ETV Bharat / state

গৃহমন্ত্ৰী শ্বাহ-মুখ্য়মন্ত্ৰী ড৹ শৰ্মাৰ উপস্থিতিত 8 বিদ্রোহী সংগঠনৰে শান্তি চুক্তি স্বাক্ষৰ

author img

By

Published : Sep 15, 2022, 9:34 PM IST

শান্তি চুক্তিয়ে অসমত শান্তি-সম্প্ৰীতিৰ এক নতুন অধ্যায়ৰ সূচনা কৰিব বুলি আশা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । পাঁচটা বিদ্ৰোহী সংগঠন আৰু তিনিটা ফৈদৰ মুঠ ১,১৮২ জন কেডাৰে অস্ত্ৰ-শস্ত্ৰ এৰি মূলসুঁতিলৈ উভতি আহিছে । বিদ্ৰোহী সংগঠনকেইটাই ১৫৬ টা অস্ত্ৰ, ৮৮৭ টা গুলী, ২১ টা গ্ৰেণেড আৰু ৭ টা আই ই ডি গৃহ মন্ত্ৰণালয়ক জমা দিয়ে । আজিৰ দিনটোক অসম তথা উত্তৰ-পূবৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হিচাবে অভিহিত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Union home minister Amit Shah)।

বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ
বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ

গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: নতুন দিল্লীত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ নৰ্থ ব্লকস্থিত কাৰ্যালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union home minister Amit Shah) আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে পাঁচটা আদিবাসী বিদ্ৰোহী সংগঠন আৰু আন তিনিটা উগ্ৰপন্থী গোটৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হয় (Peace pact with eight tribal militant outfits of Assam)।

বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ
বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ

এই চুক্তি স্বাক্ষৰৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা আৰু পল্লৱ লোচন দাস, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত(DGP Bhaskarjyoti Mahanta) আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ উপস্থিত থাকে । চুক্তি স্বাক্ষৰ কৰা আদিবাসী বিদ্রোহী সংগঠন কেইটা হ’ল বীৰছা কমাণ্ডো ফ’ৰ্চ (বি চি এফ),আদিবাসী পিপ’লছ্ আর্মী (এ পি এ), অল আদিবাসী নেশ্বনেল লিবাৰেশ্যন আৰ্মী (এ এ এন এল এ), আদিবাসী কোব্ৰা মিলিটাৰী অৱ আছাম (এ চি এম এ) আৰু চাওতাল টাইগাৰ ফ'ৰ্ট (এছ টি এফ) ।

আনহাতে আন তিনিটা বিদ্ৰোহী গোট হৈছে বি চি এফ, এ এ এন এল এ আৰু এ চি এম এ । এই সশস্ত্ৰ সংগঠন কেইটাই হিংসাত্মক কার্য পৰিহাৰ কৰি দেশৰ আইনে প্ৰতিষ্ঠা কৰা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াত যোগদান কৰিবলৈ সন্মত হৈছে । শান্তি চুক্তি স্বাক্ষৰ কৰা সশস্ত্ৰ সংগঠনকেইটাৰ কেডাৰসকলক পুনৰ সংস্থাপনৰো ব্যৱস্থা কৰা হ'ব । উল্লেখ্য যে ২০১৬ চনৰ পৰা বি চি এফ, এ পি এ, এ এ এন এল এ, এ চি এম এ আৰু এছ টি এফ-এ চৰকাৰৰ সৈতে যুদ্ধ বিৰতি চলি আছে আৰু তেতিয়াৰে পৰা বিদ্ৰোহী সংগঠনৰ কেডাৰসকলে নিৰ্দিষ্ট শিৱিৰত বাস কৰি আহিছে ।

বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ
বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ

পাঁচটা বিদ্ৰোহী সংগঠন আৰু তিনিটা ফৈদৰ মুঠ ১,১৮২ জন কেডাৰে অস্ত্ৰ-শস্ত্ৰ এৰি মূলসুঁতিলৈ উভতি আহিছে । বিদ্ৰোহী সংগঠনকেইটাই ১৫৬ টা অস্ত্ৰ, ৮৮৭ টা গুলী, ২১ টা গ্ৰেণেড আৰু ৭ টা আই ই ডি জমা দিয়ে । অনুষ্ঠানত উপস্থিত থকা গৃহমন্ত্ৰী অমিত শ্বাহে এই দিনটোক অসম তথা উত্তৰ-পূবৰ বাবে এক গুৰুত্বপূৰ্ণ দিন বুলি অভিহিত কৰে । অমিত শ্বাহে লগতে কয় যে উত্তৰ-পূবৰ উন্নয়নৰ বাবে মোদী চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে । অসমৰ আদিবাসী সংগঠনৰ প্ৰায় সহস্ৰাধিক সদস্যই আজি অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে ।

বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ
বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ

শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদ মাধ্যমৰ আগত আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন হিচাবে অভিহিত কৰে । তেওঁ কয় যে ২০১২ চনত আদিবাদী সংগঠনৰ বিদ্ৰোহী সংগঠনসমূহৰ সৈতে এটা আলাপ আলোচনাৰ বাট মুকলি কৰা হৈছিল । ২০১৬ চনত তেওঁলোকৰ লগত যুদ্ধবিৰতি হৈছিল । সেই যুদ্ধবিৰতিৰ আলম লৈয়ে আজি সংগঠনকেইটাৰ লগত এখন চুক্তি স্বাক্ষৰ কৰে । এই চুক্তি অনুসৰি তেওঁলোকৰ বিদ্ৰোহী সদস্যসকলে আত্মসমৰ্পণ কৰিব আৰু চৰকাৰক অস্ত্ৰ-শস্ত্ৰ জমা দিব ।

বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ
বিদ্রোহী সংগঠনৰ শান্তি চুক্তি স্বাক্ষৰ

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে অসমত এখন আদিবাসী কল্যাণ পৰিষদ(Adivasi Welfare Council) গঠন কৰা হ’ব । সাম্প্ৰদায়িক সংঘৰ্ষত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব । আদিবাসী ভাষা-সংস্কৃতি সংৰক্ষণ কৰা হ’ব । আনহাতে আদিবাসী বহুল অঞ্চলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৫০০ কোটি আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৫০০ কোটি টকা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই সদৰি কৰে ।

লগতে মুখ্যমন্ত্ৰীয়ে(CM Himanta Biswa Sarma) কয় যে এতিয়াৰ পৰা ডাইৰেক্টৰ অৱ টি ৱেলফেয়াৰক ডাইৰেক্টৰ অৱ আদিবাসী এণ্ড টি ৱেলফেয়াৰ বুলি জনা যাব । আজিৰ চুক্তিত আদিবাসীসকলৰ বাবে আন কেইবাটাও ভাল পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰি মুখ্যমন্ত্ৰী শৰ্মাই ।

লগতে পঢ়ক: জনজাতিকৰণৰ বাবে তীব্ৰ আন্দোলনৰ আহ্বান আখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.