ETV Bharat / state

Leopard attack: ফটাশিলত নাহৰফুটুকীৰ আক্ৰমণত আহত দুজন

author img

By

Published : May 12, 2023, 6:15 PM IST

মহানগৰীৰ ফটাশিলত বাঘৰ আতংক ৷ ফটাশিলৰ জি এছ কলনীত নাহৰফুটুকীৰ আক্ৰমণত আহত হয় মহিলাসহ দুজনকৈ লোক (Leopard attacks two people at Fatasil)।

Leopard attack two people at Fatasil
ফটাশিলত নাহৰফুটুকীৰ আক্ৰমণত দুজন আহত

গুৱাহাটী, ১২ মে’ : মহানগৰীত সঘনাই সংঘটিত হৈ আহিছে বন্যজন্তু আৰু মানুহৰ সংঘাত (Tiger Attack in Guwahati)। মহানগৰীৰ বিভিন্ন বনাঞ্চলত জনবসতি গঢ় লৈ উঠাৰ ফলত জনাঞ্চললৈ খাদ্যৰ সন্ধানত নামি অহা পৰিলক্ষিত হয় হাতী, বাঘৰ লগতে বিভিন্ন বনজ জীৱ (Tiger attack incident in Assam) । বিগত সময়ছোৱাত মহানগৰীৰ মালিগাঁও, কামাখ্যা অঞ্চলত মানুহ আৰু বাঘৰ সংঘাত সঘনাই সংঘটিত হৈ আহিছে ৷

মহানগৰীৰ ফটাশিলত বাঘৰ মুক্ত বিচৰণে ত্ৰাসিত কৰিছে জনতাক (Leopard attacks two people at Fatasil)। ফটাশিলৰ জি এছ কলনীত শুকুৰবাৰে পুৱাই নাহৰফুটুকীৰ আক্ৰমণত আহত হয় মহিলাসহ দুজনকৈ লোক । আহত দুগৰাকী হৈছে জি এচ কলনীৰ বাসিন্দা সুমন কুমাৰ সিং(৩১)আৰু মুনিৰ দেৱী(৩৫) (Two injured by tiger attack)।

ঘটনা অনুসৰি আজি পুৱা প্ৰায় ৬ বজাত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি প্ৰকাণ্ড নাহৰফুটুকীটোৱে লোক দুজনক আক্ৰমণ কৰাত হাত আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ লগে লগে আহত দুজনক চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছে ৷ আনহাতে এটা কুকুৰো ভক্ষণ কৰে প্ৰকাণ্ড নাহৰফুটুকীটোৱে । ফলত সম্প্ৰতি ফটাশিলৰ GS কলনীৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে । অঞ্চলটোত আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ বনবিভাগক বাঘটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ৷

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী, বাঘকে ধৰি বন্যজন্তুৱে বিচৰণ কৰা খবৰে সততে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ জনাঞ্চল বৃদ্ধি আৰু বনাঞ্চল সংকোচিত হৈ পৰাত বন্যপ্ৰাণীসমূহে এনেদৰে জনাঞ্চললৈ ওলাই আহি পশুধনৰ অনিষ্ট কৰা লগতে মানুহকো আক্ৰমণ কৰি আহিছে ৷ এইক্ষেত্ৰত বিভিন্ন সময়ত বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও ৰোধিব পৰা নাই বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ ঘটনা ৷

লগতে পঢ়ক: Free English medium school : নাৰেংগীত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এইচ. এল. পোদ্দাৰ পাব্লিক স্কুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.