ETV Bharat / state

Traffic violations new rules: নিময় মানি নচলিলে পৰিব বিপদত

নৱবৰ্ষৰ প্ৰাকক্ষণত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন (Assam govt strict against traffic rule violators)। হেলমেট পৰিধান নকৰাকৈ বাহন চলালে এহাজাৰ টকাৰ জৰিমনা ভৰাৰ লগতে তিনি মাহৰ বাবে অনুজ্ঞাপত্র বাতিল হ'ব । অনুজ্ঞাপত্র অবিহনে বাহন চলালে ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা । চীট বেল্ট অবিহনে গাড়ী চলালে দিব লাগিব এহেজাৰ টকাৰ জৰিমনা ।

author img

By

Published : Dec 28, 2021, 5:48 PM IST

Traffic violation new rule
নিময় মানি নচলিলে পৰিব বিপদত

গুৱাহাটী,২৮ ডিচেম্বৰ : সাৱধান । বাহন খন লৈ ৰাজপথলৈ ওলাই গ'লে এশবাৰ ভাৱি-চিন্তি ওলাই যাব । সাধাৰণ এটা ভুল হ'লেই বিপদত পৰিব পাৰে । কাৰণ নিয়ম উলংঘাকাৰীৰ ক্ষেত্রত কঠোৰ হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষ (Assam govt strict against traffic rule violators)। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতেই নহয় ৰাজ্যজুৰি আৰক্ষী-প্ৰশাসন আৰু পৰিবহণ বিভাগৰ চলিছে ব্যাপক অভিযান ।

Traffic violation new rule
নিময় মানি নচলিলে পৰিব বিপদত

সুৰাপান কৰি যান-বাহন চলালে ভৰিব লাগিব দহ হাজাৰ টকাৰ জৰিমনা । সেইদৰে হেলমেট পৰিধান নকৰাকৈ বাহন চলালে এহাজাৰ টকাৰ জৰিমনা ভৰাৰ লগতে তিনি মাহৰ বাবে অনুজ্ঞাপত্র বাতিল হ'ব । আনহাতে চালকৰ অনুজ্ঞাপত্র অবিহনে বাহন চলালে ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা । চীট বেল্ট অবিহনে গাড়ী চলালে দিব লাগিব এহেজাৰ টকাৰ জৰিমনা ।

Traffic violation new rule
নিময় মানি নচলিলে পৰিব বিপদত

সেইদৰে তীব্ৰগতিত বাহন চলালে দুই হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব । দুচকীয়া বাহনত দুজনৰ বেছি আৰোহী উঠিলে ভৰিব লাগিব এহাজাৰ টকাৰ জৰিমনা । সেইদৰে দুচকীয়া বাহনৰ আৰোহীজনে হেলমেট পৰিধান নকৰিলে ভৰিব লাগিব এহাজাৰ টকাৰ জৰিমনা । আনহাতে বীমা নোহোৱাকৈ বাহন চলালে দুই হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব ।

Traffic violation new rule
নিময় মানি নচলিলে পৰিব বিপদত

গাড়ী চলোৱাৰ সময়ত চালকে মোবাইল ফোন ব্যৱহাৰ কৰিলে ভৰিব লাগিব ৫ হাজাৰ টকাৰ জৰিমনা । সেইদৰে জৰুৰীকালীন সেৱাৰ বাহনক বাট এৰি নিদিলে বিহা হ'ব ১০ হাজাৰ টকাৰ জৰিমনা । কমবয়সৰ নাবালকে বাহন চলালে এবছৰৰ বাবে গাড়ীৰ পঞ্জীয়ন পত্র বাতিল হোৱাৰ লগতে অভিভাৱকৰ তিনিবছৰ পৰ্যন্ত কাৰাবাস হ'ব । তদুপৰি ২৫ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব ।

Traffic violation new rule
নিময় মানি নচলিলে পৰিব বিপদত

আনহাতে শব্দ আৰু বায়ু প্ৰদূষণ আইন ভংগ কৰিলে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা । ইতিমধ্যে এই নতুন জৰিমনাৰ ব্যৱস্থাৰে সংশ্লিষ্ট কৰ্তৃপক্ষই ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিছে । বিশেষকৈ গুৱাহাটী মহানগৰীত আৰক্ষী-প্ৰশাসন আৰু পৰিবহণ বিভাগে ঠায়ে ঠায়ে অভিযান চলাই থকা পৰিলক্ষিত হৈছে ।

যান-বাহন আইন বলবৎ কৰাৰ বাবে কঠোৰ হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষ । দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে দিয়া কঠোৰ নিৰ্দেশনাৰ পাছতে বিশেষভাৱে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন আৰু পৰিবহণ বিভাগ । বিশেষকৈ ৩১ ডিচেম্বৰৰ নিশা যাতে দুৰ্ঘটনাত কোনো লোক হতাহত নহয় তাৰ বাবে মুখ্যমন্ত্রীয়ে জনোৱা আহ্বানৰ বাবে তৎপৰ হৈ পৰিছে সংশ্লিষ্ট বিভাগ ।

লগতে পঢ়ক :সুৰাসক্ত চালকৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰৰ পৰিবহণ বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.