ETV Bharat / state

নুনমাটিত আটক দুই ড্ৰাগছ সৰবৰহকাৰী

author img

By

Published : Aug 19, 2021, 5:32 PM IST

মহানগৰ আৰক্ষীৰ অভিযানত নুনমাটি নিজৰাপাৰৰ পৰা আটক দুই ড্ৰাগছ সৰবৰাহকাৰী । সৰবৰাহকাৰী কেইজনৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে ।

noonmati
নুনমাটিত আটক দুই ড্ৰাগছ সৰবৰহকাৰী

গুৱাহাটী,১৯ আগষ্ট: ড্ৰাগছ (Drugs) লগতে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । ৰাজ্যৰ ভিন্ন প্ৰান্তত শেহতীয়াকৈ আৰক্ষীয়ে লাখ লাখ টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে বহু সৰবৰাহকাৰীক (Drugs peddler) আটক কৰিবলৈ সক্ষম হৈছে । বাকী জিলাসমূহৰ লগতে নিষিদ্ধ ড্ৰাগছৰ বেহাত জড়িত সকলৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ।

Drugs peddler
নুনমাটিত আটক দুই ড্ৰাগছ সৰবৰহকাৰী

বিগত সময়ত কেইবাটাও ড্ৰাগছৰ লগত জড়িত ক্রেতা-বিক্রেতাক গ্ৰেপ্তাৰ কৰা মহানগৰ আৰক্ষীয়ে বুধবাৰে নিশা চলোৱা অভিযানত পুনৰ গ্ৰেপ্তাৰ কৰে আন দুই সৰবৰাহকাৰীক । ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই নুনমাটি আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানত নুনমাটি, নিজৰাপাৰ অঞ্চলৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে নিজৰাপাৰ অঞ্চলৰ বাসিন্দা মনোজ আলী আৰু ফিৰোজ আলী ।

নুনমাটিত আটক দুই ড্ৰাগছ সৰবৰহকাৰী

অভিযান কালত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা বুলি জানিব পৰা গৈছে । সম্প্ৰতি আৰক্ষীয়ে আটক কৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনক লগত লৈ মহানগৰীৰ ভিন্ন প্ৰান্তত ড্ৰাগছৰ সৰবৰাহত জড়িত লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ট্ৰাকৰ ইঞ্জিনত উদ্ধাৰ প্ৰায় 4.5 কোটি টকাৰ হেৰ’ইন; দুজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.