গুৱাহাটী, ২১ জুন : ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ । এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ বুধবাৰে লাভ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই । বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই ।
উল্লেখ্য যে, শেহতীয়াভাৱে দেশৰ প্ৰায় ১৫০ খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি এনএমচিয়ে বাতিল কৰাৰ উপক্ৰম হৈছিল । এই চিকিৎসা মহাবিদ্যালয়সমূহত বহু আঁসোৱাহ পাই শুধৰাবৰ বাবে সতৰ্কবাণী দি সময় নিৰ্ধাৰণ কৰি দিছিল । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি ব’ৰ্ডে এই চিকিৎসা মহাবিদ্যালয়সমূহত অনুসন্ধানৰ সময়ত ভালেমান গুৰুত্বপূৰ্ণ ত্ৰুটি ধৰা পেলাইছিল । ইয়াৰ ভিতৰত অসমৰো কেইবাখনো চিকিৎসা মহাবিদ্যালয় আছিল ।
গুৱাহাটী মেডিকেল কলেজ হাস্পতাল আৰু ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজো এই তালিকাত আছিল যাৰ বাবে চৰকাৰ ৰাজ্যজুৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল ৷ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে চিকিৎসা মহাবিদ্যালয় দুখনে জনোৱা আবেদন সন্দৰ্ভত বিগত ৭ জুনত নতুন দিল্লীত এনএমচিৰ অধ্যক্ষ ড৹ সুৰেশ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত গঠিত প্ৰথম 'এপিলেট কমিটী' ৰ পৃথক শুনানীকালত দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই দাখিল কৰা তথ্য-পাতি তথা উত্তৰত সন্তুষ্ট হৈ সৰ্বসন্মতি ক্ৰমে কমিটীখনে স্বীকৃতি নৱীকৰণত অনুমোদনৰ সিদ্ধান্ত লয় । এক বাৰ্তাত এনএমচিৰ এই সিদ্ধান্তক আদৰণি জনাইছে স্বাস্থ্যমন্ত্ৰী মহন্তই ।
লগতে পঢ়ক : Constituency delimitation: এই খচৰাই অসমৰ ভূমি পুত্ৰক সুৰক্ষিত কৰিব; পবিত্ৰ মাৰ্ঘেৰিটা