ETV Bharat / state

Protest in Sachal: পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত দল-সংগঠনৰ প্ৰতিবাদ

author img

By

Published : Dec 21, 2022, 7:00 PM IST

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনাও ন্যায্য প্ৰাপ্তিৰ দাবীত কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলী (Protest in Sachal Guwahati)। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন (প্ৰধানমন্ত্ৰী পোষণ) কৰ্মচাৰী সন্থাৰ অনাদায় মাননী ১০ মাহৰ পৰিবৰ্তে ১২ মাহৰ আদায় দিয়া, ৰন্ধনকৰ্মীৰ পূৰ্বৰ মাননী ২৭৫০ টকাৰ পৰিবৰ্তে ৫০০০ টকালৈ বৃদ্ধি কৰা আৰু সকলো ৰন্ধন কৰ্মচাৰীৰ চাকৰী নিয়মীয়া কৰা আদিকে ধৰি কেইবাটাও দাবীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ (Demanding retention of old pension policy) ।

Two organizations protested in Sachal demanding retention of old pension policy
চচলত দল সংগঠনৰ প্ৰতিবাদ

চচলত দল সংগঠনৰ প্ৰতিবাদ

গুৱাহাটী, ২১ ডিচেম্বৰ: অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনাই ন্যায্য প্ৰাপ্তিৰ দাবীত কেইবাটাও দল সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ (Assam Assembly Winter Session) ৷ সদৌ অসম নতুনকৈ প্ৰাদেশিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ ৪র্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে গুৱাহাটীৰ চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত মঙলবাৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ (4th Grade Employee Protest in Guwahati) ৷

২০২১ ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীসকলৰ দুবছৰৰ দৰমহা আদায় দিয়া, ৰাজ্যিক কৰ্মচাৰীৰ সমহাৰত দৰমহা আদায় দিয়া, পে স্কেল (4th grade employee pay scale), ডি এ আদি প্ৰদান কৰা আদি কেইবাটাও দাবী উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল কৰ্মচাৰীসকলে ৷

সেইমতেই আজি অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ দ্বিতীয় দিনাও ন্যায্য প্ৰাপ্তিৰ দাবীত কেইবাটাও দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলী (Protest in Sachal Guwahati)। সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজন (প্ৰধানমন্ত্ৰী পোষণ) কৰ্মচাৰী সন্থাৰ অনাদায় মাননী ১০ মাহৰ পৰিবৰ্তে ১২ মাহৰ মাননী আদায় দিয়া, ৰন্ধনকৰ্মীৰ পূৰ্বৰ মাননী ২৭৫০ টকাৰ পৰিবৰ্তে মাননি ৫০০০ টকালৈ বৃদ্ধি কৰা আৰু সকলো ৰন্ধন কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা আদিকে ধৰি কেইবাটাও দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ (Demanding retention of old pension policy)।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ কাৰ্যকৰী সভাপতি জিতেন ৰাভাই কয় যে, ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা চৰকাৰে ৰন্ধনকৰ্মীসকলক ৫০০ টকা মাননী বৃদ্ধি কৰি প্ৰতিমাহে ১৫০০(পোন্ধৰশ) টকাকৈ আদায় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু পৰবৰ্তী সময়ত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বিপৰীতে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰাত আক্ষেপ প্ৰকাশ কৰে ।

এই আঁচনি যদি ৰন্ধন কৰ্মচাৰীসকলৰ বাবে কাৰ্যকৰী হয়, তেন্তে এগৰাকী ৰন্ধনকৰ্মীৰ মাননী হ’ব মাথো ২৭৫০ টকা ৷ আজিৰ মূল্যবৃদ্ধিৰ সময়চোৱাত এই ন্যূনতম মাননীৰে পৰিয়াল কেনেকৈ চলিব বুলি চৰকাৰ লৈ প্ৰশ্ন কৰে । উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা ১ লাখ ১৬ হেজাৰোধিক ৰন্ধন কৰ্মচাৰীসকলে ৰন্ধন কাৰ্যৰ প্ৰস্তুতি, খাদ্য বিতৰণ কৰা ঠাই পৰিষ্কাৰ কৰা, বাচন-বৰ্তন ধোৱা আদি কামৰ সৈতে জড়িত হৈ আছে । ইফালে পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী তুলি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

লগতে পঢ়ক: 4th Grade Employee Protest in Guwahati: প্ৰাপ্যৰ দাবীত মধ্য ইংৰাজী বিদ্যালয়ৰ ৪র্থ শ্ৰেণী কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.