ETV Bharat / state

ধৰ্মীয় উন্মাদনা: গুজৰাটত দুই ফৈদৰ মাজত সংঘৰ্ষ - ধৰ্মীয় উন্মাদনা

গুজৰাটৰ বড়োদৰা জিলাৰ সাৱলী চহৰত ধৰ্মীয় পতাকাক লৈ সংঘাত (Two groups clashed over religious flag) ৷ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ ৩৬ জন লোক ৷

Two groups clashed over religious flag
ধৰ্মীয় উন্মাদনা: গুজৰাটত দুই ফৈদৰ মাজত সংঘৰ্ষ
author img

By

Published : Oct 3, 2022, 9:37 PM IST

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ: ধৰ্মীয় উন্মাদনাই সমগ্ৰ দেশতেই সৃষ্টি কৰিছে এক অভাৱনীয় পৰিস্থিতিৰ ৷ ধৰ্মীয় পতাকাক লৈ সংঘাতজৰ্জৰ পৰিস্থিতি গুজৰাটত (communal violence in gujarat today) ৷ গুজৰাটৰ বড়োদৰা জিলাৰ সাৱলী চহৰত ধৰ্মীয় পতাকাক লৈ সৃষ্টি হৈছে এক অনাকাংক্ষিত পৰিস্থিতিৰ (Two groups clashed over religious flag)৷

প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে নিশা ধামিজী কা ডেৰা নামৰ এক এলেকাত এটা সম্প্ৰদায়ৰ লোকে আন এটা সম্প্ৰদায়ৰ ধৰ্মীয় পতাকা পথৰ কাষৰ এটি বৈদ্যুতিক খুটাঁত লগোৱাৰ চেষ্টা কৰাৰ পাছতেই আৰম্ভ হয় দুই ফৈদৰ মাজত সংঘৰ্ষৰ (communal clash in sivli of gujarat)৷ সাৱলী আৰক্ষী থানাৰ উপ-পৰিদৰ্শক এ আৰ মহিদাই ঘটনাটো সন্দৰ্ভত জানিবলৈ দি কয় যে, বৈদ্যুতিক খুটাঁত ধৰ্মীয় পতাকা লগোৱাৰ বাবেই এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়লৈ শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে । অৱশ্যে ঘটনাটোৰ দ্বাৰা কোনা লোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও উন্মত্ত ৰাইজে এখন বাহন আৰু এখন দোকানৰ ক্ষতিসাধন কৰে বুলি উপ-পৰিদৰ্শকগৰাকীয়ে জনায় ।

ঘটনা সংঘটিত হোৱাৰ নিশাই দুয়োটা ফৈদে পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 43 জন লোকৰ বিৰুদ্ধে সংঘৰ্ষ, অবৈধ সমাৱেশ, মানৱ জীৱন বিপন্ন কৰা আদি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে(vadodara communal clash news)৷ দুয়োটা সম্প্ৰদায়ৰ মুঠ ৩৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

স্পৰ্শকাতৰ অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে ইতিমধ্যে বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

লগতে পঢ়ক: মহিষাসুৰৰ স্থানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি : সৰ্বত্ৰে অখিল ভাৰতীয় হিন্দু মহাসভাক গৰিহণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.