গুৱাহাটী, 30 জুলাই : ‘‘আজিৰ দৰে খেলিলে লাভলীনা বৰগোহাঁই (Lovlina Borgohain)য়ে সোণৰ পদক (Gold Medal) লাভ কৰাতো নিশ্চিত । গুৰু হিচাপে আজি মই গৌৰাম্বিত’’ । শুকুৰবাৰে চলিত টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ বক্সিঙত মহিলাৰ 69 কেজি শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাচতে এইদৰে উৎফুল্লিত হৈ পৰে লাভলীনাৰ প্ৰশিক্ষক পদুম চন্দ্ৰ বড়ো (Padum Chandra Boro) ৷
এই জয়েৰে টকিঅ’ অলিম্পিকত নতুন ইতিহাস ৰচিলে লাভলীনা বৰগোহাঁইয়ে । কোৱাৰ্টাৰ ফাইনেল (Quarter Final)ত জয়লাভ কৰাৰ পাচতেই টকিঅ’ অলিম্পিকত পদক নিশ্চিত হ’ল লাভলীনা বৰগোহাঁইৰ । শিষ্যৰ এই সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে গুৰু পদুম চন্দ্ৰ বড়ো ।
লগতে পঢ়ক : Tokyo Olympics : বক্সিঙৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনাই
টকিঅ’ অলিম্পিকত পদক নিশ্চিত হৈ পৰাৰ লগে লগে আনন্দত আত্মহাৰা হৈ পৰিছে লাভলীনা বৰগোহাঁইৰ প্ৰশিক্ষকগৰাকী ৷
কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই 2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চীনৰ চেন নিয়েন চিন (Nien-Chin Chen)ক 4-1 ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ সৰুপথাৰৰ পৰা কেনেদৰে লাভলীনাক বক্সিঙৰ ৰিঙলৈ লৈ গৈছিল, সেয়া সাংবাদিকৰ আগত ব্যক্ত কৰিলে প্ৰশিক্ষকগৰাকীয়ে ৷ 2012 চনত লাভলীনাক গুৱাহাটীৰ পল্টনবজাৰস্থিত ‘ছাই’ লৈ আনি বক্সিঙত ৰিঙত নমাইছিল এইগৰাকী প্ৰশিক্ষকে ৷
লগতে পঢ়ক : লাভলীনাৰ সাফল্যত কি ক'লে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ?