গুৱাহাটী, 1 এপ্ৰিল : এই সময়ত যদি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ অথবা গাড়ীৰ ফিটনেছ চাৰ্টিফিকেটকে ধৰি যিকোনো নথিৰ ম্যাদ উকলিছে তেন্তে চিন্তিত নহ'ব । ৰাজ্যৰ পৰিবহণ বিভাগে ইতিমধ্যে জাৰী কৰা এক নিৰ্দেশনা যোগে এই ক্ষেত্ৰত কিছু সকাহ প্ৰদান কৰিছে ৰাজ্যবাসীক ৷
দেশজুৰি লক ডাউন চলি থকা হেতুকে বৰ্তমানৰ এই সময়চোৱাত যদি এই নথি পত্ৰৰ ম্যাদ উকলিছে তেন্তে ৩০ জুন পৰ্যন্ত সেই অনুজ্ঞাপত্ৰ আৰু নথি নৱীকৰণ নহ'লেও বৈধ বুলি বিবেচিত হ'ব । প্ৰদুষণৰ প্ৰমানপত্ৰ, গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ, বীমা, ফিটনেছ চাৰ্টিফিকেট এই সকলোবোৰৰ ম্যাদ উকলিলেও এতিয়াৰে পৰা বৈধ বিবেচিত হ'ব ৩০ জুন পৰ্যন্ত ।