ETV Bharat / state

Guwahati Serial gang rape : পুনৰ ৰাজ্যত কিশোৰী ধর্ষণৰ ঘটনা

author img

By

Published : Jun 13, 2023, 7:21 PM IST

মহানগৰীত দুগৰাকী বনকৰা কিশোৰীক দলবদ্ধ ধর্ষণৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে দুজন লোকক। অৱশ্যে এই ধৰ্ষণৰ ঘটনাৰ দুই মূল অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে ৷

Two child gang raped by various people in Guwahati
Serial gang rape
Serial gang rape

গুৱাহাটী, ১৩ জুন: গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ দলবদ্ধ ধর্ষণৰ ঘটনা। এইবাৰ দুগৰাকী বনকৰা কিশোৰীক দলবদ্ধ ধর্ষণৰ ঘটনা পোহৰলৈ আহিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে দুজন লোকক। অৱশ্যে এই ধৰ্ষণৰ ঘটনাৰ দুই মূল অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ধৃত অভিযুক্ত দুটা হৈছে ড৹ ৰাজা দাস আৰু ধীৰেন মজুমদাৰ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে মহানগৰীৰ পাথৰকুৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ বাসিন্দা ড৹ ৰাজা দাসৰ ঘৰত চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ৯ বছৰীয়া আৰু ১৫ বছৰীয়া দুগৰাকী কিশোৰীয়ে শ্ৰমিক হিচাপে কাম কৰি আছিল। অভিযোগ অনুসৰি চিকিৎসক ড৹ ৰাজা দাসৰ পৰিয়ালে বনকৰা কিশোৰী দুগৰাকীকে অকথ্য নিৰ্যাতন চলাই আহিছিল। চিকিৎসক পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি বনকৰা কিশোৰী দুজনীয়ে যোৱা শনিবাৰে ঘৰখনৰ পৰা কোনো মতে পলাই আহে।

তাৰ পৰা ওলাই আহি দুয়ো মঠঘৰীয়া উৰণীয়া সেতুৰ তলত আইছক্ৰীম খাবলৈ লয়। তেনে সময়তে দুজন আইছক্ৰীম ব্যৱসায়ীয়ে কিশোৰী দুজনীক ফুচুলাই ঘৰলৈ নি ধৰ্ষণ কৰে। তাৰ পিচত দুয়ো তাৰ পৰা কোনোমতে ওলাই আহি নাৰেংগীৰ ফ’ৰেষ্টগেটৰ এখন চাহ দোকানত আশ্ৰয় লয়।

কিন্তু তাতো চাহৰ দোকানী ধীৰেণ মজুমদাৰ নামৰ লোকজনে কিশোৰী দুগৰাকীক অশ্লীল ইংগিত দিয়ে। পুনৰ কিশোৰী দুগৰাকীয়ে সেই ঠাইৰ পৰা কৌশলেৰে পলাই আহি নাৰেংগীৰ বাবু বস্তিত আশ্ৰয় গ্ৰহণ কৰে।

ইপিনে ঘৰৰ গৰাকী ড৹ ৰাজা দাসে বনকৰা কিশোৰী দুজনী সন্ধানহীন হোৱা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সোমবাৰে নাৰেংগীত অভিযান চলাই দুই কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

কিশোৰীদ্বয়ৰ উদ্ধাৰৰ পিচতেই যৌন নিৰ্যাতনৰ কথা পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত ধীৰেণ মজুমদাৰক নাৰেংগী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুই অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ইফালে বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত চিকিৎসক ড৹ ৰাজা দাসক আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক: Suspected Person at Kalgachia: কলগাছিয়াত নাৰীৰূপী নৰৰ আতংক, নিশা শোৱনি কোঠাত প্ৰৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.