গুৱাহাটী, 21 ডিচেম্বৰ : আনৰ নামত পৰীক্ষা দিবলৈ আহি আৰক্ষীৰ জালত পৰিল বহিঃৰাজ্যৰ দুজনকৈ ভুৱা পৰীক্ষাৰ্থী ৷ পৰীক্ষাৰ্থী দুজনে অস্ত্ৰোপচাৰৰ জৰিয়তে কাণত মাইক্ৰ’ফোন স্থাপন কৰি নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ মাইক্ৰ’ফোনৰ শব্দ শুনি পৰীক্ষক নিয়ন্ত্ৰকে দুই ভুৱা পৰীক্ষাৰ্থীক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷
ধৃত পৰীক্ষাৰ্থী দুজন হৈছে হাৰিয়ানাৰ সন্দীপ কুমাৰ (29) আৰু ৰাজেশ কুমাৰ (30) ৷ ইয়াৰে ৰাজেশ কুমাৰক আৰক্ষীয়ে নাৰেংগী সেনা শিবিৰৰ আৰ্মী স্কুলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু সন্দীপ কুমাৰক গীতামন্দিৰৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ পৰা গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ CBSE ব’ৰ্ডে ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত হোষ্টেল ৱাৰ্ডেন পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল ৷ ইয়াৰে নাৰেংগী সেনা শিবিৰৰ আৰ্মী স্কুলত পৰীক্ষা চলি থকাৰ সময়তে পৰীক্ষা নিয়ন্ত্ৰকে এজন পৰীক্ষাৰ্থীৰ ওচৰত মাইক্ৰ’ফোনৰ শব্দ শুনা পায় ৷ লগে লগে পৰীক্ষাৰ্থীজনক তলাচী চলোৱাত কাণৰ পৰা শব্দ অহাৰ কথা ধৰা পেলায় পৰীক্ষকে ৷ চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি পৰীক্ষাৰ্থী ৰাজেশ কুমাৰে কাণৰ ভিতৰত অস্ত্ৰোপচাৰ কৰি ম’বাইলৰ মাইক্ৰ’ফোন সংস্থাপন কৰি অহা বুলি নিশ্চিত হয় ৷ লগে লগে সাতগাঁও আৰক্ষীয়ে ৰাজেশ কুমাৰক গ্ৰেপ্তাৰ কৰে ৷
একে পদ্ধতিৰে গীতা মন্দিৰৰ গুৰুকুল গ্ৰামাৰ স্কুলত অনুস্থিত হোৱা এই ৱাৰ্ডেন পৰীক্ষাৰ কেন্দ্ৰৰ পৰা সন্দীপ কুমাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত ভুৱা পৰীক্ষাৰ্থী দুজনে প্ৰকৃত পৰীক্ষাৰ্থীৰ পৰা পাঁচ লাখ টকাকৈ লৈ পৰীক্ষাত অবতীৰ্ণ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীয়ে থানাত 231/23 আৰু নুনমাটি থানাত 343/23 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : বাক্সাত অংগনবাড়ী কৰ্মীৰ নিযুক্তিত অনিয়ম