ETV Bharat / state

Assam CM security news : ২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত তিনি এছ পিৰ বদলিৰ নিৰ্দেশ বাতিল

author img

By

Published : May 11, 2023, 1:36 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনিগৰাকী আৰক্ষী অধীক্ষকৰ বদলিৰ নিৰ্দেশ ২৪ ঘণ্টাৰ ভিতৰত বাতিল (Assam CM’s security order was canceled within 24 hours)। কি পৰিস্থিতিত হঠাতে একাংশ লোকে মুখ্যমন্ত্ৰীৰ ওচৰত ভিৰ কৰিছিল । ঘটনাৰ তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ । চি আই ডিৰ এডিজিপিৰ তদন্ত ।

Assam CM security news
মুখ্যমন্ত্ৰী নিৰাপত্তাত গাফিলতি

গুৱাহাটী, ১১ মে’ : বিষয় এটা আৰু দুটা নিৰ্দেশনা । এটাত বদলিৰ নিৰ্দেশ আৰু আন এটাত বদলিৰ নিৰ্দেশ বাতিল । ২৪ ঘণ্টাৰ ভিতৰত গৃহ বিভাগে জাৰি কৰা দুটা নিৰ্দেশনাই বিশেষ চৰ্চা লাভ কৰিছে (Assam CM’s security order was canceled within 24 hours) । উল্লেখ্য যে, মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনিগৰাকী আৰক্ষী অধীক্ষকক দায়িত্বত গাফিলতি কৰাৰ অভিযোগত তাৎক্ষণিকভাৱে বদলি কৰা হৈছিল ।

ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মঙলবাৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক উৎপল বায়ন, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীক বদলিৰ নিৰ্দেশ দিছিল (Assam shifts 3 SPs from security of CM Sarma) । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুবছৰীয়া কার্যকালৰ বর্ষপূৰ্তিৰ লগত সংগতি ৰাখি মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ।

এই অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু মুখ্যমন্ত্ৰী নিৰাপত্তাত থকা বিষয়াৰ দায়িত্বহীনতাৰ বাবে হঠাতে বহুসংখ্যক লোকে মুখ্যমন্ত্ৰীৰ একেবাৰে কাষ পাইছিল । নিৰাপত্তাৰ এই গাফিলতিক লৈ আনকি অসন্তুষ্ট হৈ পৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

ইয়াৰ পাচতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই তাৎক্ষণিকভাৱে এটা নিৰ্দেশনাযোগে কৰ্তব্যৰত তিনিওজন আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশ দিয়ে । কিন্তু বদলিৰ নিৰ্দেশ জাৰি কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ আন এক জাননী যোগে বদলিৰ নিৰ্দেশ বাতিল কৰা হয় (Assam CM security news) ।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা গাফিলতিৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে চি আই ডিৰ এডিজিপিয়ে । কি পৰিস্থিতিত হঠাতে একাংশ লোক আহি মুখ্যমন্ত্ৰীৰ ওচৰত ভিৰ কৰি ঠেলা-হেঁচা কৰিবলৈ পালে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৷

আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ অনুসৰি বুধবাৰে পুৱাৰে পৰা চি আই ডিৰ এডিজিপিয়ে তদন্ত আৰম্ভ কৰে । অৱশ্যে এই তদন্ত চলি থকাৰ মাজতে বুধবাৰে বিয়লিলৈ গৃহ বিভাগে আন এটা নিৰ্দেশনাযোগে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ তিনি এছ পিৰ বদলিৰ পূৰ্বৰ নিৰ্দেশনা বাতিল কৰে । অৱশ্যে কি কাৰণত ২৪ ঘণ্টাৰ ভিতৰতে তিনিজন এছ পিক শাস্তিমূলক বদলি কৰি পুনৰ বদলিৰ নিৰ্দেশনা বাতিল কৰিবলগীয়া হ’ল, সেয়া জানিব পৰা হোৱা নাই ।

অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপতেই মঙলবাৰৰ গৃহ বিভাগৰ বদলিৰ নিৰ্দেশনাটো প্ৰত্যাহাৰ কৰা হ’ল বুলি আৰক্ষীৰ এটা বিশেষ সূত্ৰই জানিবলৈ দিয়ে । ইফালে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত গাফিলতি পোহৰলৈ অহাৰ পাচতেই বুধবাৰে সন্ধিয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে গুৱাহাটী আৰক্ষীৰ আয়ুক্ত তথা প্ৰতিখন থানাৰে ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ।

এই বৈঠকত আৰক্ষী সঞ্চালক প্ৰধানে গুৱাহাটী আৰক্ষীক মুখ্যমন্ত্ৰীৰ প্ৰতিটো কাৰ্যসূচীতে নিৰাপত্তা ব্যৱস্থাত কোনো সুৰুঙা নাৰাখিবলৈ কঠোৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : Assam govt completed 2 years: দুটা বছৰ সম্পূৰ্ণ কৰা নিজৰ চৰকাৰখনক মুখ্যমন্ত্রীয়ে কিমান নম্বৰ দিলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.