গুৱাহাটী, ২৭ ফেব্ৰুৱাৰীঃ বুধবাৰে গুৱাহাটীৰ কামাখ্যা ৰে'লৱে ষ্টেচনত উদ্বোধন কৰা হয় এখন বিশেষ ৰে'ল। Awsome Assam-ৰ অধীনত মুকলি কৰা হয় এই বিশেষ ৰে'লখন। এই ৰেলখনৰ জৰিয়তে প্ৰদৰ্শিত কৰা হ'ব অসমৰ বিভিন্ন কলা সংস্কৃতি।
উদ্বোধনৰ পিচতে সাংবাদিকৰ আগত উত্তৰ -পূৱৰ পৰা চলা ৰে'ল সমূহত থলুৱা খাদ্য যোগান, কামাখ্যাৰ পৰা বৈষ্ণুদেবী মন্দিৰলৈ পোনপটীয়া ৰে'ল সেৱা আদিৰ দৰে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ কথা উল্লেখ কৰে পৰ্যটন মন্ত্ৰীগৰাকীয়ে। আনহাতে, উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়।