ETV Bharat / state

হঠাৎ বিকল হ’ল ফুটব্ৰীজৰ লিফ্ট; আবদ্ধ দুটি শিশু

মহানগৰীত ভয়ংকৰ ঘটনা । হঠাতে বন্ধ হ’ল ফুটব্ৰীজৰ লিফ্ট ৷ ফলত আৱদ্ধ হৈ পৰে দুই শিশু ৷ পৰৱৰ্তী সময়ত উদ্ধাৰ আবদ্ধ দুই শিশুক ৷

author img

By

Published : Oct 16, 2021, 5:20 PM IST

footbridge lift
ফুটব্ৰীজৰ লিফ্টত আবদ্ধ দুই শিশু

গুৱাহাটী, ১৬ অক্টোবৰ : শনিবাৰে মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ অঘটন । শনিবাৰে দুপৰীয়া প্ৰায় ১২:৩০ বজাত গুৱাহাটী মহানগৰীৰ মালিগাঁও বৰিপাৰাত সংঘটিত হয় এই অঘটনটো ৷ হঠাৎ বৰিপাৰাৰ ফুটব্ৰীজৰ লিফটত ঘটে যান্ত্ৰিক বিজুতি ৷

footbridge lift
ফুটব্ৰীজৰ লিফ্টত আবদ্ধ দুই শিশু

ফুটব্ৰীজৰ লিফটত যান্ত্ৰিক বিজুতি ঘটাত বন্ধ হৈ পৰে লিফটৰ চলাচল ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বৰিপাৰাৰ ফুটব্ৰীজৰ লিফটত যান্ত্ৰিক বিজুতি ঘটাৰ সময়ত লিফটত আছিল দুটা শিশু ৷ লিফটত আবদ্ধ শিশু দুটা হৈছে উত্তৰ জালুকবাৰীৰ চাহিল আলী (৮) আৰু মজাফুৰ আলী(৮) ৷

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ফুটব্ৰীজৰ লিফটত যান্ত্ৰিক বিজুতি ঘটাৰ ফলত প্ৰায় এঘন্টা ধৰি লিফটৰ ভিতৰতে আৱদ্ধ হৈ পৰিছিল দুই শিশু ।

এই খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় জালুকবাৰী আৰক্ষী । লগতে অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাও উপস্থিত হয় ঘটনা স্থলীত । পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ লোকে লিফ্টৰ ভিতৰত আৱদ্ধ হৈ থকা শিশু দুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি, লিফটত আবদ্ধ হৈ পৰা শিশু দুটিক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত কৰা হয় স্বাস্থ্য পৰীক্ষা ৷ তাৰ পাচতেই শিশু দুটিক গটাই দিয়া হয় পৰিয়ালৰ লোকক ৷

লগতে পঢ়ক : CBI-IT তথা EDক বিজেপি চৰকাৰে পুতলাৰ দৰে ব্যৱহাৰ কৰিছে : সাংসদ ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.