ETV Bharat / state

Transport department launches mobile app :সজাগতাৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিলে মোবাইল এপ - transport department launches mobile app

পথ সুৰক্ষা সম্পৰ্কীয় অভিযোগ পঞ্জীয়নৰ বাবে পথ সুৰক্ষা সহযোগী এপ মুকলি । পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল‌বৈদ্যই মুকলি কৰে এই এপটো ।

Govt signs MoU with Tata Power
পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল‌বৈদ্য
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 8:55 PM IST

পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল‌বৈদ্য

গুৱাহাটী, ১৪ অক্টোবৰ: পথ সুৰক্ষা সজাগতাৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিলে মোবাইল এপ । নাগৰিক সকলে এই এপৰ জড়িয়তে পঞ্জীয়ন কৰিব পাৰিব পথ সুৰক্ষা সম্পৰ্কীয় অভিযোগ । শনিবাৰে মহানগৰীৰ খানাপাৰাস্থিত পৰিবহণ ভৱনত পৰিবহণ মন্ত্ৰী পৰিমল শুক্ল‌বৈদ্যই মুকলি কৰে পথ সুৰক্ষা সহযোগী নামে এপটো । পথ সুৰক্ষা সম্পৰ্কীয় অভিযোগ সমূহৰ চমু বিৱৰণৰ সৈতে চুটি ভিডিঅ' আপলোড কৰিব পাৰিব এই এপটোত ।

এই সকলো অভিযোগ নিৰীক্ষণ কৰি সমাধানৰ চেষ্টা কৰিব পৰিবহণ বিভাগে । লগতে আজিৰ এই অনুষ্ঠানতেই অসম চৰকাৰে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে টাটা পাৱাৰৰ সৈতে । এই চুক্তি অনুসৰি টাটা পাৱাৰ সাজু হৈছে গুৱাহাটীৰ ১০টাকৈ গুৰুত্বপূৰ্ণ স্থানত উন্নত মানৰ ইভি চাৰ্জাৰৰ নেটৱৰ্ক স্থাপন কৰিবলৈ । আগন্তুক সময়ত বিদ্যুৎ চালিত বাহনৰ ব্যবহাৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে গ্ৰহণ কৰিছে এনে প্ৰদক্ষেপ ।

আনহাতে আগন্তুক দুৰ্গা পূজাত কেনেদৰে দুৰ্ঘটনা ৰোধ কৰিৱ পৰা যায় সেই সম্পৰ্কেও মন্তব্য আগবঢ়ায় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । পৰিবহণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া উৎসৱ বুলিলেই একাংশই বিভিন্ন নিচাজাতীয় সামগ্ৰী সেৱন কৰে । পূজা বুলিয়েই সুৰা কিয় সেৱন কৰিব লাগে বুলি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰশ্ন কৰে । তেওঁ কয় যে পূজা হৈছে দুৰ্গা দেৱীক আধ্যাত্মিক ভাৱে আৰাধনা কৰাৰ উৎসৱ । অধিক সংখ্যক দুৰ্ঘটনা সংঘটিত হয় সুৰাপান কৰি বাহন চলোৱা বাবে । প্ৰথমে অত্যধিক সুৰা সেৱন কৰে তাৰ পাছত নিজেই বাহন চলাই । এয়া অদ্ভূত মানসিকতা বুলি তেওঁ মন্তব্য় কৰে । সেয়েহে এইবাৰ পুজাত যাতে সুৰা সেৱন কৰি বাহন চলাৱ নোৱাৰে তাৰ বাৱে চোকা দৃষ্টি ৰাখিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক:SC acquits man of murder charge : শিক্ষিত আৰু ভগৱানক বিশ্বাস কৰা ব্যক্তিৰ ইতিবাচক খ্যাতি নাথাকিব পাৰে: উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.