ETV Bharat / state

বৰ্তমানেও পলাতক মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত - Two accused involved in CMs signature fraud case abscond

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত মাষ্টাৰমাইণ্ড ইমৰান শ্বাহক আৰক্ষীয়ে আটক কৰিলে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত ৷ ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে দিছপুৰ আৰক্ষীয়ে ৷

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত পলাতক
two-accused-involved-in-cms-signature-fraud-case-abscond
author img

By

Published : Sep 13, 2021, 8:39 PM IST

গুৱাহাটী, 13 ছেপ্তেম্বৰ : বৰ্তমানেও পলাতক অৱস্থাত আছে মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত মাষ্টাৰমাইণ্ড ইমৰান শ্বাহৰ লগত থকা আন দুজন অভিযুক্ত ৷ দিছপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ধৰা পৰিছিল লোহিত কনষ্ট্ৰাকশ্যনৰ নামত মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰ তথ্য ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত পলাতক

এজাহাৰ দিয়াৰ পিছতে ঘটনাটোৰ মূল অভিযুক্ত ইমৰান শ্বাহ আৰু ৰাজীৱ কলিতাই দিল্লীত আত্মগোপন কৰিছিল ৷ ৰাজীৱ কলিতাক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেওবাৰে দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইমৰান শ্বাহক ৷ ইমৰান শ্বাহে নিয়ন্ত্ৰণ কৰিছিল কৰিছিল এই নেক্সাছ ৷ ইপিনে দিলীপ দাস, অনুপম চৌধুৰী, প্ৰকাশ বসুমতাৰী নামৰ লোক তিনিজনে মুখ্যমন্ত্ৰীৰ প্ৰকৃত চহী কালেকশ্যন কৰিছিল আৰু জেৰক্স দোকানত মুখ্যমন্ত্ৰীৰ চহী স্কেন কৰি জালিয়াতি আৰম্ভ কৰিছিল ৷

ঘটনা সন্দৰ্ভত এজাহাৰ পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি প্ৰথমে 4 জন লোকক সোধপোচৰ বাবে আটক কৰিছিল ৷ তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত ৰাজীৱ কলিতা , দিলীপ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে দেওবাৰে দিল্লীৰ পৰা ইমৰান শ্বাহকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমানেও পলতাক দালাল ঠিকাদাৰ অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰী ৷

লগতে পঢ়কঃ শীঘ্ৰেই অসম আৰক্ষীত হ'ব ব্যাপক সংস্কাৰ : ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.