ETV Bharat / state

Resignation of Congress leaders: দলৰ প্ৰতি মোহভংগ হৈছে নেকি একাংশ কংগ্ৰেছীৰ ?

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 7:48 PM IST

Updated : Nov 10, 2023, 9:20 PM IST

দুদিনত দুগৰাকী জিলা সভাপতিয়ে পদত্যাগ কৰাৰ বিষয়টোৱে জোঁকাৰি গৈছে অসম প্ৰদেশ কংগ্ৰেছক ৷ প্ৰশ্ন উত্থাপন হৈছে, কিয় দল এৰিব খুজিছে এইসকল পুৰণি নেতাই ? অসন্তুষ্টি বাঢ়িছে নেকি ৰাজ্যিক সভাপতিৰ প্ৰতি ? নে নিজৰ ৰাজনৈতিক ভেঁটি সুৰক্ষিত কৰাৰ স্বাৰ্থতেই এইদৰে দল এৰিছে এইসকল নেতাই ?

Resignation of Congress leaders
Two district Presidents of Congress resigned

নিউজ ডেস্ক, 10 নৱেম্বৰ: আগন্তুক লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ মাজত ৷ ইফালে দেশৰ পাঁচ ৰাজ্যত চলি আছে সাধাৰণ নিৰ্বাচন ৷ শাসকীয় পক্ষৰ লগতে বিৰোধী শিবিৰো ব্যস্ত নিৰ্বাচনক লৈ ৷ অসমতো লোকসভা নিৰ্বাচনক লৈ শাসক বিৰোধী উভয়ৰে কুচকাৱাজ আৰম্ভ হৈছে ৷ কংগ্ৰেছে আন 14 টা বিজেপি বিৰোধী শক্তিক লগত লৈ গঠন কৰিছে বিৰোধী ঐক্য মঞ্চ ৷

কিন্তু ইয়াৰ মাজতে দুদিনৰ ভিতৰত কংগ্ৰেছৰ বাবে আহিছে দুটাকৈ বেয়া খবৰ ৷ বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নৱজ্যোতি তালুকদাৰে পদত্যাগ কৰাৰ পিচতে শুকুৰবাৰে প্ৰকাশ পাইছে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই দল ত্যাগ কৰাৰ বাতৰি ৷

প্ৰকাশিত খবৰ অনুসৰি সুৰেশ বৰাই একাংশ সমৰ্থকক লগত লৈ শুকুৰবাৰে জিলা সভাপতিৰ পদৰ লগতে কংগ্ৰেছৰ দলৰ সাধাৰণ সদস্যৰ পদো ত্যাগ কৰিছে ৷ অৱশ্যে এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ নৱজ্যোতি তালুকদাৰে ইতিমধ্যেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ স্থানত আন এগৰাকী কংগ্ৰেছ নেতাক স্থলাভিসিক্ত কৰিবলৈ অনুৰোধ জনাইছে ৷ কিন্তু সুৰেশ বৰাৰ পদত্যাগৰ বিষয়টো এতিয়াও ধূসৰ হৈ আছে ৷

জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা নগাঁও সদৰ সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সুৰেশ বৰাৰ পদত্যাগৰ বিষয়টো নস্যাৎ কৰি এয়া উৰা বাতৰি বুলি মন্তব্য কৰিছে ৷ তেওঁ কৈছে যে সুৰেশ বৰা কংগ্ৰেছ দলৰ এগৰাকী একনিষ্ঠ সেৱক ৷ তেওঁ কোনো কাৰণতে পদত্যাগ কৰা নাই ৷ নগাঁও জিলা কংগ্ৰেছত আভ্যন্তৰীণ সংঘাত তথা এগৰাকী সংখ্যালঘু বিধায়কক জিলা সভাপতিৰ পদত অধিষ্ঠিত কৰিবলৈ ষড়যন্ত্ৰ চলা বুলি চৰ্চা হোৱা বিষয়টোও সম্পূৰ্ণৰূপে নস্যাৎ কৰে সাংসদ বৰদলৈয়ে ৷

উল্লেখ্য যে, বৰ্তমান দিল্লীত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে নিশাৰ ভাগত গুৱাহাটী আহি পোৱাৰ পিছত দুয়োগৰাকী পদত্যাগী জিলা সভাপতিকে মাতি পঠিয়াই যদিও সভাপতিৰ আমন্ত্ৰণ ৰক্ষা নকৰিলে সুৰেশ বৰা আৰু নৱজ্যোতি তালুকদাৰে ৷

ইফালে শনিবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব এক বৃহৎ যোগদান কাৰ্যসূচী ৷ এই অনুষ্ঠানতে সুৰেশ বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷

লক্ষণীয় কথা যে, লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত এইদৰে দুগৰাকীকৈ কংগ্ৰেছ নেতাই পদত্যাগ কৰাৰ খবৰে বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰে ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিচতে ৰাজ্যিক সভাপতিৰ পদ ত্যাগ কৰিছিল তদানীন্তন সভাপতি ৰিপুন বৰাই ৷ তেওঁৰ স্থানত সভাপতিৰ দায়িত্ব দিয়া হৈছিল ভূপেন বৰাক ৷ সেই সময়ত চামগুৰি সমষ্টিৰ সাংসদ তথা বিধানসভাত বিৰোধীৰ উপ-দলপতি ৰকিবুল হুছেইনেও কিছু অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছিল ৷

লগতে পঢ়ক: Suresh Borah quits Congress: কংগ্ৰেছৰ সংগ ত্যাগ সুৰেশ বৰাৰ

ভূপেন বৰা সভাপতি হোৱাৰ পিচতেই উজনিৰ দুগৰাকী কংগ্ৰেছ বিধায়ক ক্ৰমে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহায়ে কংগ্ৰেছৰ সংগ ত্যাগ কৰি বিজেপিলৈ ঢাপলি মেলে ৷ উপ-নিৰ্বাচনৰ জৰিয়তে বিজেপিৰ বিধায়ক হিচাপে দুয়ো পুনৰ জয়ী হৈ আহে বিধানসভালৈ ৷ ইফালে বিধানসভা ভৱনৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সেৱা কৰা ফটো প্ৰচাৰ হোৱাৰ পিচতেই ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসকো দলে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ৷ কিন্তু তাৰ কোনো উত্তৰ নিদিলে শশীকান্ত দাসে ৷ ফলত তেওঁক দলৰ পৰা নিলম্বন কৰে কংগ্ৰেছে ৷

ইফালে মিঞা মিউজিয়াম স্থাপনত আগ-ভাগ লোৱাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত কাৰাবাস খটা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদকো দলে বহিষ্কাৰ কৰে ৷ তাৰোপৰি প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ মনোজ ধানোৱাৰেও কংগ্ৰেছ ত্যাগ কৰি আম আদমী পাৰ্টীত যোগদান কৰে ৷

বৰাকতো কংগ্ৰেছ দলে এবাৰলৈ মুখ ঠেকেচা খাবলগীয়া হয়, যেতিয়া কংগ্ৰেছ নেত্ৰী সুস্মিতা দেবে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগ দিয়ে ৷ কংগ্ৰেছৰ ভিতৰচ’ৰাত সভাপতি ভূপেন বৰাক লৈ একাংশৰ অসন্তুষ্টি থকা বুলি ব্যাপক চৰ্চা হয় এইসকল নেতাই পদত্যাগ কৰাৰ পিচত ৷

অতি শেহতীয়াভাৱে পুনৰ দুজন জিলা পৰ্যায়ৰ সভাপতিয়ে পদত্যাগ কৰা ঘটনাই এই কথা ভাবিবলৈ বাধ্য কৰিছে যে অন্তৰ্ভাগত নিশ্চয় কোনো কন্দল চলি আছে কংগ্ৰেছত ৷ ভিতৰি ভিতৰি যেন খহনীয়া আৰম্ভ হৈছে দীৰ্ঘকাল অসমৰ ৰাজপাটত অধিষ্ঠিত হৈ থকা দলটোত ৷

কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নৱজ্যোতি তালুকদাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে দলে কেইদিনমানৰ বাবে তেওঁক জিলা সভাপতিৰ দায়িত্ব দিছিল ৷ এতিয়া যিহেতু তেওঁৰ ওপৰত আন দায়িত্ব আহি পৰিছে সেয়ে তেওঁ সভাপতিৰ পদ ত্যাগ কৰিব বিচাৰিছে ৷

প্ৰাক্তন মন্ত্ৰী অকন বৰা আৰু তেওঁৰ পুত্ৰ তথা কংগ্ৰেছ নেতা মানস বৰাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাও দেখা গ’ল নৱজ্যোতি তালুকদাৰক ৷ অকন বৰাক ৰজা আৰু মানস বৰাক যুৱৰাজ আখ্যা দি তেওঁ কয় যে, তেওঁলোক ডাঙৰ মানুহ ৷ তেওঁলোকৰ সন্দৰ্ভত মন্তব্য দিব পৰা অধিকাৰ আমাৰ নাই ৷ এতিয়া প্ৰশ্ন হ’ল ভূপেন বৰাই সভাপতি হিচাপে দলটো পৰিচালনা কৰাত ব্যৰ্থ হৈছে নেকি ? যদি সেয়াই হয় তেন্তে 2024 ত অসমত কাক সমুখত ৰাখি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব কংগ্ৰেছ দল ৷

লগতে পঢ়ক: Suresh Borah quits Congress: সুৰেশ বৰাৰ পদত্যাগক উৰা বাতৰি আখ্যা প্ৰদ্যুৎ বৰদলৈৰ

Last Updated : Nov 10, 2023, 9:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.