ETV Bharat / state

২০১৭ চনতে দোষী প্ৰমাণিত হৈয়ো কিয় গ্ৰেপ্তাৰ হোৱা নাছিল ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰ ?

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 1:26 PM IST

প্ৰভাৱশালী শক্তিৰ সুৰক্ষাত আছিল ৩৪ গৰাকী ৰাজপত্ৰিত বিষয়া ! ২০১৭ চনতে ফৰেনছিক পৰীক্ষাত প্ৰমাণ হৈছিল ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰৰ চাকৰিৰ জালিয়তিৰ তথ্য (APSC Cash For Job Scam) ৷

Two more officers arrested in APSC cash for job scam
হঠাৎ কিয় আকৌ এ পি এছ চি কেলেংকাৰীৰ ফাইল খোল‌ খালে ?

গুৱাহাটী, ২৫ নৱেম্বৰ : হঠাৎ কিয় আকৌ এ পি এছ চি কেলেংকাৰীৰ ফাইল খোল‌ খালে? দীৰ্ঘদিনৰ মূৰত ৰাতিৰ ভিতৰতে কিয় হঠাতে বক্ৰ পথেৰে এ পি এছ চিৰ চাকৰি লোৱা দুই অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰ গ্ৰেপ্তাৰ হ'ল ? ইয়াকে লৈ বিভিন্ন মহলত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ।

দীর্ঘদিনে স্থবিৰ হৈ থকা এ পি এছ চি কেলেংকাৰীৰ তদন্ত পুনৰ আৰম্ভ কৰাৰ পাচত এই কেলেংকাৰীৰ পূৰ্বৰ তদন্তকালত কোনো প্ৰভাৱশালী শক্তিৰ অদৃশ্য হস্তক্ষেপ থকা বুলি বিভিন্ন মহলে কৰা সন্দেহ শেহতীয়াকৈ অধিক গাঢ় হৈ পৰিছে । জালিয়াতিৰে এ পি এছ চিৰ ২০১৩ ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এ পি এছ বিষয়া হোৱাৰ অপৰাধত বিশেষ তদন্ত গোটে (এছ আই টি) গ্ৰেপ্তাৰ কৰা দুই অতিৰিক্ত আৰক্ষী অধীক্ষক ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰৰ জালিয়াতি ২০১৭ চনতে ধৰা পৰিছিল ।

তেওঁলোকৰ এ পি এছ চিৰ মূল পৰীক্ষাৰ বিভিন্ন বিষয়ৰ উত্তৰ বহীৰ পৃষ্ঠা নকল আছিল বুলিও ২০১৭ চনতে ফৰেনছিক পৰীক্ষাত প্ৰমাণ হৈছিল । উত্তৰ বহীৰ পৃষ্ঠা নকল আৰু সেই নকল পৃষ্ঠাত থকা হাতৰ আখৰ উত্তীর্ণ প্ৰাৰ্থীৰ হাতৰ আখৰ বুলি ফৰেনছিক পৰীক্ষাত প্ৰমাণ হোৱাৰ পাচতে সেই সময়ত ২০১৩ আৰু ২০১৪ বৰ্ষৰ মুঠ ৫৭ জন উত্তীর্ণ প্ৰার্থীক (বিষয়া) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ কিন্তু অনুৰূপ প্ৰমাণ পোৱাৰ পাচতো ঐশ্বর্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰকে ধৰি বহু বিষয়াক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল ।

কিন্তু অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিচতে ৰাজ্য চৰকাৰে গঠন কৰিবলৈ বাধ্য হোৱা এছ আই টিয়ে ২০১৭ চনৰ ফৰেনছিক প্ৰতিবেদনক অন্যতম প্ৰমাণ হিচাপে লৈ দুয়োজন এ পি এছ বিষয়াক গ্ৰেপ্তাৰ কৰিছে । ২০১৭ চনৰ ফৰেনছিক প্ৰতিবেদনৰ কথা এছ আই টিয়ে ইতিমধ্যে বিশেষ আদালতত দাখিল কৰা নথিত উল্লেখ কৰিছে । ফৰেনছিক প্ৰতিবেদন অনুসৰি, ঐশ্বর্য জীৱনৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ উত্তৰ বহীৰ ভিতৰৰ পৃষ্ঠাবোৰ নকল আছিল ।

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰীৰ অভিযুক্ত বিষয়াৰ ভৱিষ্যৎ এতিয়া চৰকাৰৰ হাতত

আনহাতে, শ্বাহজাহানৰ সাধাৰণ ইংৰাজী, সাধাৰণ অধ্যয়ন, আইন-I, আইন II, সমাজ বিজ্ঞান-I আৰু সমাজ বিজ্ঞান-II বিষয়ৰ উত্তৰ বহীৰ ভিতৰৰ বহু পৃষ্ঠা নকল আছিল । ইপিনে দুয়োজন ধৃত বিষয়াই এছ আই টিৰ জেৰাত নকল পৃষ্ঠাত উত্তৰ লিখা কথাটো স্বীকাৰ কৰিছে । প্ৰাক্তন আৰক্ষী বিষয়াৰ পুত্ৰ ঐশ্বর্য জীৱন বৰুৱাই এ পি এছ চিৰ অধ্যক্ষ ৰাকেশ পালে যোগান ধৰা নকল উত্তৰ বহীত লিখি জমা দিছিল বুলি এছ আই টিয়ে তথ্য লাভ কৰিছে ।

এই দুই ধৃত বিষয়াৰ লগতে জালিয়াতিৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীর্ণ হোৱা বুলি ইতিমধ্যে চিনাক্ত কৰা আন ৩২ জন বিষয়াৰ বিৰুদ্ধেও এছ আই টিয়ে জালিয়াতিৰ তথ্য-প্ৰমাণ লাভ কৰিছে । তাৰ ভিত্তিত তেওঁলোকলৈ এছ আই টিয়ে তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰিছে ।

উল্লেখ্য যে, ২০১৩ চনৰ এ পি এছ চি পৰীক্ষা কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনত এই ৩৪ বিষয়াই জালিয়াতিৰে বাছনিভুক্ত হোৱাৰ কথা উল্লেখ কৰিছে । আনহাতে, এ পি এছ চিৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ বাসগৃহত ২০১৬ চনতে আৰক্ষীয়ে উল্লিখিত ৩৪ জন প্ৰাৰ্থীৰো নাম আৰু নম্বৰৰ তালিকাসম্বলিত টেবুলেশ্যন শ্বীট উদ্ধাৰ কৰিছিল । এই তালিকাত নাম থকা দুকুৰিৰো অধিক বিষয়াক পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক : APSC কেলেংকাৰীৰ বিৰুদ্ধে আদালতত প্ৰথম গোচৰ তৰা মানস প্ৰতীম বৰুৱাৰে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.