীক কোনো দুষ্টচক্ৰই অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। কিয়নো নিৰুদ্দিষ্ট মামনিৰ ম'বাইল উদ্ধাৰ হৈছে বান্ধৱী জাহিদাৰ ঘৰত। যাৰ বাবে এই সমগ্ৰ ঘটনা পৰিকল্পিত বুলি ধাৰণা কৰিছে ছাত্ৰী দুগৰাকীৰ পৰিয়ালে। আনহাতে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ ভুমিকাত ক্ষুব্ধ দুৰ্ভগীয়া পৰিয়ালদুটা। সকলো কথা বিৱৰি কৈছে যদিও আৰক্ষীয়ে বৰ্তমানলৈ কোনো ভুমিকা গ্ৰহণ কৰা নকৰাৰ অভিযোগ পৰিয়ালৰ । সেয়েহে কোনো ব্যক্তিয়ে যদি নিৰুদ্দিষ্ট ছাত্ৰী দুগৰাকীৰ সম্ভেদ লাভ কৰে তেন্তে 9859317218 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.