নিউজ ডেস্ক,11মে': মহানগৰীৰ ধাৰাপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী পালচাৰ বাইক আৰু যাত্ৰীবাহী বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে দুই বাইক আৰোহীয়ে ৷
মঙলবাৰে পুৱতি নিশা সংঘটিত হোৱা এই পথ দুৰ্ঘটনাটোত নিহত হোৱা দুই বাইক আৰোহী ক্ৰমে আব্দুৰ হাই আৰু মহিদুল ইছলাম ৷ সম্প্ৰতি আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: জাগুনত গ্ৰেনেড বিস্ফোৰণত নিহত কিশোৰ