ETV Bharat / state

Guwahati Kidnapping case : বন্ধুৱে বিপদ মাতিলে বিশ্বজিৎ-অংকুৰৰ জীৱনলৈ - বন্ধুৱে অপহৰণ কৰিলে বন্ধুক

বন্ধুত্বৰ দৰে সম্পৰ্কক কলংকিত কৰিলে দুটা ঘটনাই । গুৱাহাটীত সংঘটিত দুই অপহৰণকাণ্ডৰে অভিযুক্ত হিচাপে চিনাক্ত হৈছে ভুক্তভোগীৰ বন্ধু (Guwahati Kidnapping case)। কেতিয়াবা যদি বন্ধুৱে নৈশ পাৰ্টীলৈ মাতি নি অপৰহণ কৰিছে, কেতিয়াবা আকৌ বন্ধুৱে অপৰহণ কৰি বন্ধুক হত্যাও কৰিছে ।

Guwahati Kidnapping case
বন্ধুৱে অপহৰণ কৰিলে বন্ধুক
author img

By

Published : Feb 14, 2023, 8:13 PM IST

গুৱাহাটী,১৪ ফেব্ৰুৱাৰী: বন্ধু নে বিশ্বাসঘাতক । মহানগৰীত শেহতীয়াকৈ পোহৰলৈ অহা দুটা অপহৰণ কাণ্ডই বন্ধুত্ব কৰাৰ পূৰ্বে এশবাৰ ভাবিবলৈ বাধ্য কৰাইছে সকলোকে । বন্ধুক বিশ্বাস কৰিয়ে ভুল কৰিছিল নেকি বিশ্বজিৎ আৰু অংকুৰে ? বন্ধু আৰু পাৰ্টীয়েই বিপদ মাতিছিল দুয়োলৈ । প্ৰথমে বন্ধুৱে নিমন্ত্ৰণ জনোৱা নৈশ পাৰ্টীলৈ গৈ অপহৃত হৈছিল অংকুৰ চুৰাণা ।

আনহাতে, বাল্যকালৰ বন্ধুৱে কাল হৈছিল বিশ্বজিৎ হাজৰিকাৰ বাবে (Biswajit Hazarika murder case)। বন্ধুত্বৰ সম্পৰ্কই দুয়োগৰাকী ভুক্তভোগী অংকুৰ আৰু বিশ্বজিতৰ জীৱনলৈ বিপদ মাতি আনিছিল । সেয়েহে বন্ধুত্ব কৰোতে সাৱধান হওক আপুনিও ।

গুৱাহাটী মহানগৰীতে সংঘটিত হৈছে বন্ধুৱে বন্ধুক অপহৰণ কৰাৰ দুটাকৈ ঘটনা (Two kidnapping case in Guwahati)। ২০২২ চনৰ ৯ অক্টোবৰত গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনা । ৪ মাহৰ পূৰ্বে নিখোজ হৈছিল বিশ্বজিৎ হাজৰিকা নামৰ যুৱকজন । ফাৰ্মাচীৰ পৰা ৰিক্সাৰে ঘৰলৈ আহি থকা অৱস্থাত অপহৰণ হৈছিল বিশ্বজিৎ । বহু তথ্য লাভ কৰিও অপহৃত যুৱকজনৰ সন্ধান উলিওৱাত চূড়ান্ত ব্যৰ্থ হৈছিল দিছপুৰ আৰক্ষী ।

জয়ানগৰৰ পৰা নিজ গৃহলৈ অহাৰ পথতে বাল্য বন্ধু অজয় কলিতাই বলেৰ' বাহনত উঠাই অপহৰণ কৰিছিল বিশ্বজিৎ হাজৰিকাক । পাঞ্জাবাৰীৰ অজয় কলিতা, নেলীৰ প্ৰণব ৰংহাং, বশিষ্ঠৰ দেৱজিৎ ডেকা, নুনমাটিৰ সঞ্জয় কুমাত ভগৎ, বোন্দাৰ পৰাশ ছেত্ৰী, ময়ূৰ নাথে মিলি অপহৰণ কৰিছিল বিশ্বজিতক । তাৰ পাচতে বিশ্বজিতৰ পিতৃক ৪০ লাখ টকা দাবী কৰিছিল । লগতে পিতৃলৈ বিশ্বজিতৰ হোৱাটচএপৰ পৰা ভিডিঅ' কল কৰিছিল, ভিডিঅ' প্ৰেৰণ কৰিছিল । ইয়াৰ পাচতে বন্ধু অজয় কলিতাই বিশ্বজিতক হত্যা কৰি পেলাই দিছিল কিলিং নদীত ।

ঠিক সেইদৰে নাটকীয় ৰূপত বন্ধুয়েই নৈশ পাৰ্টীৰ বাবে মাতি নি অপহৰণ কৰিছিল অংকুৰ চুৰাণাক (Ankur Surana kidnapping case)। অপহৰণকাৰীয়েও ধনদাবীৰ বাবে গ্ৰহণ কৰিছিল বিটকইনছৰ দৰে অত্যাধুনিক কৌশল । চিনেমাৰ কাহিনীৰ দৰে প্ৰথমবাৰৰ বাবে অসমত বিটকইনছৰ মাধ্যমত ধনদাবী কৰিছিল অংকুৰ চুৰাণাৰ অপহৰণকাৰীয়ে । এক ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ১০.৩০ বজাত বন্ধুৰ সৈতে নৈশ পাৰ্টীৰ বাবে ওলাই গৈছিল ভৰলুমুখৰ ৩০ বছৰীয়া অংকুৰ চুৰাণা ।

তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল অংকুৰ চুৰাণা । দুই ফেব্ৰুৱাৰীৰ দিনাই অংকুৰৰ অপহৰণকাৰী দলে হাই টেকন'লজিৰ জৰিয়তে ধন দাবী কৰি ইন্টাৰনেটৰ জৰিয়তে ফোন কৰিছিল মুম্বাইত থকা অংকুৰৰ বায়েকলৈ । ৩ ফেব্ৰুৱাৰীত অংকুৰৰ বায়েকলৈ বিটকইনছৰ যোগে ধন দিবলৈ লিংক প্ৰেৰণ কৰি ১০৪ BTC ধন দাবী কৰিছিল । টকা হিচাপত দাবী কৰা বিটকইনছৰ মূল্য আছিল ১৯ কোটিতকৈ অধিক ।

সমগ্ৰ ঘটনাৰ কথা আৰক্ষীক জনোৱাৰ পাচত আৰক্ষীৰ হেঁচাত ৪ ফেব্ৰুৱাৰীৰ পুৱতি নিশা প্ৰায় ৪ বজাত আমচিং চাহ বাগিছাৰ সমীপৰ এটা পথত হাত ভৰি বান্ধি অংকুৰক পেলাই থৈ গৈছিল অপহৰণকাৰীয়ে । সেই স্থানৰ পৰাই আৰক্ষীয়ে অংকুৰক উদ্ধাৰ কৰিছিল । এইদৰে মহানগৰীৰ এই দুই যুৱক অংকুৰ আৰু বিশ্বজিতৰ বাবে বন্ধুয়েই কাল হ'ল ।

লগতে পঢ়ক :Biswajit Hazarika Murder Case: একে বিদ্যালয়ৰ অনুজে অপহৰণ কৰি হত্যা কৰিলে বিশ্বজিতক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.