ETV Bharat / state

ফাঁচী বজাৰৰ পাইকাৰী বজাৰ স্থানান্তৰক লৈ ব্যৱসায়ীৰ বিৰোধিতা - fancy bazar north Guwahati

বিখ্যাত ফাঁচী বজাৰক উত্তৰ গুৱাহাটীলৈ লৈ যোৱাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে বজাৰখনৰ ব্যৱসায়ীসকলে ৷ গ্ৰাহকসকলৰো হ’ব অসুবিধা ৷ উত্তৰ গুৱাহাটীলৈ বজাৰখন লৈ গ’লে ফাঁচী বজাৰ ইতিহাস হৈ পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে ব্যৱসায়ীসকলে ৷

Fancy Bazar shifting
ফাঁচী বজাৰৰ পাইকাৰী বজাৰ স্থানান্তৰক লৈ ব্যৱসায়ীৰ বিৰোধিতা
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:29 PM IST

ফাঁচী বজাৰৰ পাইকাৰী বজাৰ স্থানান্তৰক লৈ ব্যৱসায়ীৰ বিৰোধিতা

গুৱাহাটী, ২৮ নৱেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ক স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে ৰাজ্য চৰকাৰে এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰস্বৰূপ ফাঁচী বজাৰৰ পাইকাৰী বজাৰখন স্থানান্তৰৰ পৰিকল্পনা লৈছে । ইয়াকে লৈ ফাঁচীবজাৰত বছৰ বছৰ ধৰি ব্যৱসায় কৰি অহা ব্যৱসায়ীসকল‌ শংকিত হৈ পৰিছে ।

ফাঁচীবজাৰৰ‌ অধিকাংশ ব্যৱসায়ীয়ে চৰকাৰৰ এই পৰিকল্পনাৰ বিৰোধিতা কৰিছে । উল্লেখ্য যে, গুৱাহাটী উন্নয়ন তথা নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহলে মঙলবাৰে কয় যে মহানগৰীত যান-জঁটৰ সমস্যাৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ফাঁচী বজাৰৰ পাইকাৰী বজাৰখন স্থানান্তৰৰ বিকল্প নাই ।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে ফাঁচী বজাৰ এলেকাত থকা শাক-পাচলিৰ পাইকাৰী বজাৰখন পামহীলৈ স্থানান্তৰ কৰা হৈছিল । এইবাৰ সমগ্ৰ পাইকাৰী বজাৰখনেই চাংসাৰী নতুবা উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ প্ৰস্তাৱ লোৱা হৈছে আৰু তাৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত সংহত মাষ্টাৰ প্লেনো যুগুতাই উলিওৱা হৈছে ।

মন্ত্ৰীগৰাকীয়ে কয় যে মহানগৰীখনক ভয়াৱহ যানজঁটৰ পৰা উদ্ধাৰৰ বাবে যি মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছে, তাৰ অংশ হিচাবেই ফাঁচী বজাৰৰ পাইকাৰী বজাৰ স্থানান্তৰ কৰা হ'ব ৷ বজাৰখন চাংসাৰী বা উত্তৰ গুৱাহাটীত হ'লে সামগ্ৰী সৰবৰাহকাৰী যান-বাহনবোৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ নকৰাকৈ বাহিৰে বাহিৰে যাতায়াত কৰিব পাৰিব আৰু গুৱাহাটীত পথচাৰী-যাত্ৰী-চালকে যানজঁটৰ পৰা সকাহ পাব বুলি তেওঁ মন্তব্য কৰে ।

মন্ত্ৰীগৰাকীয়ে কয় যে নতুন দিল্লীৰ কনচাল্টিং ইঞ্জিনীয়াৰিং ছাৰ্ভিচ (আই) প্ৰাইভেট লিমিটেড নামৰ এক প্ৰতিষ্ঠানে ইয়াৰ সমগ্ৰ নক্সা তৈয়াৰ কৰি দিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লাখটকীয়া ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক নেকিব ইমান শইকীয়াই কয় যে ফাঁচী বজাৰৰ পাইকাৰী বজাৰখনত ১৫ হাজাৰ অধিক ব্যৱসায়ী প্ৰতিষ্ঠান আছে । এইখন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে অন্যতম বানিজ্যিক হাব । চৰকাৰে বজাৰখন স্থানান্তৰ কৰাৰ সিদ্ধান্ত ভুল হৈছে । চৰকাৰে এই পৰিকল্পনা বাতিল কৰা উচিত ।

ইপিনে ফাঁচী বজাৰৰ নিউ মাৰ্কেটৰ ব্যৱসায়ী হীতেশ দাসে কয় যে বজাৰখন স্থানান্তৰ কৰিলে ব্যৱসায়ীসকল ক্ষতিগ্ৰস্ত হ'ব । চৰকাৰৰ এই পৰিকল্পনা ভুল । এই পৰিকল্পনা চৰকাৰে পুনৰ বিবেচনা কৰা উচিত । এনেদৰে ফাঁচীবজাৰৰ কেবাগৰাকীও ‌বৱসায়ীয়ে বজাৰখন চৰকাৰে স্থানান্তৰ কৰাৰ বিৰোধিতা কৰি চৰকাৰৰ এই পৰিকল্পনা বাতিল কৰাৰ দাবী জনাইছে ।

ব্যৱসায়ীসকলৰ এই দাবীৰ‌ প্ৰতি মুখ্যমন্ত্ৰী‌‌ হিমন্ত‌ বিশ্ব শৰ্মাই কিধৰণৰ সঁহাৰি দিয়ে সেয়া সময়হে ক'ব ।

লগতে পঢ়ক : সাজু মাষ্টাৰ প্লেন! ইতিহাস হৈ পৰিব নেকি ঐতিহ্যপূৰ্ণ ফাঁচী বজাৰ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.