গুৱাহাটী,৭ মাৰ্চ: শেহতীয়াভাৱে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুৱে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি কৰা বিতৰ্কিত মন্তব্যৰ পিচতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ৰাজ্য়খনত বিভিন্ন ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনৰ লগতে অসম যুৱ তৃণমূল কংগ্ৰেছে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Controversial statement of Maharashtra MLA on Assam)।
অসম সম্পৰ্কে কৰা অপমানজনক মন্তব্যৰ বাবে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্ছু কাডুৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত দাখিল কৰা হৈছে এজাহাৰ । মঙলবাৰে প্ৰদেশ মহিলা কংগ্ৰেছে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পাচতে হাতীগাঁও থানাত বিধায়কগৰীকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে অসম যুৱ তৃণমূল কংগ্ৰেছে (Assam Youth Trinamool Congress FIR against Maharashtra MLA)।
বিধায়ক বাচ্চু কাডুৱে অসমৰ মানুহে কুকুৰ মাংস খায় বুলি কৰা অপমানজনক মন্তব্যক লৈ সৰৱ হৈ পৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছ । দলটোৰ এটা সজাতি দলে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰি অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক গোচৰ পঞ্জীয়ন কৰি বিধায়কজনক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় (Assam Youth Trinamool Congress FIR in Hatigaon Thana) ।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৱে অসমৰ লোকে কুকুৰ ভক্ষণ কৰে আৰু মহাৰাষ্ট্ৰৰ পথৰ কুকুৰৰ সমস্যা দূৰ কৰিবলৈ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব পাৰে বুলি বিধানসভাত মন্তব্য কৰিছিল । ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক অপমানিত কৰা এই ঘটনাকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মহাৰাষ্ট্ৰৰ বিধায়কজনে অসম সম্পৰ্কে কৰা এনে অপমানজনক মন্তব্য কৰাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি প্ৰদেশ মহিলা কংগ্ৰেছৰ পাছতে তৃণমূল কংগ্ৰেছে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে ।
এজাহাৰ দাখিল কৰি অসম যুৱ তৃণমূল কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসমতে থাকি মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ খেল খেলা বিধায়কে অসমক চূড়ান্তভাৱে অপমান কৰিছে । কিন্তু এইক্ষেত্রত মুখ্যমন্ত্রী নিমাত হৈ আছে । তেওঁলোকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রীকো এইক্ষেত্রত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।