গুৱাহাটী, 2 নৱেম্বৰ : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা ৷ 3 নৱেম্বৰত গুৱাহাটীত উপস্থিত হ'ব ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকসহ ৰাজপৰিয়ালৰ সদস্য ৷ কাজিৰঙা ভ্ৰমণ কৰিব ভুটানৰ ৰজাসহ পৰিয়ালে ৷
শুকুৰবাৰে পুৱা গুৱাহাটীত উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰিব তেওঁ ৷ তাৰ পিছতেই কাজিৰঙালৈ যোৱাৰ সম্ভৱনা আছে ভূটানৰ ৰজাগৰাকীয়ে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চল ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে তেওঁৰ ৷
ভূটানৰ ৰজাক আদৰিবলৈ এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷ ৰাজপৰিয়ালৰ সন্মুখত পৰিৱেশন কৰা হ’ব সংস্কৃতিক কাৰ্যসূচীও ৷ ভূটানৰ ৰজাৰ অসম আগমনক লৈ মহানগৰীত জাৰি কৰা হৈছে পথ নিৰ্দেশনা ৷
নিৰ্দেশনা অনুসৰি 3 নৱেম্বৰ আৰু 4 নৱেম্বৰত 27 নং আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথত 4 চকীয়া আৰু গধুৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহনৰ চলাচল কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ 3 নৱেম্বৰৰ পুৱা 7 বজাৰ পৰা নিশা 11.30 বজালৈ আৰু 4 নৱেম্বৰত পুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈ এই দুটা পথত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷
ইফালে ডিজি ৰোড আৰু এমজি ৰোডত 3 নৱেম্বৰত 3 টা চকা আৰু গধুৰ সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন পুৱা 5 বজাৰ পৰা দিনৰ 2 বজালৈ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ প্ৰেছ বাৰ্তাযোগে এই কথা সদৰী কৰে যান বাহন আৰক্ষীৰ আয়ুক্তই ৷
উল্লেখ্য যে, শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিব ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ৷ ৰাজ্যৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৱাংচুকে ৷ গুৱাহাটীত প্ৰথম দিনটো অতিবাহিত কৰাৰ পাচত তেওঁ শনিবাৰে কাজিৰঙালৈ যোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক : Bhutan King Assam Visit : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ভূটানৰ ৰজা